--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশত মঙলবাৰৰ দিনটোত ক’ভিডত মৃত্যু হৈছে ৩,৭৮০জন লোকৰ। দেশত এদিনতে মৃত্যু হোৱা লোকৰ এয়াই সৰ্বাধিক সংখ্যা। দেশত এতিয়া ২,২৬,১৮৮লৈ বৃদ্ধি পাইছে ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা। বিগত ২৪ঘণ্টাত দেশত ৩.৮২লাখ আক্ৰান্ত নতুনকৈ চিনাক্ত হৈছে। ফলত দেশত আক্ৰান্তৰ মুঠ সংখ্যা বৃদ্ধি পাইছে ২.০৬ কোটিলৈ।

আৰু পঢ়িব পাৰিব : IPL-ৰ বাবে ১০০০কোটি টকাৰ ক্ষতিপূৰণ দিব লাগিব BCCI-এ

দেশৰ স্বাস্থ্যখণ্ডত তীব্ৰ প্ৰত্যাহ্বান সৃষ্টি কৰা ক’ভিডৰে মোকাবিলা কৰাৰ বাবে দেশত লকডাউন বলৱৎ কৰাৰ দাবী এতিয়া বিভিন্নজনে কৰিবলৈ আৰম্ভ কৰিছে। দেশত টিকাকৰণ অভিযানক অধিক গতি প্ৰদানৰ বাবেও চেষ্টা চলাই থকা হৈছে। ইফালে, দেশৰ ভিতৰতে আটাইতকৈ ক্ষতিগ্ৰস্ত মহাৰাষ্ট্ৰত বিগত ২৪ ঘণ্টাত ৫১,৮৮০জন আক্ৰান্ত চিনাক্ত হৈছে।

আৰু পঢ়িব পাৰিব : লকডাউনৰ দেশেই আগবাঢ়িছে দেশ! পুনৰ কোনে জনালে দাবী?

কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুত ক’ভিড আক্ৰান্তৰ সংখ্যা তিনি লাখৰো অধিক হৈছে। সকাহৰ কথা এইটোৱেই যে, দেশত এতিয়াও চিকিৎসাধীন ৰোগীৰ সংখ্যা ব্যাপকভাৱে বৃদ্ধি পোৱা নাই। এতিয়া দেশত ৪০,০৯৬ ৰোগী চিকিৎসাধীন হৈ আছে। আৰোগ্যৰ সংখ্যা বাঢ়িছে প্ৰায় ১ কোটি ৭০ লাখলৈ। বিগত ২৪ঘণ্টাত ৩ লাখ ৩৮ হাজাৰৰো অধিক লোকে আৰোগ্য লাভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু