--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰুৱা মাটিত এছিয়া কাপৰ দূৰ্দান্ত আৰম্ভণি ঘটালে পাকিস্তানে। বুধবাৰে এছিয়া কাপ ২০২৩ৰ উদ্বোধনী মেচত পাকিস্তানে নেপালৰ বিৰুদ্ধে ২৩৮ ৰানৰ বৃহৎ জয়লাভ কৰে। ইয়াৰ মূলতে আছিল বাবৰ আজম আৰু ইফতিখাৰ আহমেদৰ অগ্নিময় শতক আৰু তাৰ পিছত ছাদাব খানৰ তিনিটা উইকেট লাখ।

প্ৰথমে বেটিং কৰি পাকিস্তানে ৬ উইকেটত ৩৪২ ৰান সংগ্ৰহ কৰে। পাকিস্তানৰ  এই দূৰ্দান্ত স্থিতিৰ মূলতে আছিল বাবৰ আজমৰ ১৩১ টা বলত ১৫১ ৰাণ আৰু ইফটিকাৰ আহমেদে ৭১ টা বলত কৰা ১০১ ৰাণৰ দুটা ইনিংছ। ইনিংছৰ আৰম্ভণিৰ ফালে বেটিং খহনীয়া হ’লেও মহম্মদ ৰিজৱান (৪৪) আৰু বাবৰে মিডল অৰ্ডাৰ চম্ভালি লয়। নেপালৰ হৈ দুটাকৈ উইকেট লাভ কৰে চম্পাল কামিয়ে।

আনহাতে, বিশাল লক্ষ্য আগত লৈ মাত্ৰ ১০৪ ৰাণতে অল আউট হয় নেপাল। চম্পাল কামীয়ে ২৮ আৰু আৰিফ শ্বেইখৰ ২৬ ৰাণৰ বাদে কোনেও ২০ৰ ঘৰ অতিক্ৰমিব নোৱাৰিলে। পাকিস্তানৰ হৈ ছাদাব খানে ৪টা আৰু স্বাহিন আফ্ৰিদি আৰু হাৰিছ ৰৌফে দুটাকৈ উইকেট দখল কৰে।

উল্লেখ্য যে ১৫১ ৰাণৰ দূৰ্দান্ত ইনিংছটোৰ দ্বাৰা অভিলে গঢ়ে বাবৰে। এই পৰ্যন্ত খৰতকীয়াকৈ ১৯টাকৈ শতক অৰ্জন কৰাৰ ক্ষেত্ৰত হাছিম আমলাক অতিক্ৰমে বাবৰে। পাকিস্তানৰ অধিনায়কগৰাকীয়ে ১০২ খন মেচত ইমান পৰিমাণৰ শতক অৰ্জনৰ কৃতিত্ব অৰ্জন কৰিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক