--°C
Loading...
Listen to Article
2 min read
80%

ৰামনগৰ : উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ইটোৰ পাছত সিটো উদ্ভট মন্তব্য কৰা আৰম্ভ কৰিছে তীৰথ সিং ৰাৱটে। দেওবাৰে ৰাৱটে কৰা এটা মন্তব্যই সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিজেপি চৰকাৰৰ মুৰব্বী ৰাৱটে দুখীয়া পৰিয়ালক অধিক ৰেচন লাভ কৰাৰ বাবে ২০টা সন্তান জন্ম দিয়াৰ পৰামৰ্শ দিছে। প্ৰতিজনক চৰকাৰী আঁচনি অনুসৰি যিহেতু ৫ কিলোগ্ৰামকৈ ৰেচন দিয়া হয়, সেয়েহে পৰিয়ালৰ সদস্যৰ সংখ্যা ২০জন হ'লে পৰিয়ালটোৱে ১০০ কিলোগ্ৰাম ৰেচন লাভ কৰিবলৈ সক্ষম হ’ ব।

আৰু পঢ়িব পাৰিব : অসমত কেন্দ্ৰীয় নেতাৰ ভিৰ, আজি শ্বাহ, নাড্ডাৰ প্ৰচাৰ

তেওঁৰ এই উদ্ভট যুক্তিৰ বিষয়ে সংবাদ প্ৰতিষ্ঠান এএনআয়ে প্ৰকাশ কৰিছে। তেওঁ কয়, ‘পৰিয়ালৰ প্ৰতিজন সদস্যকে ৫ কিলোগ্ৰামকৈ ৰেচন দিয়া হয়। যদি এখন ঘৰত ১০জন সদস্য থাকে তেন্তে তেওঁলোকে ৫০ কিলোগ্ৰাম ৰেচন লাভ কৰিব। কিছুমান মানুহে ঈৰ্ষা কৰে যে তেওঁলোকে পৰিয়ালৰ সদস্য কম কাৰণে ১০ কিলোগ্ৰাম ৰেচন পায়, কিন্তু কিছুমানে এক কুইণ্টল ৰেচন লাভ কৰে। কিয়? সময় থাকোঁতে আপোনালোকে কিয় দুটা সন্তান জন্ম দিলে, ২০টা কিয় নিদিলে?’

আৰু পঢ়িব পাৰিব : ভাল খবৰঃ কম মূল্যত বজাৰত উপলব্ধ হ’ব পেট্ৰল-ডিজেল

কেৱল চৰকাৰী ৰেচনৰ আশাতে দৰিদ্ৰ পৰিয়ালক অধিক সন্তান জন্ম দিবলৈ পৰামৰ্শ দিয়া ৰাৱটৰ এই পৰামৰ্শক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে, ১০মাৰ্চত তেওঁ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰূপে শপত লৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ