--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কল্পনা কৰক, বেটিং ক্ৰীজত কোহলীয়ে বেট লৈ প্ৰতিপক্ষ বলাৰক প্ৰহাৰ কৰিবলৈ সাজু হৈছে আৰু আনফালৰ পৰা কোহলীলৈ লক্ষ্য কৰি এক দুৰন্ত য়ৰ্কাৰ এৰিছে বুমৰাহে! আনহাতে জাতীয় দলৰ জাৰ্চি পিন্ধি মহম্মদ ছামীয়ে ১৪০ কিলোমিটাৰতকৈ অধিক বেগত বল কৰিছে আৰু ভাৰতীয় টেষ্ট দলৰ নিৰ্ভৰযোগ্য বেটাৰ চেতেশ্বৰ পূজাৰাই আন দলৰ জাৰ্চি পিন্ধি স্বভাৱসিদ্ধ ধৰণে বলটো ব্লক কৰিছে! ঘৰুৱা ক্ৰিকেট বা আই পি এলত ভাৰতীয় জাতীয় দলৰ খেলুৱৈসকলে সতীৰ্থৰ বিৰুদ্ধেই এনেদৰে খেলপথাৰত নমা নিশ্চয় দেখিছে। 

কিন্তু এইবাৰ আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত, ইংলেণ্ডৰ মাটিত নিজ জাতীয় দলৰ বিৰুদ্ধেই খেলপথাৰত এইবাৰ দেখা যাব ভাৰতীয় দলৰ চাৰি তাৰকা ক্ৰিকেটাৰক। তাতে এই চাৰি তাৰকাৰ ভিতৰত তিনিজনেই জাতীয় দলৰ নিয়মীয়া খেলুৱৈ। এই খেলুৱৈকেইজন হৈছে ক্ৰমে চেতেশ্বৰ পূজাৰা, যশপ্ৰীত বুমৰাহ, ঋষভ পণ্ট আৰু নৱাগত প্ৰসিধ কৃষ্ণ। দলৰ বেটিং আৰু বলিং আক্ৰমণৰ মেৰুদণ্ড স্বৰূপ এই খেলুৱৈকেইজনক জাতীয় দলৰ বিৰুদ্ধেই অৱতীৰ্ণ হ’বলগীয়া তালিকাত দেখি আচৰিত হৈ পৰিছে ক্ৰিকেট অনুৰাগী সকল। জাতীয় দলৰ আভ্যন্তৰত এনে কি ঘটিল যে দলৰ চাৰিজনকৈ ক্ৰিকেটাৰে এইদৰে নিজ জাতীয় দলৰ বিৰুদ্ধেই খেলপথাৰত নামিবলৈ ওলাইছে!

অহা ১ জুলাইৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া পঞ্চম টেষ্টৰ পূৰ্বে আজিৰ পৰা ইংলেণ্ডৰ কাউণ্টি ক্ৰিকেট ক্লাৱ লিচেষ্টাৰশায়াৰৰ বিৰুদ্ধে চাৰিদিনীয়া ৱাৰ্ম-আপ মেচত ভাগ ল’ব ভাৰতে। এই মেচখনতে লিচেষ্টাৰশায়াৰৰ হৈ অংশ ল’ব এই চাৰি ক্ৰিকেটাৰে। মেচখনত অৱতীৰ্ণ হৈ পঞ্চম টেষ্টৰ বাবে সাজু হ’ব ভাৰতীয় দলৰ খেলুৱৈসকল। 

এই অনুশীলনৰ বাবেই ইংলেণ্ডৰ কাউণ্টি ক্ৰিকেট ক্লাব লিচেষ্টাৰশায়াৰ (এলচিচিচি) দলত চেতেশ্বৰ পূজাৰা, ঋষভ পণ্ট, যশপ্ৰীত বুমৰাহ আৰু প্ৰসিধ কৃষ্ণক অন্তৰ্ভুক্ত কৰা হৈছে। কাউণ্টি দলটোৰ অধিনায়ক ছেম ইভান্সৰ নেতৃত্বত ভাৰতীয় দলৰ সতীৰ্থ সকলৰ বিৰুদ্ধে অৱতীৰ্ণ  হ’ব এই চাৰি তাৰকা।

ভাৰতীয় দল তাৰকা খেলুৱৈসকলৰ অন্তৰ্ভুক্তি সম্পৰ্কে ইংলেণ্ডৰ ক্লাবটোৱে এক বিবৃতিত কয়, "ভাৰতৰ চুপাৰষ্টাৰ চেতেশ্বৰ পুজাৰা, ঋষভ পণ্ট, যশপ্ৰীত বুমৰাহ আৰু প্ৰসিধ কৃষ্ণই ছেম ইভান্সৰ নেতৃত্বত লিচেষ্টাৰশায়াৰ দলৰ সৈতে সংযুক্ত হ'ব। এলচিচিচি, বিচিচিআই আৰু ইচিবি- এ ভ্ৰমণকাৰী ভাৰতীয় দলটোৰ চাৰিজন খেলুৱৈক কাউণ্টি দলটোৰ অংশ হিচাপে ভাগ ল’বলৈ অনুমতি দিছে।"

ভাৰতীয় টেষ্ট দলৰ নৱনিযুক্ত অধিনায়ক ৰোহিত শৰ্মাই লিচেষ্টাৰশায়াৰৰ বিৰুদ্ধে ৱাৰ্ম-আপ মেচখনত ভাৰতৰ নেতৃত্ব দিব। ঋষভ পণ্টৰ অনুপস্থিতিত কে এছ ভৰতে দলৰ উইকেটৰক্ষকৰ ভূমিকাত অৱতীৰ্ণ হ’ব। 

ৱাৰ্ম আপ মেচৰ বাবে ভাৰতীয় দল: ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গিল, বিৰাট কোহলী, শ্ৰেয়স আয়াৰ, হনুমা বিহাৰী, কে এছ ভৰত, ৰবীন্দ্ৰ জাদেজা, শাৰ্দুল ঠাকুৰ, মহম্মদ ছামী, মহম্মদ চিৰাজ আৰু উমেশ যাদৱ।

লিচেষ্টাৰশায়াৰ ক্লাৱ: ছেম ইভান্স (অধিনায়ক), ৰেহান আহমেদ, ছেম বেটছ, নাট বাউলি, উইল ডেভিছ, জোই এভিচন, লুই কিম্বাৰ, আবি চাকান্দে, ৰোমান ৱাকাৰ, চেতেশ্বৰ পূজাৰা, ঋষভ পণ্ট, যশপ্ৰীত বুমৰাহ আৰু প্ৰসিধ কৃষ্ণ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ