--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইজিপ্তৰ ফুটবল ফেডাৰেশ্যনৰ সভাপতি হানি আবু ৰিদাই মেচখনৰ ফ্ৰান্সৰ ৰেফাৰী ফ্রাছোৱাঁ লেটেক্সিয়েৰ লগতে তেওঁৰ সহযোগী ৰেফাৰীৰ বিৰুদ্ধে ফিফাৰ ওচৰত অভিযোগ দাখিল কৰে।

ডিজিটেল ডেস্ক: লিয়'নেল মেছিৰ যাদুৰ বলত আর্জেণ্টিনাই মঙলবাৰে ফিফা বিশ্বকাপৰ প্রি-কোৱাৰ্টাৰ ফাইনেলত ৩-২ গ'লৰ ব্যৱধানত হাৰ মনাৰ পাছত পৰাজয়ৰ ক্ষোভত ফাটি পৰে ইজিপ্ত। উল্লেখযোগ্য যে মঙলবাৰৰ মেচখনত ইজিপ্ত ২-০ গ'লৰ ব্যৱধানত আগবাঢ়ি আছিল আৰু এক ঐতিহাসিক জয়ৰ দিশে আগবাঢ়িছিল। 


খেলৰ শেষৰ ১৩ মিনিটত মেছিৰ যাদুকৰী প্ৰদৰ্শনৰ বলত আর্জেণ্টিনাই মেচখনত সুন্দৰভাৱে প্ৰত্যাৱৰ্তন কৰি একেৰাহে তিনিটা গ'ল দি জয় নিজৰ পক্ষলৈ আনে। আর্জেণ্টিনাৰ অনুৰাগীসকলে দলৰ পৰাজয় নিশ্চিত বুলি ভবাৰ সময়তে মেছিয়ে এটা গ'ল দিয়াৰ লগতে আন এটা গ'লত সহায় কৰি অবিশ্বাস্যভাৱে দলক জয়ৰ দিশে লৈ যায়। দলৰ হৈ বিজয়সূচক গ'লটো দিয়ে ষ্টপেজ টাইমত এঞ্জো ফার্নাণ্ডেজে। ইফালে খেলখনৰ শেষত ইজিপ্তে ৰেফাৰীৰ কেইটামান সিদ্ধান্তক লৈ ক্ষোভপ্রকাশ কৰে। দলটোৰ মতে 'ভাৰ' সমীক্ষাৰ পাছত দলৰ এটা গ'ল বাতিল কৰা হয় আৰু আর্জেণ্টিনাৰ নিৰ্ণায়ক গ'লটোৰ আগে আগে লাভ কৰা এটা পেনাল্টিৰ আৱেদন 'ভাৰ' বিশ্লেষণৰ বাবে প্ৰেৰণ কৰা নহ'ল। ইয়াৰ পাছত ইজিপ্তে এইবুলি অভিযোগ কৰে যে এইবাৰৰ বিশ্বকাপত ফিক্সিং হৈছে আৰু আর্জেণ্টিনাই বিশ্বকাপ জয় কৰাটো নিশ্চিত। 


ইজিপ্তৰ ফুটবল ফেডাৰেশ্যনৰ সভাপতি হানি আবু ৰিদাই মেচখনৰ ফ্ৰান্সৰ ৰেফাৰী ফ্রাছোৱাঁ লেটেক্সিয়েৰ লগতে তেওঁৰ সহযোগী ৰেফাৰীৰ বিৰুদ্ধে ফিফাৰ ওচৰত অভিযোগ দাখিল কৰে। ইজিপ্ত ফুটবল ফেডাৰেশ্যনে খেলখনৰ বিতর্কিত বুলি গণ্য কৰা ৰেফাৰীৰ সিদ্ধান্তকেইটাৰ তদন্তৰো দাবী কৰে। আনহাতে, টেকেস্কিয়েৰ আৰু তেওঁৰ সহযোগীকেইজনক প্রতিযোগিতাৰ পৰা বাহিৰ কৰাৰো দাবী কৰে ইজিপ্ত ফুটবল ফেডাৰেশ্যনে। ইফালে মেচখনৰ পাছত ইজিপ্তৰ মুখ্য প্রশিক্ষক হাছানে ৰেফাৰীৰ সিদ্ধান্তক লৈ তীব্র ক্ষোভ প্রকাশ কৰে। তেওঁ কয় যে খেলৰ ফল কেৱল খেলপথাৰত হোৱা খেলক লৈ নিৰ্ণয় কৰা হোৱা নাই। তেওঁ কয়, 'আমি সকলো দিশতে বর্তমানৰ বিশ্ব চেম্পিয়ন দলটোতকৈ উন্নত প্ৰদৰ্শন কৰিলোঁ, কিন্তু খেলৰ ফল খেলপথাৰৰ বাহিৰৰ আৰু ভিতৰত কাৰকৰ দ্বাৰা প্ৰভাৱিত হ'ল। তেওঁলোকে বোধহয় বিশ্ব চেম্পিয়ন দলটোৱে মেচিয়ে খেলি থকাটো বিচাৰিছে।' হাছানৰ মতে, খেলখনত প্রায় প্রতিটো দিশতে বিশ্ব চেম্পিয়ন দলটোৱে সমর্থন লাভ কৰিছিল। তেওঁ কয়, 'আজি আমি সন্মানো নাপালোঁ, নিৰপেক্ষ খেলো নাপালোঁ। এটা পেনাল্টি দিয়া নহ'ল, ইয়াৰ ভাৰ সমীক্ষাও কৰা নহ'ল, আমাৰ দ্বিতীয়টো গ'লো বাতিল কৰা হয়। আমাক অন্যায় কৰা হৈছে। ই অন্যায়।' 


ইফালে মেচখনৰ পাছত আর্জেন্টিনাৰ প্ৰশিক্ষক লিয়'নেল স্কল'নিয়ে মেচিক ভূয়সী প্রশংসা কৰে। স্কলনিয়ে কয় যে মঙলবাৰৰ জয়েৰে তেওঁৰ দলটোৱে কেৱল কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰাই নহয়, কঠিন পৰিস্থিতিতো যে দলটোৱে হাৰ নামানে আৰু শেষ মুহূর্তলৈকে যে যুঁজ দি যাব পাৰে তাক প্ৰমাণ কৰিলে। মেচখনত আর্জেন্টিনাৰ হাতৰ পৰা ওলাই যোৱা বুলি তেওঁ কেতিয়াও ভবা নাছিল। 

আর্জেন্টিনাই মেচখনত ভালেমান সুযোগৰ সৃষ্টি কৰে কিন্তু ইয়াক গ'ললৈ সলনি কৰাত ব্যর্থ হয়। তেওঁ মেছিক বিশেষভাৱে প্রশংসা কৰে। স্কলনিয়ে কয় যে প্রথমার্ধত পেনাল্টিত গ'ল দিব নোৱাৰিলেও মেছি হতাশ হোৱা নাছিল। তেওঁ অহৰহ বল বিচাৰিছিল আৰু দলক আগুৱাই নিবলৈ বিচাৰিছিল। তেওঁৰ মতে, মেচি সমগ্ৰ দলটোৰ বাবে প্ৰেৰণাৰ উৎস।


উৎস: দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ