--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আমাৰ দৈনন্দিন খাদ্য তালিকাত নহৰু অবিহনে অসম্পূৰ্ণ বুলি গণ্য কৰা হয়। কোৱা হয় যে খাদ্যত নহৰু দিলে ই খাদ্যৰ সোৱাদ দুগুণে বৃদ্ধি কৰে। কেৱল ৰুচিৰ বাবেই নহয় স্বাস্থ্যৰ বাবেও ই অতি উপকাৰী। সাধাৰণতে এই নহৰু প্ৰতিখন ভাৰতীয় পাকঘৰতে অতি সহজে পোৱা যায়। কিন্তু কিছুমান লোকো আছে যিয়ে ইয়াক কেঁচাকৈও সেৱন কৰে। জানিব পৰা মতে নহৰুত থকা ভিটামিন-বি৬, ভিটামিন-চি, ফাইবাৰ, প্ৰটিন আৰু মেংগানিজ আদি পুষ্টিকৰ উপাদান পোৱা যায়, যিবোৰ বহু ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে।

 নহৰু খোৱাৰ স্বাস্থ্যজনিত কি কি উপকাৰ পোৱা যায়?

১. দৈনিক নহৰু সেৱন কৰিলে গেষ্ট্ৰিক ৰসৰ পি এইচ উন্নত হয় আৰু হজম শক্তি বজাই ৰখাত সহায় কৰে।

২. নহৰুত থকা জৈৱ সক্ৰিয় যৌগবোৰে কলাইটিছ আলচাৰেটিভ আৰু অন্যান্য গেষ্ট্ৰাইটিছ ৰোগ হ্ৰাস কৰাত সহায় কৰে। পুৰণি নহৰুৰ নিষ্কাশনে গেষ্ট্ৰিক ম্যুকোজা ভাল কৰাত সহায় কৰে।

৩. যিসকল লোকৰ তেজ ডাঠ হয়, নহৰুৱে তেজ জমা হোৱাত বাধা প্ৰদান কৰে।এইক্ষেত্ৰত বহু লোকে পুৱা আৰু গধূলি খালী পেটত এটুকুৰা নহৰু খাব লাগে।

৪. নহৰু খালে কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰিব পাৰি।

৫. নহৰুত এচিলিন পোৱা যায় যিয়ে বৃক্কৰ সমস্যাৰ পৰা ৰক্তচাপ দূৰ কৰাত সহায় কৰে।ইয়াৰ এন্টি হাইপাৰটেনচিভ এন্টিঅক্সিডেন্ট আৰু নেফ্ৰ’ প্ৰটেক্টিভ ইফেক্ট আছে।

৬. বহু গৱেষণাৰ পৰা দেখা গৈছে যে নহৰুৱে প্ৰদাহ কমোৱাত সহায় কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ইয়াত থকা এন্টিঅক্সিডেন্ট আৰু এলিচিনে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

 ৭. সংক্ৰামক ৰোগৰ বিৰুদ্ধে নহৰু ব্যৱহাৰ কৰা হয়। নিয়মিতভাৱে নহৰুৱে খোৱাটোৱে সাধাৰণ চৰ্দি, ফ্লু, পেটৰ বিষ, ইউটিআই প্ৰতিৰোধ কৰাত সহায় কৰে। অসুস্থ হ’লে নহৰু খালে আপোনাৰ লক্ষণৰ ভয়াৱহতা হ্ৰাস পাব পাৰে।

৮. পানী আৰু কেঁচা নহৰু খালে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ হয়। শৰীৰৰ বিষমুক্ত কৰাৰ এক উত্তম উপায়। মধুমেহ, হতাশা আৰু বহু ধৰণৰ কৰ্কট ৰোগৰ পৰা হাত সাৰিব পাৰে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি