--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বৃক্ক শৰীৰৰ অতি গুৰুত্বপূৰ্ণ অংশ। ই শৰীৰৰ ভিতৰত তেজত সৃষ্টি হোৱা পেলনীয়া পদাৰ্থ আঁতৰোৱাৰ কাম কৰে। বৃক্ক শৰীৰৰ তৰল পদাৰ্থ ভাৰসাম্য ৰক্ষাৰ কামো কৰে। বৃক্ক প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰত নিৰ্মিত অতিৰিক্ত ছ’ডিয়াম, ফছফৰাছ, পানী, নিমখ, পটাছিয়াম আদি দূষিত পদাৰ্থবোৰ শৰীৰৰ পৰা বাহিৰ কৰা কাম কৰে। দিনটোত কমেও ৪০বাৰ শৰীৰৰ গোটেই তেজ বৃক্কৰ মাজেৰে পাৰ হৈ যায়। বৃক্কই ২৪ ঘণ্টা ধৰি ইয়াক ফিল্টাৰৰ কাম কৰে। ইয়াৰ উপৰি ই ফছফৰাছ, পটাছিয়াম, হিম’গ্লবিনৰ ভাৰসাম্য ৰক্ষা কৰে।

 বৃক্কৰ স্বাস্থ্যৰ যত্ন লওক-

যদি বৃক্কৰ কাৰ্য্যত কোনো ধৰণৰ সমস্যা হয় তেন্তে ই মাৰাত্মক হ’ব পাৰে। বৃক্কৰ স্বাস্থ্যৰ প্ৰতি সদায় যত্ন লোৱা উচিত। কাৰণ যেতিয়া শৰীৰত খনিজ পদাৰ্থ আৰু নিমখ অধিক গঠন হ’বলৈ আৰম্ভ কৰে, তেতিয়া ই বৃক্কলৈ গৈ কঠিন ৰূপত জমা হয়। যাক কিডনী ষ্টোন বোলা হয়। ইয়াৰ ফলত বৃক্কৰ কাৰ্য্যত সমস্যাৰ সৃষ্টি হ’ব পাৰে। সেইবাবেই যেতিয়াই আপোনাৰ শৰীৰত এই ৫টা লক্ষণে দেখা দিয়ে, তেতিয়াই বুজিব লাগিব যে এইবোৰ বৃক্কৰ পাথৰৰ লক্ষণ আৰু লগে লগে চিকিৎসকৰ কাষ চাপিব লাগে।

 ১. যেতিয়া কঁকালৰ তলৰ অংশ বিষ হয়-

স্বাস্থ্য বিশেষজ্ঞৰ মতে বৃক্কত পাথৰ হোৱাৰ প্ৰথম লক্ষণ হ’ল কঁকালৰ তলৰ অংশত বিষ। একাংশ লোকৰ ক্ষেত্ৰত ই অতি দ্ৰুত আৰু একাংশৰ ক্ষেত্ৰত ই মৃদু। কেতিয়াবা এই বিষ গ্ৰাইনৰ তলৰ অংশলৈও যাব পাৰে। ইয়াৰ বাবে প্ৰস্ৰাৱ কৰাৰ সময়তো জ্বলা-পোৰা হ’ব পাৰে।

২. প্ৰস্ৰাৱৰ ৰং সলনি হয়-

প্ৰস্ৰাৱৰ ৰং সলনি হোৱাটো বৃক্কৰ পাথৰৰ প্ৰাৰম্ভিক লক্ষণসমূহৰ ভিতৰত অন্যতম। যদি কাৰোবাৰ বৃক্কত পাথৰ হয় তেন্তে প্ৰস্ৰাৱৰ ৰং গোলাপী, ৰঙা বা বাদামী হ’ব পাৰে। ইয়াৰ উপৰি প্ৰস্ৰাৱতো তেজ আহিব পাৰে। সঘনাই প্ৰস্ৰাৱ কৰা আৰু দ্ৰুত প্ৰস্ৰাৱ কৰাটোও কিডনীত পাথৰ হোৱাৰ লক্ষণ।

৩. সঘনে জ্বৰ হোৱা-

স্বাস্থ্য বিশেষজ্ঞৰ মতে কিছু লোকৰ ক্ষেত্ৰত কিডনীত পাথৰ হ’লে জ্বৰ হয়। বমিৰ লগতে উচ্চ জ্বৰ আৰু শৰীৰত কঁপনি উঠা বৃক্কত পাথৰ হোৱাৰ লক্ষণ হ’ব পাৰে।

৪. দুৰ্বল হোৱা-

যদি কাৰোবাৰ বৃক্কত পাথৰ হয়, তেন্তে জ্বৰ হোৱাৰ পাছত দুৰ্বলতা আৰু ভাগৰুৱা অনুভৱ হয়। কেতিয়াবা ভেৰ্টিগোৰ সমস্যাও দেখা দিয়ে। এনে হ’লে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

৫. পেটৰ তীব্ৰ বিষ-

কঁকালৰ তলৰ অংশৰ বিষৰ উপৰি বৃক্কত পাথৰ হোৱাৰ বাবে কিছু লোকে পেটৰ তলৰ অংশতো বিষ অনুভৱ কৰে। বৃক্ক বিকল হোৱাৰ সমস্যাৰ ওপৰত এই সমস্যা বহুত বৃদ্ধি পাব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement