--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : আজি ক্ৰমাগত তৃতীয়বাৰৰ বাবে বংগৰ মুখ্যমন্ত্ৰীৰ শপত ল’লে মমতা বেনাৰ্জীয়ে। বিজেপিৰ প্ৰবল প্ৰত্যাহ্বানক নেওচি মমতাই চমকপ্ৰদ জয়েৰে শাসন নিজৰ হাতৰ মুঠিত ৰাখিবলৈ সক্ষম হ’ল যদিও নিৰ্বাচনোত্তৰ হিংসাই বংগক আজিও অস্থিৰ কৰি ৰাখিছে। ভালেমান লোকে প্ৰাণ হেৰুৱাইছে এই হিংসাত। যাৰ বাবে স্বাভাৱিকতে অস্বস্তিত পৰিছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী।

আৰু পঢ়িব পাৰিব : কৰ’নাৰ হটস্পট : গুৱহাটীৰ বহু অঞ্চল হ’ব কণ্টেইনমেণ্ট জ’ন, চাওক সবিশেষ

আজি শপত লোৱাৰ পাছতে মমতাই এই পৰিস্থিতিক লৈ কঠোৰ বাৰ্তাৰ সন্মুখীন হ’ল। ৰাজ্যপাল জগদীপ ধানখৰে শপত লোৱাৰ পাছতে মমতালৈ কঠোৰ বাৰ্তা প্ৰেৰণ কৰে। তেওঁ কয়, ‘আমাৰ প্ৰাথমিক প্ৰাধান্য হৈছে অতি অবাঞ্চিত আৰু ভয়ংকৰ নিৰ্বাচনোত্তৰ হিংসা বন্ধ কৰোঁৱা। মই বিশ্বাস কৰোঁ যে, মুখ্যমন্ত্ৰী, মোৰ কনিষ্ঠ ভগ্নীয়ে ৰাজ্যখনত আইনৰ শাসন প্ৰণয়নৰ বাবে সকলো কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব।’ মমতাক কনিষ্ঠ ভগ্নী বুলি সম্বোধন কৰিও হিংসা প্ৰতিৰোধৰ কঠোৰ বাৰ্তা দিয়ে ৰাজ্যপালগৰাকীয়ে।

আৰু পঢ়িব পাৰিব : সম্ভাৱনা! UAE-লৈ স্থানান্তৰ হব পাৰে আইপিএল-২০২১

উল্লেখ্য যে, নিৰ্বাচনোত্তৰ হিংসাই ৰাজ্যখনত ভালেমান লোকৰ প্ৰাণ কাঢ়িছে। বিজেপি আৰু তৃণমূল উভয়েই পৰস্পৰৰ বিৰুদ্ধে হিংসাৰ অভিযোগ আনিছে আৰু আক্ৰমণ প্ৰত্যাক্ৰমণো চলি আছে। ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়েও বংগৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰে। মমতা বেনাৰ্জীয়ে শান্তিৰ আহ্বান জনাইছে যদিও ৰাজ্যখনৰ পৰিস্থিতি স্বাভাৱিক কৰি তোলাৰ বাবে অধিক কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰাটো জৰুৰী হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ