--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰ আৰু পশ্চিমবংগ চৰকাৰৰ মাজৰ বিতৰ্কই পুৰ লৈছে চূড়ান্ত ৰূপ৷শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ৰেচনৰ দোকানত প্ৰধানমন্ত্ৰী মোদীৰ পোষ্টাৰ লগোৱাত পশ্চিমবংগ চৰকাৰে বাধা দিয়া বাবে ৭ হাজাৰ কোটি টকা বন্ধ কৰি ৰাখিছে।

মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ চৰকাৰে ৰাজ্যজুৰি ৰেচনৰ দোকানত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন (এন এফ এছ এ)ৰ ল’গো আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছবি প্ৰদৰ্শন কৰিবলৈ কেন্দ্ৰৰ নিৰ্দেশ মানি চলা নাই বাবে মমতা বেনাৰ্জী চৰকাৰ ৰোষত পৰিছে৷

পশ্চিমবংগ চৰকাৰৰ বন্ধ কৰা ধনৰাশি আছিল কেন্দ্ৰীয় আঁচনিৰ বাবে ধান ক্ৰয়ৰ বাবে। নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদন অনুসৰি ৰাজ্য চৰকাৰৰ বিষয়াসকলে কয় যে কেন্দ্ৰই এই ধন পৰিশোধ কৰিবলৈ অস্বীকাৰ কৰাটোৱে চলিত বিত্তীয় বৰ্ষত ৰাজ্যৰ ধান সংগ্ৰহৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে।ৰাজ্য চৰকাৰৰ এগৰাকী বিষয়াই ইণ্ডিয়ান এক্সপ্ৰেছক জনাইছে যে, ‘চলিত বিত্তীয় বৰ্ষত কেন্দ্ৰীয় পুলৰ বাবে এনএফএছএ আঁচনিৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে ৮.৫২ লাখ টন ক্ৰয় কৰিছে। এই বছৰ ৭০ লাখ টন বাৰ্ষিক লক্ষ্যৰ বিপৰীতে কেন্দ্ৰীয় পুলৰ পৰিমাণকে ধৰি ২২ লাখ টন ধান ক্ৰয় কৰিছে। কিন্তু ক্ৰয় কৰা ধানৰ ধন এতিয়াও ৰাজ্য চৰকাৰক দিয়া হোৱা নাই৷’

উল্লেখ্য যে ব্ৰেণ্ডিঙৰ বিষয়ত নৰেন্দ্ৰ মোদী চৰকাৰে পশ্চিম বংগলৈ ধন বন্ধ কৰা এইটোৱেই প্ৰথম ঘটনা নহয়। বিগত বৰ্ষৰ নৱেম্বৰ মাহত বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ লিখি স্বাস্থ্যকেন্দ্ৰসমূহৰ বাবে বন্ধ হৈ থকা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত পুঁজি মুকলি কৰিবলৈ অনুৰোধ জনাইছিল।

স্মৰ্তব্য যে কেন্দ্ৰীয় চৰকাৰে মেট্ৰ’ ষ্টেচন আৰু স্বাস্থ্য সুবিধাকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠানসমূহত ‘গেৰুৱা’ ৰঙেৰে ৰং কৰাৰ পৰিকল্পনা কৰিছিল।

ৰাজ্য চৰকাৰে এই পদক্ষেপৰ বিৰোধিতা কৰি কয় যে, ‘২০১১ চনৰ পৰা এই অট্টালিকাসমূহ ৰাজ্যিক ৰঙেৰে নিৰ্মাণ কৰা হৈছে। অত্যন্ত দুৰ্ভাগ্যজনক যে শেহতীয়াকৈ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে অন্যান্য চৰ্ত পূৰণ কৰাৰ পাছতো স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰসমূহৰ বাবে কিছুমান ৰঙৰ ব্ৰেণ্ডিং-নিৰ্দেশনা পালন নকৰাৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত ধন বন্ধ কৰি দিছে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু