--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কৰ্কট ৰোগ এনেকুৱা এটা ৰোগ যাৰ লক্ষণ চিনাক্ত কৰাটো অতি কঠিন। এই ৰোগৰ লক্ষণসমূহ দেখা যায় যেতিয়া ই সম্পূৰ্ণৰূপে শৰীৰত বিয়পি পৰে। কিন্তু শৰীৰৰ কিছুমান দৃশ্যমান পৰিৰ্তনৰ ওপৰত নজৰ ৰাখিলে আপুনি অতি সোনকালে এই ৰোগ ধৰা পেলাব পাৰে। কেতিয়াবা কেতিয়াবা নিশা অত্যধিক ঘাম ওলোৱাটো লিউকেমিয়া আৰু লিম্ফোমাকে ধৰি বহু ধৰণৰ কেন্সাৰৰ লক্ষণ হ’ব পাৰে। কিন্তু নিশা ঘাম ওলোৱাৰ আন বহুতো কাৰণ থাকিব পাৰে, যেনে- সংক্ৰমণ, কিছুমান ঔষধ বা ৰজোনিবৃত্তি।

যিহেতু কেন্সাৰ এক নীৰৱ ঘাতক, গতিকে শৰীৰৰ সৰু সৰু সমস্যা এটাকো আওকাণ কৰা উচিত নহয়। সেয়েহে আজি আমি কেন্সাৰৰ এনে কিছুমান লক্ষণৰ বিষয়ে জানিম, যিবোৰ সাধাৰণতে নিশা ভাগত দেখা দিয়ে। যদি আপুনি এই লক্ষণসমূহ দেখা পায় তেন্তে চিকিৎসকৰ ওচৰলৈ যোৱাত পলম নকৰিব।

কেন্সাৰৰ এই লক্ষণসমূহ নিশা ভাগত দেখা দিয়ে-

১) শৰীৰৰ যিকোনো অংশৰ অপ্ৰয়োজনীয় বিষ কেতিয়াও আওকাণ নকৰিব। কাৰণ বিষে শৰীৰত কিবা এটা ভুল হোৱাটো সূচায়। যদি শৰীৰত বিষ অনুভৱ কৰি আছে তেন্তে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক, কাৰণ যদি কোনো ৰোগৰ বাবে হয়, তেন্তে সময়ৰ আগতে গম পোৱাৰ লগতে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ ৰিব পাৰিব।

২) যদি কোনো কাৰণ নোহোৱাকৈয়ে নিজে নিজে ওজন হ্ৰাস পায়, তেন্তে ইয়াক সহজভাৱে নল’ব। কাৰণ কেতিয়াবা কোনো ৰোগত ভুগি থকা লোকৰ ওজন কমিবলৈ আৰম্ভ কৰে। থাইৰয়ডৰ সমস্যা আৰু কেন্সাৰৰ বাবেও ওজন হ্ৰাস হ’ব পাৰে। এই কাৰণেই হঠাৎ ওজন কমিলে চিকিৎসকৰ কাষ চাপক।

৩) গাঁঠি ফুলা আৰু বিষ এনেকুৱা এটা লক্ষণ, যিটো কেন্সাৰ ৰোগীৰ ক্ষেত্ৰত বেছিকৈ দেখা যায়। বেছিভাগ ৰোগীয়ে কেৱল শৰীৰৰ গাঁঠিৰ বাবেহে কেন্সাৰ ৰোগত আক্ৰান্ত হয়। যদি আপুনি আপোনাৰ শৰীৰৰ কোনো অংশত বিষ অনুভৱ কৰিছে, তেন্তে লগে লগে চিকিৎসকৰ ওচৰত পৰীক্ষা কৰাওক। কাৰণ ই কেন্সাৰৰ লক্ষণো হ’ব পাৰে। ইয়াৰ উপৰি শৰীৰৰ যিকোনো অংশত ফুলাটোও কেন্সাৰৰ লক্ষণ হ’ব পাৰে।

৪) কোনো কাৰণ নোহোৱাকৈ প্ৰস্ৰাৱ-পাইখানা বা বমিত তেজ ওলেৱাটো সাধাৰণ কথা নহয়। ই কোনো বিপজ্জনক ৰোগ বা কৰ্কট ৰোগৰ লক্ষণ হ’ব পাৰে।

৫) ছালৰ কিছু পৰিৱৰ্তনে কেন্সাৰৰ ইংগিত দিব পাৰে, যেনে-ঘা গঠন, অদ্ভুত তিলৰ জন্ম, ছালৰ ৰং বা আকাৰৰ পৰিৱৰ্তন, খজুৱতি বা ৰক্তক্ষৰণ ইত্যাদি। তেনে লক্ষণ দেখা পালে লগে লগে চিকিৎসকৰ লগত যোগাযোগ কৰক।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশত ৩৫৮২টা, পাকিস্তানত ৩৩৪টা সংখ্যালঘু উৎপীড়নৰ ঘটনা
ডিব্ৰুগড়ৰ চাও পাৰ্থ বৰগোহাঁইৰ পৰিচালিত 'হিৰাইথ' নির্বাচিত
বিৰাট কোহলী আৰু মহেন্দ্ৰ সিং ধোনী ; কোন হয় আটাইতকৈ ধনী ক্ৰিকেটাৰ ?
গেৰুকামুখ প্রকল্প বিপজ্জনক বুলি স্বীকাৰ কেন্দ্ৰৰ
‘অপাৰেচন সিন্দূৰ’ত ভাৰতীয় বায়ুসেনাই ধ্বংস কৰিছিল পাকিস্তানৰ ৬খন যুঁজাৰু বিমান!  বায়ুসেনাৰ মুৰব্বীৰ দাবী
নিষিদ্ধ চেং মাছক কেন্দ্ৰ কৰি উত্তপ্ত ডিব্ৰুগড় বিমানবন্দৰ
এচিয়া কাপ ২০২৫ৰ স্থান ঘোষণা এচিচিৰ ; ডুবাইত অনুষ্ঠিত হ'ব ভাৰত-পাকিস্তানৰ মেচ
অহা সপ্তাহত মুম্বাইত ভাৰতৰ প্ৰথমটো চাৰ্জিং ষ্টেচন মুকলি কৰিব টেছলাই
সুধাকণ্ঠ স্মাৰক মুদ্রাক লৈ সামাজিক মাধ্যমত বিতর্ক
প্ৰসংগ: ডিব্ৰুগড়ৰ উত্তম গগৈৰ হত্যাকাণ্ড ; ছুপাৰি কিলাৰক ১০ লাখ টকা দি হত্যা ব্যৱসায়ীজনক...
শীঘ্ৰেই ভাৰতৰ মানচিত্ৰৰ পৰা অদৃশ্য হ'ব হিমাচল প্রদেশ
ৰঙিয়াৰ জৱাহৰ নৱোদয় বিদ্যালয়ত জঘন্য ঘটনা ; ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ ওপৰত যৌন উৎপীড়ন
ড° নগেন শইকীয়া, চৈয়দ চাদুল্লাক বাসগৃহতে সাক্ষাৎ সোণোৱালৰ
ৰাছিয়াৰ কাষত মার্কিন পাৰমাণৱিক ছাবমেৰিন মোতায়েনৰ নিৰ্দেশ