--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় দলৰ উইকেটৰক্ষক বেটাৰ ঋষভ পণ্ট শেহতীয়াকৈ আন্ত: ৰাষ্ট্ৰীয় ক্ৰিকেটত নিজ কেৰিয়াৰৰ শ্ৰেষ্ঠতম ফৰ্মত আছে। যোৱা দুই-তিনিবছৰৰ পৰা টেষ্ট ক্ৰিকেটত নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰাৰ পাছত শেহতীয়াকৈ সীমিত অভাৰৰ ক্ৰিকেটতো পণ্টে নিজৰ যোগ্যতাৰ প্ৰমাণ কৰিছে। মহেন্দ্ৰ সিং ধোনীৰ অৱসৰৰ পাছত ভাৰতীয় দলৰ উইকেটৰক্ষকৰ দায়িত্ব বহন কৰা পণ্টে কেৰিয়াৰৰ প্ৰাথমিক সময়চোৱাত প্ৰদৰ্শনৰ বাবে বিৰূপ সমালোচনাৰ সন্মুখীন হৈছিল। 

কিন্তু এইগৰাকী পণ্টেই সম্প্ৰতি নিজৰ চমকপ্ৰদ বেটিং শৈলীৰে সমালোচকৰ মুখ বন্ধ কৰিছে। এতিয়া ক্ৰিকেট বিশ্বৰ সকলোৱেই পণ্টৰ প্ৰশংসাত পঞ্চমুখ। সাম্প্ৰতিক সময়ত আনাত:ৰাষ্ট্ৰীয় ক্ৰিকেটত অন্যতম শ্ৰেষ্ঠ উইকেটৰক্ষক বেটাৰ হিচাপে স্বীকৃত হৈছে পণ্ট। আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটৰ বহুকেইজন প্ৰাক্তন ৰথী-মহাৰথীয়ে ইতিমধ্যে পণ্টৰ বেটিং শৈলীক উচ্চ প্ৰশংসাৰে উপচাই পেলাইছে। বাদ পৰা নাই পাকিস্তানৰ প্ৰাক্তন তাৰকা বলাৰ ছোৱেইব আখটাৰো।

এসময়ত ক্ৰিকেট ফিল্ডত ভাৰত-পাকিস্তানৰ খেলৰ সময়ত ভাৰতৰ বিৰুদ্ধে সদা আক্ৰমণাত্মক ছোৱেইব আখটাৰে ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছত ভাৰতীয় খেলুৱৈসকলক বহুসময়ত মুকলি প্ৰশংসা কৰি আহিছে। নিজৰ সময়ত এগৰাকী শ্ৰেষ্ঠ খেলুৱৈ হিচাপে আত্মপ্ৰতিষ্ঠা কৰা আখটাৰে ক্ৰিকেট প্ৰতিভা সমূহক সদায়ে প্ৰশংসা বা সমৰ্থন কৰি আহিছে, উপকৃত কৰিছে নানা পৰামৰ্শৰে। 

সম্প্ৰতি পণ্টৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰা আখটাৰে পণ্টক বৰ্তমান সময়ৰ আটাইতকৈ নিৰ্ভীক ক্ৰিকেটাৰ বুলি অভিহিত কৰিছে। বিভিন্ন ধৰণৰ আক্ৰমণাত্মক শ্বটেৰে প্ৰতিপক্ষ বলাৰক বিপাঙত পেলোৱা পণ্টৰ এই শ্বট নিৰ্বাচনকো উচ্চ প্ৰশংসা কৰে আখটাৰে। 

নিজৰ ইউটিউব চেনেলত প্ৰকাশ কৰা এক ভিডিঅ’ত আখটাৰে কয়, "ঋষভ পন্ত এগৰাকী নিৰ্ভীক ক্ৰিকেটাৰ। তেওঁৰ ওচৰত কাট শ্বট, পুল শ্বট, ৰিভাৰ্চ চুইপ, স্লগ চুইপ আৰু পেডেল চুইপ ইত্যাদি সকলো শ্বটেই আছে। পণ্টে ভাৰতীয় দলক অষ্ট্ৰেলিয়াত টেষ্ট মেচত জিকাইছিল, শেহতীয়াকৈ ইংলেণ্ডতো প্ৰায় একক প্ৰচেষ্টাৰে ভাৰতক শৃংখলা জয়ৰ দিশলৈ লৈ গৈছিল।" 

আখটাৰে লগতে পণ্টৰ স্বাস্থ্য সম্পৰ্কেও এক বিশেষ পৰামৰ্শ আগবঢ়ায়। আখটাৰৰ মতে পণ্টে কিছু ওজন হ্ৰাস কৰা উচিত। পণ্টে স্বাস্থ্যৰ যত্ন লৈ কিছু উজন হ্ৰাস কৰিলে এগৰাকী মডেল হিচাপেও আত্মপ্ৰকাশ কৰিব পাৰিব আৰু কোটি কোটি টকা উপাৰ্জন কৰিব পাৰিব বুলি মন্তব্য কৰে আখটাৰে। 

ডিডিঅ’ বাৰ্তাটোত আখটাৰে কয়, "পণ্টৰ ওজন অলপ বেছি। মই আশা কৰোঁ তেওঁ এই দিশটোত গুৰুত্ব দিব। পণ্ট চেহেৰাৰ ফালৰ পৰাও সুদর্শন। তেওঁ এক মডেল হিচাপে আত্মপ্ৰকাশ কৰি কোটি কোটি টকা উপাৰ্জন কৰিব পাৰে। কিয়নো ভাৰতীয় বজাৰখন যথেষ্ট ডাঙৰ। যেতিয়াই কোনো ব্যক্তি ভাৰতত এজন চুপাৰষ্টাৰ হৈ পৰে, তেওঁলোকৰ ওপৰত যথেষ্ট বিনিয়োগ কৰা হয়।" 

ছোৱেইব আখটাৰৰ এই মন্তব্যই এতিয়া ভাইৰেল হৈ পৰিছে। সামাজিক মাধ্যমত আখটাৰৰ এই পৰামৰ্শক লৈ ব্যাপক চৰ্চাত লিপ্ত হৈছে ক্ৰিকেট অনুৰাগী সকল। কোনোবাই যদি আখটাৰক পণ্টৰ প্ৰশংসাৰ বাবে ধন্যবাদ জনাইছে, আন কোনোবাই আকৌ এই বিশেষ পৰামৰ্শৰ বাবে উপহাসো কৰিছে আখটাৰক। পিছে যিয়েই যি নকওক কিয়, আখটাৰৰ মন্তব্যক উলাই কৰাটোও নিশ্চয় সহজ নহয়!

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ