--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰ আৰু পশ্চিমবংগ চৰকাৰৰ মাজৰ বিতৰ্কই পুৰ লৈছে চূড়ান্ত ৰূপ৷শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ৰেচনৰ দোকানত প্ৰধানমন্ত্ৰী মোদীৰ পোষ্টাৰ লগোৱাত পশ্চিমবংগ চৰকাৰে বাধা দিয়া বাবে ৭ হাজাৰ কোটি টকা বন্ধ কৰি ৰাখিছে।

মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ চৰকাৰে ৰাজ্যজুৰি ৰেচনৰ দোকানত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন (এন এফ এছ এ)ৰ ল’গো আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছবি প্ৰদৰ্শন কৰিবলৈ কেন্দ্ৰৰ নিৰ্দেশ মানি চলা নাই বাবে মমতা বেনাৰ্জী চৰকাৰ ৰোষত পৰিছে৷

পশ্চিমবংগ চৰকাৰৰ বন্ধ কৰা ধনৰাশি আছিল কেন্দ্ৰীয় আঁচনিৰ বাবে ধান ক্ৰয়ৰ বাবে। নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদন অনুসৰি ৰাজ্য চৰকাৰৰ বিষয়াসকলে কয় যে কেন্দ্ৰই এই ধন পৰিশোধ কৰিবলৈ অস্বীকাৰ কৰাটোৱে চলিত বিত্তীয় বৰ্ষত ৰাজ্যৰ ধান সংগ্ৰহৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে।ৰাজ্য চৰকাৰৰ এগৰাকী বিষয়াই ইণ্ডিয়ান এক্সপ্ৰেছক জনাইছে যে, ‘চলিত বিত্তীয় বৰ্ষত কেন্দ্ৰীয় পুলৰ বাবে এনএফএছএ আঁচনিৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে ৮.৫২ লাখ টন ক্ৰয় কৰিছে। এই বছৰ ৭০ লাখ টন বাৰ্ষিক লক্ষ্যৰ বিপৰীতে কেন্দ্ৰীয় পুলৰ পৰিমাণকে ধৰি ২২ লাখ টন ধান ক্ৰয় কৰিছে। কিন্তু ক্ৰয় কৰা ধানৰ ধন এতিয়াও ৰাজ্য চৰকাৰক দিয়া হোৱা নাই৷’

উল্লেখ্য যে ব্ৰেণ্ডিঙৰ বিষয়ত নৰেন্দ্ৰ মোদী চৰকাৰে পশ্চিম বংগলৈ ধন বন্ধ কৰা এইটোৱেই প্ৰথম ঘটনা নহয়। বিগত বৰ্ষৰ নৱেম্বৰ মাহত বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ লিখি স্বাস্থ্যকেন্দ্ৰসমূহৰ বাবে বন্ধ হৈ থকা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত পুঁজি মুকলি কৰিবলৈ অনুৰোধ জনাইছিল।

স্মৰ্তব্য যে কেন্দ্ৰীয় চৰকাৰে মেট্ৰ’ ষ্টেচন আৰু স্বাস্থ্য সুবিধাকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠানসমূহত ‘গেৰুৱা’ ৰঙেৰে ৰং কৰাৰ পৰিকল্পনা কৰিছিল।

ৰাজ্য চৰকাৰে এই পদক্ষেপৰ বিৰোধিতা কৰি কয় যে, ‘২০১১ চনৰ পৰা এই অট্টালিকাসমূহ ৰাজ্যিক ৰঙেৰে নিৰ্মাণ কৰা হৈছে। অত্যন্ত দুৰ্ভাগ্যজনক যে শেহতীয়াকৈ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে অন্যান্য চৰ্ত পূৰণ কৰাৰ পাছতো স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰসমূহৰ বাবে কিছুমান ৰঙৰ ব্ৰেণ্ডিং-নিৰ্দেশনা পালন নকৰাৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত ধন বন্ধ কৰি দিছে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক