--°C
Loading...
Listen to Article
2 min read
80%
ডি‌জিটেল ডেস্কঃ  ভাৰতীয় দলৰ তাৰকা বেটছমেন লোকেশ ৰাহুল কৰ’নাত আক্ৰান্ত হোৱাৰ খবৰ আহিছে। বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে এই বিষয়ে ঘোষণা কৰিছে। ভাৰতৰ সোঁহতীয়া বিধ্বংসী  বেটছমেনজন ক’ভিডত আক্ৰান্ত হোৱাৰ খবৰে উদ্বিগ্ন কৰি তুলিছে সকলোকে। মন কৰিবলগীয়া যে, জাৰ্মানীত অস্ত্ৰোপচাৰ কৰাৰ পাছত স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছিল ৰাহুল। ইয়াৰ পূৰ্বেও কৰ’নাত আক্ৰান্ত হৈছিল ভাৰতীয় ক্ৰিকেটাৰগৰাকী।

বৃহস্পতিবাৰে অনুষ্ঠিত হয় এপেক্স কাউন্সিলৰ বৈঠক। সেই বৈঠকৰ শেষত সৌৰভে কে এল ৰাহুলৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে জানিবলৈ দিয়ে। বাংগালুৰুত ক’ভিডত আক্ৰান্ত হৈছিল ৰাহুল। জাৰ্মানীত সফল অস্ত্ৰোপচাৰৰ পিছত পুনৰ স্বাভাৱিক অৱস্থালৈ আহিছিল কে এল ৰাহুল। বাংগালুৰু নেচনেল ক্ৰিকেট একাডেমীত তেওঁৰ ৰিহাব আৰু প্ৰশিক্ষণ চলি আছিল। কিন্তু ইয়াৰ মাজতে হঠাৎ কৰ’নাৰ প্ৰাদুৰ্ভাৱৰ বাবে বন্ধ হৈ গ’ল সমগ্ৰ প্ৰক্ৰিয়াটো।

স্মৰ্তব্য যে,  ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰ বাবে ভাৰতীয় দলত কে এল ৰাহুলক নিযুক্তি দিছে। অৱশ্যে, ঘোষিত দলটোত বিচিচিআইৰ জ্যেষ্ঠ নিৰ্বাচকসকলে উল্লেখ কৰিছে যে, ৰাহুলৰ খেলিব নে নাই সেয়া  তেওঁৰ ফিটনেছৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিব। অৱশ্যে, কৰ’নাৰ বাবে কে এল ৰাহুলৰ ৱেষ্ট ইণ্ডিজ ভ্ৰমণ এতিয়া প্ৰায় বিপন্ন হৈ পৰিছে। ক্ৰিকেটাৰগৰাকী অতি সোনকালে আৰোগ্য হৈ উঠাৰ বাবে প্ৰাৰ্থনা জনাইছে ক্ৰীড়ানুৰাগীয়ে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ