--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশত এতিয়া জীৱন আৰু মৃত্যুৰ তীব্ৰ টনা-আঁজোৰা চলিছে। ক’ভিডে ব্যতিব্যস্ত কৰি তোলা দেশৰ স্বাস্থ্যখণ্ডলৈ অহা প্ৰত্যাহ্বাৰে মোকাবিলা কৰাটো এতিয়া আৰু সহজ হৈ থকা নাই।
ক’ভিড আক্ৰান্ত লোক আৰু ক’ভিডত মৃত্যু হোৱাৰ লোকৰ সংখ্যা দৈনিক বৃদ্ধি হৈ আছে। যোৱা ২৪ ঘণ্টাত দেশত ৩,৯৮০জন কোভিড আক্ৰান্তৰ মৃত্যু হয়। বিগত সময়ছোৱাৰ ভিতৰত কোভিডত এদিনতে মৃত্যু হোৱা লোকৰ এয়াই এতিয়ালৈ সৰ্বাধিক সংখ্যা।

আৰু পঢ়িব পাৰিব : অজয়-টাবুৰ দৃশ্যম-২ক লৈ অনিশ্চয়তা, কিন্তু কিয়?

দেশত এতিয়া মৃতকৰ সংখ্যা বৃদ্ধি পাইছে ২,৩০১৬৮জনলৈ। আনহাতে বিগত ২৪ঘণ্টাত দেশত চিনাক্ত হৈছে ৪ লাখ ১২হাজাৰ ২৬২জন আক্ৰান্ত। দেশৰ বাবে আটাইতকৈ বেয়া দিন হিচাপে চিহ্নিত হৈছে এই দিনটো। মহাৰাষ্ট্ৰ, কৰ্ণাটক, কেৰালা উত্তৰ প্ৰদেশকে ধৰি দেশৰ ১২খন ৰাজ্যত চিকিৎসাধীন ৰোগীৰ সংখ্যা এতিয়া ১ লাখৰ অধিক হৈছে।

আৰু পঢ়িব পাৰিব : সুখবৰ : ৭ মে’ৰপৰা সকলোৰে বাবে সুলভ হ’ব প্ৰতিষেধক

আনহাতে, দেশৰ ভিতৰতে সৰ্বাধিত ক্ষতিগ্ৰস্ত মহাৰাষ্ট্ৰত বিগত ২৪ঘণ্টাত মৃত্যু হৈছে ৯২০জন কোভিড আক্ৰান্তৰ। এনে ভয়ংকৰ পৰিস্থিতিৰ মাজতে আশাপ্ৰদ কথাটো হৈছে যে, ভালেমান আক্ৰান্তই এই সময়ছোৱাত আৰোগ্যও লাভ কৰিছে। বিগত ২৪ঘণ্টাতে প্ৰায় ৩লাখ ৩০হাজাৰ লোকে আৰোগ্য লাভ কৰে। দেশৰ আৰোগ্যৰ সংখ্যা এতিয়া প্ৰায় ১কোটি ৭৩লাখ হৈছেগৈ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ