--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমি যেতিয়াই আমাৰ ঘৰত খাদ্য প্ৰস্তুত কৰো, আমি প্ৰায়ে অতিৰিক্ত পৰিমাণে ৰান্ধো, যাৰ বাবে খাদ্য বাকী থাকে আৰু আমি পাছত খাব লগা হয়। আগতে ৰন্ধা খাদ্য খোৱাৰ বাবে আমি পুনৰ গৰম কৰো। আপুনি হয়তো ভাবিছে যে আপুনি এই কাম কৰি খাদ্যৰ অপচয় ৰোধ কৰিছে। কিন্তু আপোনাৰ সুস্বাস্থ্যৰ বাবে আমি আপোনাক জনাওঁ যে কিছুমান খাদ্য পুনৰ গৰম কৰিলে আপোনাৰ স্বাস্থ্যৰ গুৰুতৰ ক্ষতি হ'ব পাৰে। দৈনিক খাদ্যবস্তুৰ কিছুমান খাদ্য আছে যিবোৰ পুনৰ গৰম কৰাৰ পিছত খাব নালাগে।

এই খাদ্যবস্তুবোৰ পুনৰ গৰম কৰাটো বিপদজনক

১) পালেং শাকঃ পালেং শাকক অতি স্বাস্থ্যসন্মত খাদ্য বুলি গণ্য কৰা হয়। ইয়াৰ স্বাস্থ্যৰ বাবে প্ৰয়োজনীয় বহুতো উপকাৰী গুণ আছে, কিন্তু ৰন্ধা পাছত ইয়াক পুনৰ গৰম কৰিলে ইয়াৰ পৰা কৰ্কট ৰোগ সৃষ্টিকাৰী পদাৰ্থ উৎপন্ন হ’ব পাৰে, গতিকে এনে কৰাৰ পৰা বিৰত থাকক।

২) আলুঃ আলুৰ বিভিন্ন ৰেচিপি আছে যত আলু বইল কৰাৰ পাছত ফ্ৰাই কৰা হয়। কিছুমান মানুহে আলুৰ ব্যঞ্জন ৰন্ধাৰ বহু পূৰ্বেই আলু বইল কৰি থৈ দিয়ে। এনে কৰাৰ ফলত Clostridium Botulinum নামৰ পদাৰ্থ বাঢ়ি যায় যিটো স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। গতিকে আলু বইল কৰাৰ পাছত লগে লগে আপুনি যি ব্যঞ্জন ৰান্ধিব বিচাৰে ৰান্ধি ল’ব।

৩) ভাতঃ ভাত আমাৰ সকলোৰে ঘৰত ৰন্ধা অতি সাধাৰণ খাদ্য। ভাত কেতিয়াবা ৰাহি হয় আৰু সেয়া আমি পাছত খাওঁ। সাধাৰণতে ভাত ৰন্ধাৰ ১ ঘণ্টাৰ ভিতৰত খাব লাগে। ইয়াক বাৰে বাৰে গৰম কৰিলে স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে।

৪) কণীঃ কণীৰ পুষ্টিকৰ মূল্য বেছি যাৰ বাবে ইয়াক ছুপাৰফুডৰ মৰ্যাদা দিয়া হয়। ইয়াক ৰন্ধা কিছু সময়ৰ পাছতেই খাব লাগে কাৰণ পাছত গৰম কৰিলে সোৱাদ সলনি হোৱাই নহয় স্বাস্থ্যৰ বাবেও ক্ষতিকাৰক বুলি প্ৰমাণিত হয়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ