--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহিলাগৰাকী সন্ধানহীন হোৱাৰ তিনিদিন হৈছিল৷ বহু বিচাৰিও তেওঁৰ সন্ধান উলিয়াব পৰা হোৱা নাছিল৷ অৱশেষত মহিলাগৰাকীৰ সন্ধান ওলাল অজগৰৰ পেটত৷ মধ্য ইণ্ডোনেছিয়াত অজগৰৰ  পেটৰ পৰা  মৃত অৱস্থাত উদ্ধাৰ হৈছে মহিলাগৰাকীৰ দেহ৷ ফৰিদা নামৰ মহিলাগৰাকীৰ মৃতদেহ   সাপৰ পেটৰ  ভিতৰত সম্পূৰ্ণ কাপোৰ পিন্ধি থকা অৱস্থাতে  উদ্ধাৰ কৰা হয়।

এনেধৰণৰ ঘটনা অত্যন্ত বিৰল বুলি গণ্য কৰা হয়৷ ৪৫ বছৰীয়া ফৰিদাৰ স্বামী আৰু দক্ষিণ চুলাৱেছি প্ৰদেশৰ কালেম্পাং গাঁৱৰ বাসিন্দাসকলে শুকুৰবাৰে তেওঁক প্ৰায় পাঁচ মিটাৰ (১৬ ফুট) দীঘল অজগৰডাল পৰি থকা দেখি সন্দেহ হয়৷  চাৰিটা সন্তানৰ মাতৃগৰাকীক অজগৰে ভক্ষণ কৰিব পাৰে বুলি সন্দেহ কৰি একাংশ লোকে অজগৰ ডালৰ পেট ফালি পেলোৱাৰ সিদ্ধান্ত লয়৷  অৱশেষত অজগৰৰ পেটৰ পৰা উদ্ধাৰ হয় সম্পূর্ণ সাজ-পোছাক পিন্ধা অৱস্থাতে ফৰিদাৰ মৃতদেহ৷

এনে ঘটনা অতি বিৰল বুলি গণ্য কৰা হয় যদিও ইণ্ডোনেছিয়াত যোৱা কিছু বছৰত পাইথনে গোটেই গিলি পেলোৱাৰ পিছত কেইবাজনো লোকৰ মৃত্যু হৈছে।  যোৱা কিছু বছৰত ইণ্ডোনেছিয়াত অজগৰে কেইবাজনো লোকক ভক্ষণ কৰিছে৷   ২০১৮ চনত দক্ষিণ-পূব চুলাৱেছিৰ মুনা চহৰত সাত মিটাৰ দৈৰ্ঘ্যৰ অজগৰৰ পেটৰ ভিতৰতো  এগৰাকী ৫৪ বছৰীয়া মহিলাক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল৷  

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক