--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়া এএফচি এছিয়ান কাপ কোৱালিফায়াৰত চমকপ্ৰদ প্ৰদৰ্শনেৰে ভাৰতীয় ফুটবল দলে ঈৰ্ষণীয় সফলতা অৰ্জন কৰিছে। গ্ৰুপৰ তিনিখন খেলত ক্ৰমে কম্বোডিয়াক ২-০, আফগানিস্তানক ২-১ আৰু হংকঙক ৪-০ গ'লত পৰাস্ত কৰি গ্ৰুপৰ শীৰ্ষস্থানৰ দল হিচাপে এএফচি এছিয়ান কাপলৈ যোগ্যতা অৰ্জন কৰে ভাৰতে। সামগ্ৰিকভাৱে পঞ্চমবাৰৰ বাবে প্ৰতিযোগিতাখনলৈ যোগ্যতা অৰ্জন কৰা ভাৰতে প্ৰথমবাৰৰ বাবে একেলেথাৰীয়ে দ্বিতীয়বাৰ এএফচি এছিয়ান কাপত অংশগ্ৰহণৰ সুযোগ লাভ কৰিছে।সুনীল ছেত্ৰীৰ নেতৃত্বত ভাৰতীয় দলটোৰ এই সফলতাত ভাৰতীয় ফুটবল অনুৰাগী সকল যথেষ্ট উৎসাহী হৈ পৰিছে। 

পিছে ভাৰতীয় দলৰ এই সফলতাৰ আঁৰত এক বিশেষ কাৰণ থকা বুলি গুজৱ ওলাইছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যম সমূহত প্ৰকাশিত বাতৰি অনুসৰি ভাৰতীয় দলৰ এই সফলতাৰ আঁৰত আছিল এজন জ্যোতিষীৰ ভূমিকা! 

প্ৰকাশিত বাতৰি অনুসৰি এ অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনে (এআইএফএফ)দলৰ খেলুৱৈসকলক একত্ৰিত কৰাৰ বাবে এক অভিনৱ প্ৰয়াস হাতত লৈছিল। ভাৰতীয় দলৰ খেলুৱৈসকলক অনুপ্ৰাণিত কৰিবলৈ এটা জ্যোতিষ সংস্থাত ১৬ লাখ টকা বিনিয়োগ কৰিছিল এআইএফএফ-এ! 

ভাৰতীয় ফুটবল দলৰ সৈতে জড়িত এজন ভিতৰুৱা সদস্যই সংবাদ মাধ্যমৰ আগত এই কথা ৰাজহুৱা কৰিছে। এই সদস্য গৰাকীয়ে উল্লেখকৰা মতে এছিয়ান কাপৰ পূৰ্বে ভাৰতীয় দলৰ বাবে এজন অনুপ্ৰেৰক বা মতিভেটৰ নিযুক্ত কৰা হৈছিল। এই মটিভেটৰ নিযুক্ত কৰা কোম্পানীটো এটা জ্যোতিষ প্ৰতিষ্ঠান আছিল বুলি পিছত এইটো পোহৰলৈ আহিছিল। 

অৰ্থাৎ স্পষ্টকৈ ক'বলৈ গ'লে দলটোক অনুপ্ৰাণিত কৰিবলৈ সৰ্ব ভাৰতীয় ফুটবল ফেডাৰেচনে এজন জ্যোতিষী নিযুক্ত কৰিছিল আৰু ইয়াৰ বাবে কোম্পানীটোক ১৬ লাখ টকা পৰিশোধ কৰা হৈছিল বুলি সদস্য গৰাকীয়ে লগতে দাবী কৰিছে।

এই বিষয়ে প্ৰকাশ পোৱাৰ পাছতে ভাৰতীয় দলৰ প্ৰাক্তন গ'লৰক্ষক তনুময় বসুৱে অল ইণ্ডিয়া ফুটবল ফেডাৰেচনক উপহাস কৰি এনেদৰে সংস্থাটো হাঁহিয়াতৰ পাত্ৰ হৈ পৰাৰ বাবে কঠোৰ সমালোচনা কৰিছে।

"যি সময়ত এআইএফএফে বাৰে বাৰে সঠিক যুৱ লীগ পৰিচালনা কৰাত ব্যৰ্থ হৈছে আৰু বহুতো সন্মানীয় প্ৰতিযোগিতা বন্ধ কৰিবলৈ বাধ্য হৈছে, তেনে সময়ত এই ধৰণৰ ঘটনাই ভাৰতীয় ফুটবলৰ ভাবমূৰ্তি অধিক কলংকিত কৰিব।"— বসুৱে কয়।

অৱশ্যে ভাৰতীয় ফুটবলত এনে অন্ধ বিশ্বাস বা ক'লা যাদুৰ প্ৰচলন নতুন কথা নহয়। পূৰ্বে দিল্লীৰ এটা ক্লাবে এখন গুৰুত্বপূৰ্ণ লীগ মেচৰ বাবে মিৰাটস্থিত এজন 'বাবা'ৰ সহায় লৈছিল আৰু দলৰ বিজয়ৰ পিছত ইয়াৰ সফলতাৰ কৃতিত্ব এই বাবা গৰাকীকে দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ