চাৰে তিনি বছৰ পূৰ্বে লুছাইল ষ্টেডিয়ামত য’ত সামৰণি পৰিছিল, ঠিক তাৰ পৰাই যেন এইবাৰৰ বিশ্বকাপ যাত্ৰা আৰম্ভ কৰিছিল মেছিয়ে৷ কিন্তু বাৰম্বাৰ কি লুছাইলৰে পুনৰাবৃত্তি? মিয়ামি কিম্বা আটলাল্টা — সকলো থ্ৰীলাৰে যেন কঢ়িয়াই আনে লুছাইলৰ সেই মায়াবী নিশাৰ যাদুকৰী স্মৃতি! কাটাৰৰ লুছাইল ষ্টেডিয়ামৰ সেই শ্বাসৰুদ্ধকৰ ফাইনেল— আৰ্জেণ্টিনাৰ অনায়াস বিজয় নিশ্চিত হোৱাৰ সময়তে ফ্ৰান্সৰ দুৰন্ত প্ৰত্যাক্ৰমণ, ঘনে ঘনে সলনি হোৱা আৱেগ আৰু উৎকণ্ঠাৰ ৰং, ষ্টেডিয়ামৰ গেলেৰীত বাৰম্বাৰ সলনি হোৱা ঢৌ, হাৰ নমনা দুই মহাশক্তিৰ নিৰন্তৰ আক্ৰমণ, অৱশেষত ফুটবলৰ ৰাজপুত্ৰৰ বিজয়গাঁথাৰেই শেষ হোৱা মহাযুদ্ধৰ কাহিনী! একোখন মেচৰ ৰুদ্ধশ্বাস পৰিণতিয়ে কি নাটকীয়তাৰে সলাই দিব পাৰে চকুলোৰো ৰং কিম্বা ভাষা!
সময় বাগৰিছে, পটভূমি আৰু প্ৰতিদ্বন্দ্বী সলনি হৈছে, কিন্তু শেষ হোৱা নাই থ্ৰীলাৰৰ ৰোমাঞ্চ, বিশ্বকাপৰ মহামঞ্চই বাৰম্বাৰ উপহাৰ দিছে আৱেগময় পৰিণতিৰ একোখন ৰহস্যঘন নাট৷ আটলাণ্টিকৰ বুকুৰ ক্ষুদ্ৰ দ্বীপ কেপ ভাৰ্দে কিম্বা পিৰামিডৰ দেশ ইজিপ্ত —পৃথক সেনাপতি কিম্বা যুঁজাৰুয়ে ৰচনা কৰিছে থ্ৰীলাৰৰ নতুন কাহিনী, মহাযুঁজত উজলি উঠিছে নতুন নতুন সেনানি, অসীম বীৰত্বৰে সলনি কৰিছে কাহিনীৰ গতি, উপহাৰ দিছে জয়-পৰাজয়ৰ দোমোজাত ওলমি ৰোৱা বহু শ্বাসৰুদ্ধকৰ সময়, অৱশেষত অনিশ্চয়তাৰ আন্ধাৰ ফালি উদ্ভাসিত হৈছে একেটাই বেলি — লিয়নেল মেছি! যুদ্ধ হৈছে, পৰাজয়ৰ দুৰ্ভাৱনাৰো সৃষ্টি হৈছে, হয়তো সাজু হৈ উঠিছে বিদায়ৰ এপিটাফ, হয়তো স্বপ্নভংগৰ বেদনাৰে মহানায়কক আদৰিবলৈ সাজু হৈছে বুয়েনছ আয়াৰ্ছ, কিন্তু অসীম বিক্ৰমেৰে পৰৱৰ্তী ঠিকনালৈ যাত্ৰা নিশ্চিত কৰি উজলি উঠিছে একেজনেই মহানায়ক — লিয়নেল মেছি! স্বপ্নভংগৰ বিপৰীতে স্বপ্নপূৰণ, আশাভংগৰ বিপৰীতে আস্থা, গ্লানিৰ বিপৰীতে গৌৰৱ, যুঁজহীন সমৰ্পণৰ বিপৰীতে দুৰ্জেয় আক্ৰমণৰ প্ৰতীক হিচাপে বাৰম্বাৰ উচ্চাৰিত হৈছে একেটাই নাম — লিয়নেল মেছি!
নকআউটৰ শ্বাসৰুদ্ধকৰ যুঁজত প্ৰতিটো নিশাতে ৰচিত হৈছে একোজন তাৰকাৰ শেষ বিদায়ৰ কাহিনী৷ বিগত তিনিটা নিশা বিশ্বকাপৰ মেচৰ পিছত উচুপিলে তিনিজন তাৰকাই৷ কিন্তু কান্দোনৰো যেন থাকে পৃথক ভাষা, চকুলোৰো থাকে সুকীয়া ৰং৷ ব্ৰাজিলৰ নেইমাৰ জুনিয়ৰ আৰু পৰ্টুগালৰ ক্ৰিষ্টিয়ানো ৰোণাল্ডোৰ উচুপনিত আছিল স্বপ্নভংগৰ বেদনা, কিন্তু আটলাল্টাত মেছিৰ কান্দোনত আছিল পৰাজয়ৰ অটল গহ্বৰৰ পৰা উভতি অহাৰ অব্যক্ত আবেগ৷ অবিশ্বাস্য প্ৰত্যাৱৰ্তনৰ অবিস্মৰণীয় চানেকীৰে বিৰল বিজয় সাব্যস্ত কৰাৰ পাছত আৱেগক বান্ধি ৰাখিব নোৱাৰিলে ফুটবলৰ নৃপতিয়ে৷ এই বিশ্বকাপত আলজেৰিয়াৰ বিৰুদ্ধে প্ৰথমটো গ’ল দিয়াৰ পাছতে উচুপিছিল মেছিয়ে৷ পিছত জনা গৈছিল —অসুস্থ পিতৃৰ কথা স্মৰণ কৰিয়েই মেছিৰ সেই কান্দোন৷ আটলাল্টাত মেছিৰ উচুপনিৰ আঁৰতো থাকিব পাৰে অন্য কোনো আৱেগৰ তাড়ণা, কিন্তু ইজিপ্তৰ বিৰুদ্ধে পৰাজয় নিশ্চিত হোৱাৰ পাছতো চমকপ্ৰদ প্ৰত্যাৱৰ্তনৰ আৱেগেই যে বোৱাই আনিলে অবিৰত অশ্ৰুধাৰা, এই কথা সহজেই অনুমেয়৷ এই কান্দোনৰ আঁৰত আছে পেনাল্টীত ব্যৰ্থ শ্বট লোৱাৰ গ্লানি সামৰি অসীম বীৰত্বৰে বিজয়ৰ ৰূপকথা লিখাৰ প্ৰাপ্তিৰো আৱেগ৷ এই উচুপনিৰ আঁৰত আছে অসম্ভৱক সম্ভৱলৈ, ব্যৰ্থতাক বীৰত্বলৈ অনুবাদ কৰাৰ অব্যক্ত আৱেগ৷ মেচৰ পাছত সতীৰ্থৰ যি উদযাপন, মেছিক শূন্যলৈ দাঙি ধৰি কৰা সেই উল্লাসে আকৌ এবাৰ যেন বুজালে—মেছিক কেন্দ্ৰ কৰিয়েই ঘূৰিছে আৰ্জেণ্টিনাৰ ভাগ্যৰ চকৰি— মেছিতেই যেন আৰম্ভ, মেছিতেই শেষ সকলো!
২০২২ চনত বিশ্বকাপ জয়ৰ পাছতো এনেদৰে কন্দা নাছিল মেছিয়ে৷ ২০২৪ চনত কান্দিছিল কোপা আমেৰিকাৰ ফাইনেলত, আঘাত লৈ খেলপথাৰ এৰাৰ পাছত বেঞ্চত বহি উচুপি থকা দেখা গৈছিল মেছিক৷ ২০১৬ চনতো কোপা আমেৰিকাৰ ফাইনেলত হাৰি উচুপিছিল মেছিয়ে৷ একেই কান্দোন দেখা গ’ল ইজিপ্তৰ বিৰুদ্ধে ৰুদ্ধশ্বাস মেছত ৰেফাৰীৰ শেষ হুইচেল বজাৰ পাছতেই৷ প্ৰশ্ন উঠিবই পাৰে — এই উচুপনিৰ আঁৰত কি লুকাই আছে বিদায়ৰ মহাসংকেত শুনাৰ পাছত উদ্ভুত আতংকও? হ’ব পাৰে, কিয়নো নক আউটৰ দুখন মেচত তুলনামূলকভাৱে দুৰ্বল প্ৰতিদ্বন্দ্বীয়েই উদঙাই দেখুৱালে বিশ্ব চেম্পিয়ন দলৰ সমস্ত দুৰ্বলতা৷ উন্মোচন হ’ল ৰক্ষণৰ সকলো সুৰুঙা, মাজে মাজে দিশাহীন হৈ পৰা মিডফিল্ড, বিপক্ষৰ গ’লৰক্ষক দুৰ্ভেদ্য প্ৰাচীৰ হৈ পৰাৰ সময়তে যেন চমকহীন ৰূপত আৰ্জেণ্টিনাৰ বিখ্যাত মাৰ্টিনেজ৷ কেপ ভাৰ্দেই যিদৰে চলাইছিল নিখুট আক্ৰমণ, মিছৰৰ ছালাহ বাহিনীয়ে যিদৰে আৰ্জেণ্টিনাৰ বক্সত কৰিলে অনায়াস লক্ষ্যভেদ— তেনে পৰিস্থিতিত আৰ্জেণ্টিনাৰ বাবে এই বিজয়ত আত্মতুষ্টিৰ পৰিৱৰ্তে থাকিব আসন্ন বিপদৰ আগজাননীও ৷ কোৱাৰ্টাৰ ফাইনেলত ছুইজাৰলেণ্ডৰ বাধা অতিক্ৰম কৰিব পাৰিলেই ছেমি ফাইনেলত হ’ব পাৰে মেছি-হালাণ্ডৰ দ্বৈৰথ৷ দ্ৰুত উপশমৰ ব্যৱস্থা নল’লে মেছি বাহিনীৰ বাবে জয়ৰ আনন্দ দীৰ্ঘস্থায়ী নোহোৱাৰে দুৰ্ভাৱনা অধিক৷
কিন্তু ইজিপ্তৰ বিৰুদ্ধে বিজয় আৰ্জেণ্টিনাৰ বাবে কেইবাটাও কাৰণত হৈ ৰ’ব স্মৰণীয়৷ বিশ্বকাপত দুই বা ততোধিক গ’লত পিছ পৰাৰ পাছত প্ৰথমবাৰৰ বাবে চমকপ্ৰদ প্ৰত্যাৱৰ্তন সম্ভৱ কৰিলে আৰ্জেণ্টিনাই৷ ইয়াৰ পূৰ্বে দুই বা ততোধিক গ’লত পিছ পৰা ১৩ খন মেচতেই পৰাস্ত হৈছিল আৰ্জেণ্টিনা৷ এনজো ফাৰ্ণাণ্ডেজৰ যিটো গ’লেৰে আৰ্জেণ্টিনাই ৩-২ কৰিছিল স্ক’ৰলাইন, সেয়া আছিল বিশ্বকাপৰ ইতিহাসৰ ৩০০০ তম্ গ’ল৷ ৯১ মিনিট ৫৫ ছেকেণ্ডত কৰা সেই গ’লটো আছিল যিকোনো আৰ্জেণ্টাইন ফুটবলাৰে সবাতোকৈ পলমকৈ কৰা বিজয়সূচক গ’ল৷ ২০১৮ চনৰ বিশ্বকাপত ফ্ৰান্সৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ পাছত বিশ্বকাপত প্ৰথমবাৰৰ বাবে প্ৰথমাৰ্ধত গ’ল হজম কৰিবলগীয়া হ’ল আৰ্জেণ্টিনাই৷ মেচৰ ৭৮ মিনিটলৈ ২-০ গ’লত পিছুৱাই আছিল আৰ্জেণ্টিনা, বিশ্বকাপৰ ইতিহাসত কোনো দল ইমান দেৰিলৈ দুটা গ’লত পিছুৱাই থকাৰ পাছতো মেচ অতিৰিক্ত সময়লৈ নোযোৱাকৈ জয়ী হোৱাৰ নজিৰ নাই৷ চলিত বিশ্বকাপত ৮টা গ’লেৰে পুনৰ শীৰ্ষত আৰোহণ মেছিৰ৷ বিশ্বকাপত ক্ৰমাগতভাৱে ৯খন মেচত গ’ল স্ক’ৰ কৰাৰো অনন্য কৃতিত্ব স্থাপন মেছিৰ৷ ইয়াৰ বিপৰীতে এখন বিশ্বকাপতে দুৱাৰ পেনাল্টী মিছ কৰাৰ অনাকাংক্ষিত অভিলেখৰো গৰাকী হ’ল মেছি৷
পিছে অভিলেখতকৈও আৰ্জেণ্টিনাৰ বাবে এই মেচত সবাতোকৈ বৃহৎ প্ৰাপ্তি আছিল দুৰন্ত প্ৰত্যাৱৰ্তনৰ অবিস্মৰণীয় দৃষ্টান্ত৷ ৭৮ মিনিট পৰ্যন্ত দুটা গ’লত পিছ পৰি থকাত আৰ্জেণ্টিনাৰ বিদায় প্ৰায় নিশ্চিত হোৱাৰ পাছতো মাথোঁ ১৩ মিনিট ১৫ ছেকেণ্ডৰ ভিতৰতে মেছি বাহিনীয়ে লিখিলে পুনৰ্জন্মৰ কাহিনী৷ সেই ১৩ মিনিটত যেন নতুন প্ৰাণসঞ্চাৰেৰে উজলি উঠিল আৰ্জেণ্টিনাৰ প্ৰতিজন খেলুৱৈ —প্ৰতিটো শ্বট, প্ৰতিটো আক্ৰমণেই হৈ উঠিল নিখুঁট, দৰ্শকৰ মানসপটত বহুদিনলৈ স্মৰণীয় হৈ ৰ’ব আৰ্জেণ্টিনাৰ তৃতীয়টো গ’লৰ বাবে লাওতাৰা মাৰ্টিনেজে আগবঢ়াই দিয়া নিৰ্ভুল জ্যামিতিক শ্বট৷ এই মেচত জয়েৰে আৰ্জেণ্টিনাই আকৌ এবাৰ প্ৰমাণ কৰিলে —চেম্পিয়নে সদায় ভাল খেলিয়েই নিজিকে, তেওঁলোক জিকে হাৰ নমনাৰ অদম্য মানসিকতাৰ বাবেহে৷
কোনো দল জিকি জিকিও হাৰি যায়, কোনো দল হাৰি হাৰিও জিকি যায়৷ এয়াই বিশ্বকাপৰ মাদকতা, ফুটবলৰ প্ৰকৃত সৌন্দৰ্য৷ দুৰন্ত প্ৰত্যাৱৰ্তনৰ প্ৰেৰণাদায়ক দৃষ্টান্ত হিচাপে বহু কাললৈ স্মৰণীয় হৈ ৰ’ব মেছি বাহিনীৰ এই বিজয়৷ মেছিৰ প্ৰাপ্তিৰ চকুলোৱে ব্যক্তিগত জীৱনতো হাজাৰজনক দেখুৱাব পাৰে নৈৰাশ্যৰ আন্ধাৰৰ মাজত সংগ্ৰামৰ আলোকশিখা৷
লেখক: খনীন্দ্ৰ কুমাৰ ডেকা