--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আমাৰ দৈনন্দিন খাদ্য তালিকাত নহৰু অবিহনে অসম্পূৰ্ণ বুলি গণ্য কৰা হয়। কোৱা হয় যে খাদ্যত নহৰু দিলে ই খাদ্যৰ সোৱাদ দুগুণে বৃদ্ধি কৰে। কেৱল ৰুচিৰ বাবেই নহয় স্বাস্থ্যৰ বাবেও ই অতি উপকাৰী। সাধাৰণতে এই নহৰু প্ৰতিখন ভাৰতীয় পাকঘৰতে অতি সহজে পোৱা যায়। কিন্তু কিছুমান লোকো আছে যিয়ে ইয়াক কেঁচাকৈও সেৱন কৰে। জানিব পৰা মতে নহৰুত থকা ভিটামিন-বি৬, ভিটামিন-চি, ফাইবাৰ, প্ৰটিন আৰু মেংগানিজ আদি পুষ্টিকৰ উপাদান পোৱা যায়, যিবোৰ বহু ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে।

 নহৰু খোৱাৰ স্বাস্থ্যজনিত কি কি উপকাৰ পোৱা যায়?

১. দৈনিক নহৰু সেৱন কৰিলে গেষ্ট্ৰিক ৰসৰ পি এইচ উন্নত হয় আৰু হজম শক্তি বজাই ৰখাত সহায় কৰে।

২. নহৰুত থকা জৈৱ সক্ৰিয় যৌগবোৰে কলাইটিছ আলচাৰেটিভ আৰু অন্যান্য গেষ্ট্ৰাইটিছ ৰোগ হ্ৰাস কৰাত সহায় কৰে। পুৰণি নহৰুৰ নিষ্কাশনে গেষ্ট্ৰিক ম্যুকোজা ভাল কৰাত সহায় কৰে।

৩. যিসকল লোকৰ তেজ ডাঠ হয়, নহৰুৱে তেজ জমা হোৱাত বাধা প্ৰদান কৰে।এইক্ষেত্ৰত বহু লোকে পুৱা আৰু গধূলি খালী পেটত এটুকুৰা নহৰু খাব লাগে।

৪. নহৰু খালে কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰিব পাৰি।

৫. নহৰুত এচিলিন পোৱা যায় যিয়ে বৃক্কৰ সমস্যাৰ পৰা ৰক্তচাপ দূৰ কৰাত সহায় কৰে।ইয়াৰ এন্টি হাইপাৰটেনচিভ এন্টিঅক্সিডেন্ট আৰু নেফ্ৰ’ প্ৰটেক্টিভ ইফেক্ট আছে।

৬. বহু গৱেষণাৰ পৰা দেখা গৈছে যে নহৰুৱে প্ৰদাহ কমোৱাত সহায় কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ইয়াত থকা এন্টিঅক্সিডেন্ট আৰু এলিচিনে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

 ৭. সংক্ৰামক ৰোগৰ বিৰুদ্ধে নহৰু ব্যৱহাৰ কৰা হয়। নিয়মিতভাৱে নহৰুৱে খোৱাটোৱে সাধাৰণ চৰ্দি, ফ্লু, পেটৰ বিষ, ইউটিআই প্ৰতিৰোধ কৰাত সহায় কৰে। অসুস্থ হ’লে নহৰু খালে আপোনাৰ লক্ষণৰ ভয়াৱহতা হ্ৰাস পাব পাৰে।

৮. পানী আৰু কেঁচা নহৰু খালে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ হয়। শৰীৰৰ বিষমুক্ত কৰাৰ এক উত্তম উপায়। মধুমেহ, হতাশা আৰু বহু ধৰণৰ কৰ্কট ৰোগৰ পৰা হাত সাৰিব পাৰে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ