--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমি যেতিয়াই আমাৰ ঘৰত খাদ্য প্ৰস্তুত কৰো, আমি প্ৰায়ে অতিৰিক্ত পৰিমাণে ৰান্ধো, যাৰ বাবে খাদ্য বাকী থাকে আৰু আমি পাছত খাব লগা হয়। আগতে ৰন্ধা খাদ্য খোৱাৰ বাবে আমি পুনৰ গৰম কৰো। আপুনি হয়তো ভাবিছে যে আপুনি এই কাম কৰি খাদ্যৰ অপচয় ৰোধ কৰিছে। কিন্তু আপোনাৰ সুস্বাস্থ্যৰ বাবে আমি আপোনাক জনাওঁ যে কিছুমান খাদ্য পুনৰ গৰম কৰিলে আপোনাৰ স্বাস্থ্যৰ গুৰুতৰ ক্ষতি হ'ব পাৰে। দৈনিক খাদ্যবস্তুৰ কিছুমান খাদ্য আছে যিবোৰ পুনৰ গৰম কৰাৰ পিছত খাব নালাগে।

এই খাদ্যবস্তুবোৰ পুনৰ গৰম কৰাটো বিপদজনক

১) পালেং শাকঃ পালেং শাকক অতি স্বাস্থ্যসন্মত খাদ্য বুলি গণ্য কৰা হয়। ইয়াৰ স্বাস্থ্যৰ বাবে প্ৰয়োজনীয় বহুতো উপকাৰী গুণ আছে, কিন্তু ৰন্ধা পাছত ইয়াক পুনৰ গৰম কৰিলে ইয়াৰ পৰা কৰ্কট ৰোগ সৃষ্টিকাৰী পদাৰ্থ উৎপন্ন হ’ব পাৰে, গতিকে এনে কৰাৰ পৰা বিৰত থাকক।

২) আলুঃ আলুৰ বিভিন্ন ৰেচিপি আছে যত আলু বইল কৰাৰ পাছত ফ্ৰাই কৰা হয়। কিছুমান মানুহে আলুৰ ব্যঞ্জন ৰন্ধাৰ বহু পূৰ্বেই আলু বইল কৰি থৈ দিয়ে। এনে কৰাৰ ফলত Clostridium Botulinum নামৰ পদাৰ্থ বাঢ়ি যায় যিটো স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। গতিকে আলু বইল কৰাৰ পাছত লগে লগে আপুনি যি ব্যঞ্জন ৰান্ধিব বিচাৰে ৰান্ধি ল’ব।

৩) ভাতঃ ভাত আমাৰ সকলোৰে ঘৰত ৰন্ধা অতি সাধাৰণ খাদ্য। ভাত কেতিয়াবা ৰাহি হয় আৰু সেয়া আমি পাছত খাওঁ। সাধাৰণতে ভাত ৰন্ধাৰ ১ ঘণ্টাৰ ভিতৰত খাব লাগে। ইয়াক বাৰে বাৰে গৰম কৰিলে স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে।

৪) কণীঃ কণীৰ পুষ্টিকৰ মূল্য বেছি যাৰ বাবে ইয়াক ছুপাৰফুডৰ মৰ্যাদা দিয়া হয়। ইয়াক ৰন্ধা কিছু সময়ৰ পাছতেই খাব লাগে কাৰণ পাছত গৰম কৰিলে সোৱাদ সলনি হোৱাই নহয় স্বাস্থ্যৰ বাবেও ক্ষতিকাৰক বুলি প্ৰমাণিত হয়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু