--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বৃক্ক শৰীৰৰ অতি গুৰুত্বপূৰ্ণ অংশ। ই শৰীৰৰ ভিতৰত তেজত সৃষ্টি হোৱা পেলনীয়া পদাৰ্থ আঁতৰোৱাৰ কাম কৰে। বৃক্ক শৰীৰৰ তৰল পদাৰ্থ ভাৰসাম্য ৰক্ষাৰ কামো কৰে। বৃক্ক প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰত নিৰ্মিত অতিৰিক্ত ছ’ডিয়াম, ফছফৰাছ, পানী, নিমখ, পটাছিয়াম আদি দূষিত পদাৰ্থবোৰ শৰীৰৰ পৰা বাহিৰ কৰা কাম কৰে। দিনটোত কমেও ৪০বাৰ শৰীৰৰ গোটেই তেজ বৃক্কৰ মাজেৰে পাৰ হৈ যায়। বৃক্কই ২৪ ঘণ্টা ধৰি ইয়াক ফিল্টাৰৰ কাম কৰে। ইয়াৰ উপৰি ই ফছফৰাছ, পটাছিয়াম, হিম’গ্লবিনৰ ভাৰসাম্য ৰক্ষা কৰে।

 বৃক্কৰ স্বাস্থ্যৰ যত্ন লওক-

যদি বৃক্কৰ কাৰ্য্যত কোনো ধৰণৰ সমস্যা হয় তেন্তে ই মাৰাত্মক হ’ব পাৰে। বৃক্কৰ স্বাস্থ্যৰ প্ৰতি সদায় যত্ন লোৱা উচিত। কাৰণ যেতিয়া শৰীৰত খনিজ পদাৰ্থ আৰু নিমখ অধিক গঠন হ’বলৈ আৰম্ভ কৰে, তেতিয়া ই বৃক্কলৈ গৈ কঠিন ৰূপত জমা হয়। যাক কিডনী ষ্টোন বোলা হয়। ইয়াৰ ফলত বৃক্কৰ কাৰ্য্যত সমস্যাৰ সৃষ্টি হ’ব পাৰে। সেইবাবেই যেতিয়াই আপোনাৰ শৰীৰত এই ৫টা লক্ষণে দেখা দিয়ে, তেতিয়াই বুজিব লাগিব যে এইবোৰ বৃক্কৰ পাথৰৰ লক্ষণ আৰু লগে লগে চিকিৎসকৰ কাষ চাপিব লাগে।

 ১. যেতিয়া কঁকালৰ তলৰ অংশ বিষ হয়-

স্বাস্থ্য বিশেষজ্ঞৰ মতে বৃক্কত পাথৰ হোৱাৰ প্ৰথম লক্ষণ হ’ল কঁকালৰ তলৰ অংশত বিষ। একাংশ লোকৰ ক্ষেত্ৰত ই অতি দ্ৰুত আৰু একাংশৰ ক্ষেত্ৰত ই মৃদু। কেতিয়াবা এই বিষ গ্ৰাইনৰ তলৰ অংশলৈও যাব পাৰে। ইয়াৰ বাবে প্ৰস্ৰাৱ কৰাৰ সময়তো জ্বলা-পোৰা হ’ব পাৰে।

২. প্ৰস্ৰাৱৰ ৰং সলনি হয়-

প্ৰস্ৰাৱৰ ৰং সলনি হোৱাটো বৃক্কৰ পাথৰৰ প্ৰাৰম্ভিক লক্ষণসমূহৰ ভিতৰত অন্যতম। যদি কাৰোবাৰ বৃক্কত পাথৰ হয় তেন্তে প্ৰস্ৰাৱৰ ৰং গোলাপী, ৰঙা বা বাদামী হ’ব পাৰে। ইয়াৰ উপৰি প্ৰস্ৰাৱতো তেজ আহিব পাৰে। সঘনাই প্ৰস্ৰাৱ কৰা আৰু দ্ৰুত প্ৰস্ৰাৱ কৰাটোও কিডনীত পাথৰ হোৱাৰ লক্ষণ।

৩. সঘনে জ্বৰ হোৱা-

স্বাস্থ্য বিশেষজ্ঞৰ মতে কিছু লোকৰ ক্ষেত্ৰত কিডনীত পাথৰ হ’লে জ্বৰ হয়। বমিৰ লগতে উচ্চ জ্বৰ আৰু শৰীৰত কঁপনি উঠা বৃক্কত পাথৰ হোৱাৰ লক্ষণ হ’ব পাৰে।

৪. দুৰ্বল হোৱা-

যদি কাৰোবাৰ বৃক্কত পাথৰ হয়, তেন্তে জ্বৰ হোৱাৰ পাছত দুৰ্বলতা আৰু ভাগৰুৱা অনুভৱ হয়। কেতিয়াবা ভেৰ্টিগোৰ সমস্যাও দেখা দিয়ে। এনে হ’লে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

৫. পেটৰ তীব্ৰ বিষ-

কঁকালৰ তলৰ অংশৰ বিষৰ উপৰি বৃক্কত পাথৰ হোৱাৰ বাবে কিছু লোকে পেটৰ তলৰ অংশতো বিষ অনুভৱ কৰে। বৃক্ক বিকল হোৱাৰ সমস্যাৰ ওপৰত এই সমস্যা বহুত বৃদ্ধি পাব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু