--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ সামগ্ৰিক স্বাস্থ্য বজাই ৰাখিবলৈ হ’লে তেজ পৰিষ্কাৰ কৰি শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাটো প্ৰয়োজনীয়। প্ৰাকৃতিক ব্লাড পিউৰিফায়াৰ খাদ্য আপোনাৰ শৰীৰৰ সঠিক কাম-কাজৰ বাবে অতি প্ৰয়োজনীয় কাৰণ ই কেৱল শৰীৰৰ প্ৰতিটো কোষলৈ অক্সিজেন আৰু পুষ্টি কঢ়িয়াই অনাই নহয় প্ৰদূষক আৰু আৱৰ্জনাও আঁতৰাই পেলায়। 

সেইবাবেই শৰীৰৰ স্বাভাৱিক কাম-কাজ সুস্থ কৰি ৰাখিবলৈ আৰু ৰোগ নিৰাময়ৰ বাবে তেজ বিশুদ্ধকৰণ অতি প্ৰয়োজনীয়। তেজৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে বৃক্ক, হৃদযন্ত্ৰ, যকৃত, হাওঁফাওঁ আৰু লসিকা তন্ত্ৰইও সঠিকভাৱে কাম কৰে। ইয়াৰ উপৰিও ই ফুলা কমোৱাতো সহায় কৰে। কোনবোৰ খাদ্য সামগ্ৰীয়ে তেজ পৰিষ্কাৰ কৰাত সহায় কৰে জানো আহক।

প্ৰাকৃতিক ৰক্ত বিশুদ্ধক খাদ্য-

১/ সেউজীয়া শাক-পাচলি- সেউজীয়া শাক-পাচলিক সদায় সুস্বাস্থ্যৰ মন্ত্ৰ বুলি গণ্য কৰা হৈছে, কাৰণ এই শাকবোৰত অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদান আৰু এণ্টিঅক্সিডেণ্ট প্ৰচুৰ পৰিমাণে থাকে যিয়ে ৰোগ নিয়ন্ত্ৰণ কৰে। বন্ধাকবি, লেটুচ, পালেং, আৰু সৰিয়হৰ শাকে তেজৰ সোঁত সুস্থ কৰি ৰখাত সহায় কৰে।

২/ এভোকেডো- এভোকেডোক অন্যতম শ্ৰেষ্ঠ প্ৰাকৃতিক তেজ বিশুদ্ধকাৰী খাদ্য হিচাপে জনা যায়, ই আমাৰ শৰীৰৰ পৰা ৰক্তবাহী নলীৰ ক্ষতি কৰিব পৰা বিষাক্ত পদাৰ্থ বাহিৰ কৰি দিয়াত সহায় কৰে। এভোকেডোত প্ৰচুৰ পৰিমাণে ভিটামিন ই থাকে, যিয়ে ফ্ৰী ৰেডিকেল আৰু অক্সিডেটিভ ষ্ট্ৰেছৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা আমাৰ ছালখনক ৰক্ষা কৰিব পাৰে। এভোকেডোত ওমেগা-৩ ফেটি এচিডৰ প্ৰচুৰ উৎসও থাকে।

৩/ ব্ৰকলি- ব্ৰকলিক শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ কৰি পেলাব পৰা অন্যতম উত্তম প্ৰাকৃতিক খাদ্য বুলি গণ্য কৰা হয়, ইয়াত কেলচিয়াম, ওমেগা-৩ ফেটি এচিড, ভিটামিন চি, পটাছিয়াম, মেংগানিজ, ফছফৰাছ আৰু এণ্টিঅক্সিডেণ্ট থাকে যিয়ে শৰীৰক বিষমুক্ত কৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা ব্ৰকলি খোৱাটো এটা উত্তম উপায়

৪/ নেমু- যুগ যুগ ধৰি নেমু ঔষধ হিচাপে ব্যৱহাৰ হৈ আহিছে, এগিলাচ নেমুৰ গৰম পানী খালে শৰীৰৰ পৰা সকলো ধৰণৰ বিষাক্ত পদাৰ্থ ওলাই যায়। নেমুত প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু খনিজ পদাৰ্থ থাকে, যাৰ বাবে ই সহজে তেজ বিশুদ্ধ কৰিব পাৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন