--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সনাতন ধৰ্মত তুলসী গছক পৱিত্ৰ বুলি গণ্য কৰা হয়। সেইবাবেই ঘৰত তুলসী গছ ৰোপণ কৰি পুৱা-গধূলি পানী আগবঢ়োৱা হয়। পুৱা গা ধুই তুলসী গছত পানী আগবঢ়ালে মালক্ষ্মীৰ অপৰিসীম আশীৰ্বাদ পোৱা যায়, কাৰণ তুলসীক মালক্ষ্মীৰ ৰূপ বুলি ধৰা হয়। কিন্তু ধৰ্মশাস্ত্ৰত তুলসী পূজা আৰু পানী আগবঢ়োৱাৰ কিছু নিয়ম আছে। তুলসী গছৰ বাবে দিয়া নিয়ম অনুসৰি এমাহৰ ভিতৰত এই দিনকেইটাত তুলসী গছত পানী আগবঢ়াব নালাগে।

 ধৰ্মগ্ৰন্থ অনুসৰি দেওবাৰে কেতিয়াও তুলসী গছত পানী আগবঢ়াব নালাগে। বিশ্বাস কৰা হয় যে তুলসী মায়ে দেওবাৰে ভগৱান বিষ্ণুৰ বাবে নিৰ্জলা ব্ৰত পালন কৰে। গতিকে দেওবাৰৰ দিনা তুলসী গছত পানী ঢালিলে তুলসী মাৰ নিৰ্জলা ব্ৰত ভংগ হয়। ইয়াৰ ফলত মালক্ষ্মীৰ অসন্তুষ্ট হৈ পৰে।

 দ্বিতীয়তে হিন্দু পঞ্জিকা অনুসৰি একাদশী তিথি প্ৰতি মাহৰ কৃষ্ণ পক্ষ আৰু শুক্ল পক্ষত পৰে। এইদৰে প্ৰতিমাহে ২টা একাদশী তিথি আৰু বছৰত ২৪টা একাদশী তিথি হয়। সকলো একাদশী দিনটো ভগৱান বিষ্ণুৰ বাবে উৎসৰ্গিত। যিহেতু মাতুলসী ভগৱান বিষ্ণুৰ অতি প্ৰিয়, সেয়েহে তুলসী মাতাই সকলো একাদশীতে ভগৱান শ্ৰীহৰিৰ বাবে নিৰ্জলা ব্ৰত পালন কৰে। সেইবাবেই একাদশীৰ দিনটোতো তুলসী গছত পানী আগবঢ়াব নালাগে। দেওবাৰ আৰু একাদশীত যদি তুলসী গছত পানী আগবঢ়োৱা হয়, তেন্তে তুলসী গছ শুকাই যায়, লগতে মালক্ষ্মী আৰু ভগৱান বিষ্ণুৰ অসন্তুষ্টিয়ে জীৱনলৈ আৰ্থিক সমস্যা নমাই আনে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ