--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশত এতিয়া জীৱন আৰু মৃত্যুৰ তীব্ৰ টনা-আঁজোৰা চলিছে। ক’ভিডে ব্যতিব্যস্ত কৰি তোলা দেশৰ স্বাস্থ্যখণ্ডলৈ অহা প্ৰত্যাহ্বাৰে মোকাবিলা কৰাটো এতিয়া আৰু সহজ হৈ থকা নাই।
ক’ভিড আক্ৰান্ত লোক আৰু ক’ভিডত মৃত্যু হোৱাৰ লোকৰ সংখ্যা দৈনিক বৃদ্ধি হৈ আছে। যোৱা ২৪ ঘণ্টাত দেশত ৩,৯৮০জন কোভিড আক্ৰান্তৰ মৃত্যু হয়। বিগত সময়ছোৱাৰ ভিতৰত কোভিডত এদিনতে মৃত্যু হোৱা লোকৰ এয়াই এতিয়ালৈ সৰ্বাধিক সংখ্যা।

আৰু পঢ়িব পাৰিব : অজয়-টাবুৰ দৃশ্যম-২ক লৈ অনিশ্চয়তা, কিন্তু কিয়?

দেশত এতিয়া মৃতকৰ সংখ্যা বৃদ্ধি পাইছে ২,৩০১৬৮জনলৈ। আনহাতে বিগত ২৪ঘণ্টাত দেশত চিনাক্ত হৈছে ৪ লাখ ১২হাজাৰ ২৬২জন আক্ৰান্ত। দেশৰ বাবে আটাইতকৈ বেয়া দিন হিচাপে চিহ্নিত হৈছে এই দিনটো। মহাৰাষ্ট্ৰ, কৰ্ণাটক, কেৰালা উত্তৰ প্ৰদেশকে ধৰি দেশৰ ১২খন ৰাজ্যত চিকিৎসাধীন ৰোগীৰ সংখ্যা এতিয়া ১ লাখৰ অধিক হৈছে।

আৰু পঢ়িব পাৰিব : সুখবৰ : ৭ মে’ৰপৰা সকলোৰে বাবে সুলভ হ’ব প্ৰতিষেধক

আনহাতে, দেশৰ ভিতৰতে সৰ্বাধিত ক্ষতিগ্ৰস্ত মহাৰাষ্ট্ৰত বিগত ২৪ঘণ্টাত মৃত্যু হৈছে ৯২০জন কোভিড আক্ৰান্তৰ। এনে ভয়ংকৰ পৰিস্থিতিৰ মাজতে আশাপ্ৰদ কথাটো হৈছে যে, ভালেমান আক্ৰান্তই এই সময়ছোৱাত আৰোগ্যও লাভ কৰিছে। বিগত ২৪ঘণ্টাতে প্ৰায় ৩লাখ ৩০হাজাৰ লোকে আৰোগ্য লাভ কৰে। দেশৰ আৰোগ্যৰ সংখ্যা এতিয়া প্ৰায় ১কোটি ৭৩লাখ হৈছেগৈ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু