--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : কৰ’নাত আক্ৰান্ত হৈ দিল্লীত আন এগৰাকী অসমীয়া অধ্যাপকৰ মৃত্যু৷ অক্সিজেনৰ অভাৱত মৃত্যু হয় ড° পংকজ কুমাৰ মেধি নামৰ অধ্যাপকগৰাকীৰ৷ ৪৭ বছৰীয়া মেধি কৰ’নাত আক্ৰান্ত হৈ দিল্লীৰ গ্ৰেটাৰ নয়ডাৰ ডাঃ চৌহান সঞ্জীৱনী হাস্পতালত চিকিৎসাধীন হৈ আছিল৷

আৰু পঢ়িব পাৰিব : নিৰ্বাচন দলৰ সফলতা শূন্য : প্ৰথমবাৰলৈ মুখ খুলিলে লুৰীণজ্যোতি গগৈয়ে

বুধবাৰে নিশা ২:৩০ বজাত অক্সিজেনৰ অভাৱত অধ্যাপকগৰাকীৰ মৃত্যু ঘটে৷ ক'ভিড বিধি অনুসৰি গ্ৰেটাৰ নয়ডাৰ স্থানীয় শ্মশানতেই অধ্যাপকগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়৷ দিল্লীৰ গ্ৰেটাৰ নয়ডাৰ বেন্নেট বিশ্ববিদ্যালয় (Bennett University)ৰ সহকাৰী অধ্যাপক আছিল ড° পংকজ কুমাৰ মেধি৷

আৰু পঢ়িব পাৰিব : এদিনতে মৃত্যু প্ৰায় ৪ হাজাৰ ক’ভিড আক্ৰান্তৰ, আৰোগ্য তিনি লক্ষাধিক

কৰ্মসূত্ৰে পৰিয়ালসহ বিগত ১২বছৰ ধৰি গ্ৰেটাৰ নয়ডা এলেকাত বসবাস কৰিছিল অধ্যাপকগৰাকীয়ে৷ মৃত্যুৰ সময়ত অধ্যাপকগৰাকীয়ে পত্নী আৰু একমাত্ৰ পুত্ৰক এৰি থৈ যায়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ