--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়া পাতি ভয়ংকৰ বিপদত পৰিছে এজন যুৱক। এবাৰ কল্পনা কৰকচোন আপুনি যদি এজন যুৱক আৰু বিয়া পতাৰ পাছত আপুনি যদি গম পায় যে আপুনি যাক বিয়া কৰাইছে তেওঁ মহিলা নহয় এজন পুৰুষহে, তেন্তে আপোনাৰ কেনে লাগিব... সেই অৱস্থাই হৈছে সেই যুৱকজনৰ। 

বিয়া পতাৰ ১২ দিনৰ পাছত যুৱকজনে আৱিষ্কাৰ কৰে যে তেওঁ যাক বিয়া কৰাইছে সেয়া মহিলা নহয়, পুৰুষহে। এই কথা গম পোৱাৰ পাছত যুৱকজনৰ ভৰিৰ তলৰ মাটি খহি পৰিছে। ঘটনাটো ঘটিছে ইণ্ডোনেছিয়াত। যুৱকজনৰ নাম এ কে। 

এ কে নামেৰে ২৬ বছৰীয়া যুৱকজনে আদিন্দা কাঞ্জাৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ ১২ দিনৰ পাছত আৱিষ্কাৰ কৰে যে তেওঁৰ পত্নী মহিলাৰ বেশত এজন পুৰুষহে।

২০২৩ চনত এ কেই কাঞ্জাৰ সৈতে প্ৰথমে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত চিনাকি হৈছিল। তাৰপাছত দুয়োজনে ব্যক্তিগতভাৱেও লগ পাইছিল। এ কেই কয় যে কাঞ্জাই সদায় পৰম্পৰাগত মুছলমান সাজ-পোছাক পিন্ধিছিল, যেতিয়াই তেওঁলোকে লগ পাইছিল তেতিয়াই কাঞ্জাই বোৰ্খা পিন্ধি গোটেই মুখখন ঢাকি ৰাখিছিল। কাঞ্জাই বোৰ্খা আৰু হিজাব পিন্ধাটোত এ কেই সন্দেহৰ দৃষ্টিৰে চোৱা নাছিল কাৰণ এ কেয়ে ভাবিছিল যে ইছলামৰ প্ৰতি কাঞ্জাৰ সেয়া ভক্তিৰ প্ৰতিফলন।

অৱশেষত দুয়ো বিবাহৰ সিদ্ধান্ত লয়। কাঞ্জাই এ কেক জনোৱা মতে, বিবাহ অনুষ্ঠানত উপস্থিত থাকিবলৈ তেওঁৰ কোনো পৰিয়াল নাই। তেওঁ একেবাৰে অকলশৰীয়া। 

এ কেৰ সন্দেহৰ আৰম্ভণি হৈছিল তেতিয়া, যেতিয়া বিয়াৰ পাছতো কাঞ্জাই তেওঁৰ পৰা নিজৰ মুখখন লুকুৱাই ৰাখিছিল আৰু পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে সামাজিকভাৱে মিলিজুলি থাকিবলৈ অস্বীকাৰ কৰিছিল। অভিযোগ অনুসৰি কাঞ্জাই বিয়াৰ পাছত এ কেৰ পৰা দূৰে দূৰে আছিল। মাহেকীয়া ঋতুচক্ৰৰ পৰা আৰম্ভ কৰি দেহৰ অসুস্থ অনুভৱ কাৰণ দোহাই এ কেৰ সৈতে অন্তৰংগ হোৱাৰ পৰা আঁতৰি ফুৰিছিল কাঞ্জা।

সন্দেহ বাঢ়ি অহাৰ লগে লগে ১২ দিনৰ পাছত এ কেয়ে পত্নীৰ বিষয়ে তদন্ত কৰাৰ সিদ্ধান্ত ল’লে। তেওঁ গম পালে যে কাঞ্জাৰ মাক-দেউতাক এতিয়াও জীয়াই আছে। আচৰিত কথাটো হ’ল কাঞ্জাৰ লগত তেওঁৰ বিবাহৰ বিষয়ে মাক-দেউতাকে গম পোৱা নাছিল। তেওঁ এইটোও আৱিষ্কাৰ কৰে যে কাঞ্জা আচলতে এজন পুৰুষ। 

এই সম্পৰ্কে এ কেই আৰক্ষীক গোচৰ দিয়ে। আৰক্ষীৰ তদন্তৰ সময়ত কাঞ্জাই প্ৰকাশ কৰে যে তেওঁ এ কেক তেওঁৰ পৰিয়ালৰ সম্পত্তি চুৰি কৰিবলৈ বিয়া কৰাইছিল। 

''তেওঁলোকৰ বিয়াৰ ফটো চালে আদিন্দা কাঞ্জাক হুবহু প্ৰকৃত মহিলাৰ দৰেই দেখা যায়। তেওঁৰ মাত আৰু সুৰ কোমল, গতিকে তেওঁ মহিলা হোৱাৰ ওপৰত একেবাৰেই কোনো সন্দেহ নাছিল।'' আৰক্ষীয়ে কয়।

ইণ্ডোনেছিয়াৰ আইন অনুসৰি কাঞ্জাৰ বিৰুদ্ধে জালিয়াতিৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছে আৰু তেওঁ চাৰি বছৰ পৰ্যন্ত কাৰাদণ্ডৰ সন্মুখীন হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক