--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ সামগ্ৰিক স্বাস্থ্য বজাই ৰাখিবলৈ হ’লে তেজ পৰিষ্কাৰ কৰি শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাটো প্ৰয়োজনীয়। প্ৰাকৃতিক ব্লাড পিউৰিফায়াৰ খাদ্য আপোনাৰ শৰীৰৰ সঠিক কাম-কাজৰ বাবে অতি প্ৰয়োজনীয় কাৰণ ই কেৱল শৰীৰৰ প্ৰতিটো কোষলৈ অক্সিজেন আৰু পুষ্টি কঢ়িয়াই অনাই নহয় প্ৰদূষক আৰু আৱৰ্জনাও আঁতৰাই পেলায়। 

সেইবাবেই শৰীৰৰ স্বাভাৱিক কাম-কাজ সুস্থ কৰি ৰাখিবলৈ আৰু ৰোগ নিৰাময়ৰ বাবে তেজ বিশুদ্ধকৰণ অতি প্ৰয়োজনীয়। তেজৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে বৃক্ক, হৃদযন্ত্ৰ, যকৃত, হাওঁফাওঁ আৰু লসিকা তন্ত্ৰইও সঠিকভাৱে কাম কৰে। ইয়াৰ উপৰিও ই ফুলা কমোৱাতো সহায় কৰে। কোনবোৰ খাদ্য সামগ্ৰীয়ে তেজ পৰিষ্কাৰ কৰাত সহায় কৰে জানো আহক।

প্ৰাকৃতিক ৰক্ত বিশুদ্ধক খাদ্য-

১/ সেউজীয়া শাক-পাচলি- সেউজীয়া শাক-পাচলিক সদায় সুস্বাস্থ্যৰ মন্ত্ৰ বুলি গণ্য কৰা হৈছে, কাৰণ এই শাকবোৰত অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদান আৰু এণ্টিঅক্সিডেণ্ট প্ৰচুৰ পৰিমাণে থাকে যিয়ে ৰোগ নিয়ন্ত্ৰণ কৰে। বন্ধাকবি, লেটুচ, পালেং, আৰু সৰিয়হৰ শাকে তেজৰ সোঁত সুস্থ কৰি ৰখাত সহায় কৰে।

২/ এভোকেডো- এভোকেডোক অন্যতম শ্ৰেষ্ঠ প্ৰাকৃতিক তেজ বিশুদ্ধকাৰী খাদ্য হিচাপে জনা যায়, ই আমাৰ শৰীৰৰ পৰা ৰক্তবাহী নলীৰ ক্ষতি কৰিব পৰা বিষাক্ত পদাৰ্থ বাহিৰ কৰি দিয়াত সহায় কৰে। এভোকেডোত প্ৰচুৰ পৰিমাণে ভিটামিন ই থাকে, যিয়ে ফ্ৰী ৰেডিকেল আৰু অক্সিডেটিভ ষ্ট্ৰেছৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা আমাৰ ছালখনক ৰক্ষা কৰিব পাৰে। এভোকেডোত ওমেগা-৩ ফেটি এচিডৰ প্ৰচুৰ উৎসও থাকে।

৩/ ব্ৰকলি- ব্ৰকলিক শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ কৰি পেলাব পৰা অন্যতম উত্তম প্ৰাকৃতিক খাদ্য বুলি গণ্য কৰা হয়, ইয়াত কেলচিয়াম, ওমেগা-৩ ফেটি এচিড, ভিটামিন চি, পটাছিয়াম, মেংগানিজ, ফছফৰাছ আৰু এণ্টিঅক্সিডেণ্ট থাকে যিয়ে শৰীৰক বিষমুক্ত কৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা ব্ৰকলি খোৱাটো এটা উত্তম উপায়

৪/ নেমু- যুগ যুগ ধৰি নেমু ঔষধ হিচাপে ব্যৱহাৰ হৈ আহিছে, এগিলাচ নেমুৰ গৰম পানী খালে শৰীৰৰ পৰা সকলো ধৰণৰ বিষাক্ত পদাৰ্থ ওলাই যায়। নেমুত প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু খনিজ পদাৰ্থ থাকে, যাৰ বাবে ই সহজে তেজ বিশুদ্ধ কৰিব পাৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement