--°C
Loading...
Listen to Article
2 min read
80%

কৰ্ণাটক : দেশজুৰি কৰ’নাৰ সংহাৰী ৰূপ।লকডাউনত স্তব্ধ কেইবাখনো ৰাজ্য। বেলাগামতো পৰিস্থিতি ভয়াৱহ। কেন্দ্রৰ প্ৰতি আহ্বান জনাই এইবাৰ লকডাউনক লৈ প্ৰশ্ন ৰাহুল গান্ধীৰ। মঙলবাৰে টুইটাযোগে কংগ্রেছ নেতাজনে সদৰি কৰিছে, 'ভাৰত চৰকাৰে এই কথা নুবুজে যে,কৰ’না সংক্রমণ ৰোধৰ একমাত্র পথ এতিয়া সম্পূর্ণ লকডাউন।' ন্যূনতম আয়ৰ প্ৰতি দৃষ্টিৰ ৰাখি লকডাউন ঘোষাণাৰ বাবে আহ্বান ৰাহুল গান্ধীৰ।

আৰু পঢ়িব পাৰিব : ক’ভিড সংক্ৰমণ, অনাকাংক্ষিত অভিলেখ ডিব্ৰুগড় জিলাৰ


কৰ’নাৰ দ্বিতীয় ঢৌত সংক্রমণৰ হাৰ তীব্ৰ গতিত বৃদ্ধি পোৱাৰ পাছতো লকডাউন দিয়া নহ’ব বুলি কেন্দ্র চৰকাৰে বাৰম্বাৰ আশ্বস্ত কৰিছিল। দেশবাসীক উদ্দেশ্যি ভাষণ দিওঁতে প্রধানমন্ত্রী নৰেন্দ্র মোদী সদৰি কৰিছিল যে, লকডাউনৰ কবলৰ পৰা দেশখন ৰক্ষা কৰিব লাগিব। সেইবাবে ৰাজ্যসমূহক লকডাউনকে শেষ অস্ত্র হিচাপে ব্যৱহাৰৰ পৰামর্শ প্ৰদান কৰিছিল নৰেন্দ্ৰ মোদীয়ে। এতিয়া লকডাউনৰে পোষকতা কৰিছে চিকিৎসক-বিশেষজ্ঞ সকলে। দৈনিক সংক্রমণৰ সংখ্যা পূৰ্বৰ তুলনাত হ্ৰাস পালেও মৃত্যুৰ সংখ্যাই ক্রমাৎ উদ্বেগ বৃদ্ধি কৰা পৰিলক্ষিত হৈছে।

আৰু পঢ়িব পাৰিব : স্থগিত হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা !

বিগত ২৪ ঘণ্টাত ভাৰতবৰ্ষত নতুনকৈ কৰ’নাত আক্রান্ত হৈছে ৩ লাখ ৫৭ হাজাৰ ২৯ জন। এদিনতে দেশত কৰ’নাই প্রাণ কাঢ়িছে ৩ হাজাৰ ৪৪৯ জনৰ। বিগত ২৪ ঘণ্টাত সুস্থ হৈ উঠিছে ৩ লাখ ২০ হাজাৰ ২৮৯ জন। কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ পৰিসংখ্যা অনুসৰি, এতিয়ালৈকে দেশত মুঠ ক’ভিড আক্রান্ত সংখ্যা ২ কোটি ২ লাখ ৮২ হাজাৰ ৮৩৩জন। সুস্থ হৈ উঠিছে ১ কোটি ৬৬ লাখ ১৩ হাজাৰ ২৯২জন। ক’ভিড আক্রান্ত হৈ মৃত্যু হৈছে ২ লাখ ২২ হাজাৰ ৪০৮জনৰ। এই মুহূর্তলৈকে দেশত ক’ভিড পজিটিভ ৰোগীৰ মুঠ সংখ্যা ৩৪ লাখ ৪৭ হাজাৰ ১৩৩জন।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ