--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহিলাগৰাকী সন্ধানহীন হোৱাৰ তিনিদিন হৈছিল৷ বহু বিচাৰিও তেওঁৰ সন্ধান উলিয়াব পৰা হোৱা নাছিল৷ অৱশেষত মহিলাগৰাকীৰ সন্ধান ওলাল অজগৰৰ পেটত৷ মধ্য ইণ্ডোনেছিয়াত অজগৰৰ  পেটৰ পৰা  মৃত অৱস্থাত উদ্ধাৰ হৈছে মহিলাগৰাকীৰ দেহ৷ ফৰিদা নামৰ মহিলাগৰাকীৰ মৃতদেহ   সাপৰ পেটৰ  ভিতৰত সম্পূৰ্ণ কাপোৰ পিন্ধি থকা অৱস্থাতে  উদ্ধাৰ কৰা হয়।

এনেধৰণৰ ঘটনা অত্যন্ত বিৰল বুলি গণ্য কৰা হয়৷ ৪৫ বছৰীয়া ফৰিদাৰ স্বামী আৰু দক্ষিণ চুলাৱেছি প্ৰদেশৰ কালেম্পাং গাঁৱৰ বাসিন্দাসকলে শুকুৰবাৰে তেওঁক প্ৰায় পাঁচ মিটাৰ (১৬ ফুট) দীঘল অজগৰডাল পৰি থকা দেখি সন্দেহ হয়৷  চাৰিটা সন্তানৰ মাতৃগৰাকীক অজগৰে ভক্ষণ কৰিব পাৰে বুলি সন্দেহ কৰি একাংশ লোকে অজগৰ ডালৰ পেট ফালি পেলোৱাৰ সিদ্ধান্ত লয়৷  অৱশেষত অজগৰৰ পেটৰ পৰা উদ্ধাৰ হয় সম্পূর্ণ সাজ-পোছাক পিন্ধা অৱস্থাতে ফৰিদাৰ মৃতদেহ৷

এনে ঘটনা অতি বিৰল বুলি গণ্য কৰা হয় যদিও ইণ্ডোনেছিয়াত যোৱা কিছু বছৰত পাইথনে গোটেই গিলি পেলোৱাৰ পিছত কেইবাজনো লোকৰ মৃত্যু হৈছে।  যোৱা কিছু বছৰত ইণ্ডোনেছিয়াত অজগৰে কেইবাজনো লোকক ভক্ষণ কৰিছে৷   ২০১৮ চনত দক্ষিণ-পূব চুলাৱেছিৰ মুনা চহৰত সাত মিটাৰ দৈৰ্ঘ্যৰ অজগৰৰ পেটৰ ভিতৰতো  এগৰাকী ৫৪ বছৰীয়া মহিলাক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল৷  

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন