--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ দেশত দ্য কেৰালা ষ্টৰ’ৰী শীৰ্ষক ছবি খনকলৈ বিতৰ্কৰ সৃষ্টি হৈ আহিছে। কেৰালাৰ পৰা ৩২,০০০ মহিলা-যুৱতী সন্ধানহীন হোৱা আৰু তেওঁলোকে ধৰ্মান্তৰিত হৈ ইছলামিক সন্ত্ৰাসবাদী সংগঠন আইছিছত যোগদান কৰা বুলি ছবি খনত দেখুওৱা হৈছে বুলি বহুতে আলোচনা কৰিছে। ছবি খনৰ বিষয়বস্তুক আলম কৰি লৈয়েই গেৰুৱা বাহিনীয়ে কেৰালাৰ বাও চৰকাৰক সমালোচনাৰে থকা-সৰকা কৰিছে।

 বিজেপি শাসিত মধ্য প্ৰদেশত আনকি ছবি খন কৰমুক্ত বুলি ঘোষণা কৰা হৈছে। এনে সময়তে মোদীৰ ৰাজ্য গুজৰাটৰেই আন এখন ভয়াৱহ ছবি পোহৰলৈ আনিছে নেছনেল ক্ৰাইম ৰেক’ৰ্ড বু্যৰ’ই। কেৰালাৰ পৰা হাজাৰ হাজাৰ মহিলা সন্ধানহীন হোৱাৰ ঘটনা ছবিত দেখুওৱা ঘটনা যদিও মোদীৰ ৰাজ্য গুজৰাটত ঘটা ঘটনাবোৰ পিছে কোনো চিনেমাৰ  ঘটনা নহয়, এয়া বাস্তৱ ঘটনা।  

নেছনেল ক্ৰাইম ৰেক’ৰ্ড বু্যৰ’ই প্ৰকাশ কৰা তথ্য অনুসৰি গুজৰাটত যোৱা  পাঁচ বছৰৰ ভিতৰত ৪০,০০০ ৰো অধিক মহিলা সন্ধানহীনহৈছে । এনচিআৰবিৰ তথ্য অনুসৰি গুজৰাটত ২০১৬ চনত ৭১০৫ গৰাকী মহিলা নিৰুদ্দেশ হৈছিল। একেদৰে  ২০১৭  চনত ৭৭১২; ২০১৮  চনত ৯২৪৬; ২০১৯ চনত ৯২৬৮ ; আৰু ২০২০ চনত ৮২৯০গৰাকী মহিলা সন্ধানহীন হৈছিল।

এনচিআৰবি তথ্যত প্ৰকাশ পোৱা মতে পাঁচ বছৰৰ ভিতৰত গুজৰাটৰ পৰা সন্ধানহীন হোৱা মুঠ মহিলাৰ সংখ্যা হৈছে ৪১,৬২১ গৰাকী।গুজৰাটৰ পৰা এনে ব্যাপক হাৰত মহিলা সন্ধানহীন হোৱাৰ ঘটনা সন্দৰ্ভত প্ৰাক্তন আইপিএছ বিষয়া তথা  গুজৰাট ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ সদস্য সুধীৰ সিনহাই কয়  যে নিৰুদ্দেশৰ  গোচৰক হত্যাৰ গোচৰৰ দৰে গুৰুত্ব সহকাৰে লোৱা নহয়।

সিনহাই "নিৰুদ্দেশ হোৱা গোচৰবোৰ হত্যাৰ ঘটনাৰ দৰেই গুৰুতৰ। যদি শিশু এটা নিৰুদ্দেশ হয়, পিতৃ-মাতৃয়ে তেওঁলোকৰ সন্তানৰ বাবে বছৰৰ পিছত বছৰ ধৰি  অপেক্ষা কৰে। আৰক্ষী ব্যৱস্থাই এনে ধৰণৰ গোচৰত বেছি গুৰুত্ব দিয়া যেন নালাগে"।

প্ৰাক্তন অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) ড০ ৰাজন প্ৰিয়দৰ্শীয়ে কয়  যে নিৰুদ্দেশ হোৱা ছোৱালী আৰু মহিলাৰ বেছিভাগ অভিযোগ মানৱ সৰবৰাহ সম্পৰ্কীয়।
প্ৰিয়দৰ্শীয়ে কয় "যেতিয়া মই খেদা জিলাত (গুজৰাট) এছপি হিচাপে নিযুক্ত হৈ দিছিলো, তেতিয়া এটা ঘটনা ঘটিছিল য'ত উত্তৰ প্ৰদেশৰ এজন দৈনিক মজুৰী কৰা শ্ৰমিকে এজনী ছোৱালীক আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ পৰা অপহৰণ কৰিছিল আৰু তেওঁক  নিজৰ জন্মস্থানলৈ নি বিক্ৰী কৰিছিল। যদিও আমি তেওঁক  বচাবলৈ সক্ষম হৈছিলো, তথাপিও এনে ধৰণৰ বহুসংখ্যক ঘটনাৰ সমাধান হোৱা নাই," ।

বিজেপি চৰকাৰৰ নাৰী শাক্তী শ্ল'গানক লৈ গুজৰাট কংগ্ৰেছৰ মুখপাত্ৰ হীৰেন বেংকাৰে দ্য কেৰালা ষ্ট’ৰীৰ প্ৰসংগ উল্লেখ্য কৰি কয়, "বিজেপি নেতাসকলে কেৰালাত মহিলাৰ সুৰক্ষাৰ বিষয়ে কয় । কিন্তু প্ৰধানমন্ত্ৰী মোদী আৰু  কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে তেওঁলোকৰ নিজৰ ৰাজ্যৰ মহিলাসকলক লৈ চিন্তিত নহয়," ।এনচিআৰবিৰ এনে তথ্যই গেৰুৱা শিৱিৰক বাৰুকৈয়ে শলঠেকত পেলাব বুলি বহুতৰে মাজত আলোচনা হোৱা পৰিলক্ষিত হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে