--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰুৱা মাটিত এছিয়া কাপৰ দূৰ্দান্ত আৰম্ভণি ঘটালে পাকিস্তানে। বুধবাৰে এছিয়া কাপ ২০২৩ৰ উদ্বোধনী মেচত পাকিস্তানে নেপালৰ বিৰুদ্ধে ২৩৮ ৰানৰ বৃহৎ জয়লাভ কৰে। ইয়াৰ মূলতে আছিল বাবৰ আজম আৰু ইফতিখাৰ আহমেদৰ অগ্নিময় শতক আৰু তাৰ পিছত ছাদাব খানৰ তিনিটা উইকেট লাখ।

প্ৰথমে বেটিং কৰি পাকিস্তানে ৬ উইকেটত ৩৪২ ৰান সংগ্ৰহ কৰে। পাকিস্তানৰ  এই দূৰ্দান্ত স্থিতিৰ মূলতে আছিল বাবৰ আজমৰ ১৩১ টা বলত ১৫১ ৰাণ আৰু ইফটিকাৰ আহমেদে ৭১ টা বলত কৰা ১০১ ৰাণৰ দুটা ইনিংছ। ইনিংছৰ আৰম্ভণিৰ ফালে বেটিং খহনীয়া হ’লেও মহম্মদ ৰিজৱান (৪৪) আৰু বাবৰে মিডল অৰ্ডাৰ চম্ভালি লয়। নেপালৰ হৈ দুটাকৈ উইকেট লাভ কৰে চম্পাল কামিয়ে।

আনহাতে, বিশাল লক্ষ্য আগত লৈ মাত্ৰ ১০৪ ৰাণতে অল আউট হয় নেপাল। চম্পাল কামীয়ে ২৮ আৰু আৰিফ শ্বেইখৰ ২৬ ৰাণৰ বাদে কোনেও ২০ৰ ঘৰ অতিক্ৰমিব নোৱাৰিলে। পাকিস্তানৰ হৈ ছাদাব খানে ৪টা আৰু স্বাহিন আফ্ৰিদি আৰু হাৰিছ ৰৌফে দুটাকৈ উইকেট দখল কৰে।

উল্লেখ্য যে ১৫১ ৰাণৰ দূৰ্দান্ত ইনিংছটোৰ দ্বাৰা অভিলে গঢ়ে বাবৰে। এই পৰ্যন্ত খৰতকীয়াকৈ ১৯টাকৈ শতক অৰ্জন কৰাৰ ক্ষেত্ৰত হাছিম আমলাক অতিক্ৰমে বাবৰে। পাকিস্তানৰ অধিনায়কগৰাকীয়ে ১০২ খন মেচত ইমান পৰিমাণৰ শতক অৰ্জনৰ কৃতিত্ব অৰ্জন কৰিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু