--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহক জীয়াই থকাৰ সঠিক পথৰ সন্ধান দি গৈছে চাণক্যই। চাণক্যই কৈছে যে এই পাঁচ প্ৰকাৰৰ লোকৰ সৈতে কেতিয়াও সম্পৰ্ক ৰাখিব  নালাগে। অন্যথা, আপোনাৰ জীৱনত দুখ আহিব পাৰে।কেনে লোকৰ পৰা দূৰত থকাৰ কথা কৈছে চাণক্যই জানো আহক-

এলেহুৱা লোক - অলসতা হৈছে মানুহৰ আটাইতকৈ ডাঙৰ শত্ৰু। কিয়নো অলসতা মানুহৰ সফলতাৰ বাবে বাধা হৈ পৰে। এজন এলেহুৱা ব্যক্তিয়ে জীৱনৰ সঠিক সময় ব্যৱহাৰ কৰিব নোৱাৰে। অলসতাৰ বাবে ব্যক্তিজনেও তেওঁৰ কৰ্তব্যৰ পৰা আঁতৰি যায়। যিটোৱে তেওঁক আনৰ দৃষ্টিত বেয়া মানুহ কৰি তোলে।অলস লোকসকলে তেওঁলোকৰ স্বাস্থ্য বা তেওঁলোকৰ কামৰ যত্ন নলয়। যিসকলে অলস মানুহৰ সংস্পৰ্শলৈ আহে তেওঁলোকেও লাহে লাহে এলেহুৱা হৈ পৰে। গতিকে আচাৰ্য চাণক্যই কৈছে যে এলেহুৱা  মানুহৰ পৰা আঁতৰি থকাটো সদায়েই ভাল।

নাস্তিক – এনে বহু লোক  আছে যিয়ে ঈশ্বৰ আৰু ধৰ্মত বিশ্বাস নকৰে। ফলস্বৰূপে, তেওঁলোকৰ ধৰ্মৰ বিষয়ে তেওঁলোকৰ কোনো জ্ঞান নাথাকে। ধৰ্ম আৰু শাস্ত্ৰৰ বিষয়ত  বিশ্বাস নথকাৰ বাবে এনে লোকসকলে ভুল পথলৈ যায় আৰু বিভিন্ন পাপ কৰে। তেনে লোককো এৰাই চলিব লাগে৷ ধৰ্ম পালন নকৰাৰ বাবে তেওঁলোকে জঘন্য অপৰাধ কৰিবলৈ কুণ্ঠাবোধ নকৰে। ইয়াৰ ফলস্বৰূপে, তেওঁলোকে তেওঁলোকৰ জীৱন নৰক সদৃশ কৰি তোলে আৰু আনকি যিসকলে তেওঁলোকৰ সৈতে লগ লাগে  তেওঁলোকেও ইয়াৰ প্ৰভাৱৰ দ্বাৰা প্ৰভাাৱান্বিত  হয়। সেয়েহে, আচাৰ্য চাণক্যৰ মতে, এনে লোকৰ পৰা আঁতৰি থকাই ভাল।

খঙাল লোক- আচাৰ্য চাণক্যই সাধাৰণ কথাতে খং কৰা লোকসকলক দানৱৰ সৈতে তুলনা  কৰিছে। এইটো মনত ৰাখিব লাগে যে খঙে সদায় মানুহৰ  ক্ষতি কৰে।বহু সময়ত খঙাল মানুহবোৰ নিন্দা আৰু হাঁহিয়াতৰ পাত্ৰ হৈ পৰে৷খঙাল মানুহে তেওঁলোকৰ বন্ধু আৰু আত্মীয়সকলৰ সৈতে দুৰ্ব্যৱহাৰ কৰিবলৈ কুণ্ঠাবোধ নকৰে। বহুসময়ত তেওঁলোকে হিতাহিত জ্ঞান হেৰুৱাই  বহু  বিপজ্জনক  কাম কৰিব পাৰে। গতিকে যদি আপুনি শান্তিত থাকিব বিচাৰে, তেওঁলোকৰ পৰা আঁতৰি থকাই ভাল।

ঈৰ্ষান্বিত লোক – যিসকলে আনৰ ভাল দেখিব নোৱাৰে তেওঁলোক কেতিয়াও ভাল মানুহ হ'ব নোৱাৰে। তেওঁলোক নিশ্চিতভাৱে কূটনৈতিক আৰু পাপী লোক। তেওঁলোকে আনক সৰু কৰি তুলিবলৈ যিকোনো স্তৰলৈ যাব পাৰে। যদি আপুনি এনে লোকৰ সৈতে বন্ধুত্ব কৰে,আপুনিও আনক  ঈৰ্ষা কৰিবলৈ আৰম্ভ কৰিব পাৰে৷ গতিকে তেনে লোককো এৰাই চলাই ভাল৷ 

নিচাগ্ৰস্ত ব্যক্তি - সুৰা আৰু বিভিন্ন প্ৰকাৰৰ নিচাৰ প্ৰতি আসক্ত ব্যক্তিৰ  বহু সময়ত হিতাহিত জ্ঞান নোহোৱা হৈ পৰে। এনে এজন ব্যক্তিয়ে ভাল আৰু বেয়া বিচাৰ কৰাৰ ক্ষমতা হেৰুৱায়। তেওঁলোকে মাতাল হৈ কোনো বেয়া কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে। যিসকলে এই লোকসকলৰ সৈতে বন্ধুত্ব কৰে তেওঁলোকও এটা সময়ত ধ্বংস হৈ যায়। গতিকে আচাৰ্য চাণক্যই এনে লোকৰ পৰাও আঁতৰি থাকিবলৈ কৈছে ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিলাসীপাৰাত ধনৰ লোভত নাবালিকা কন্যাক বিয়া দিবলৈ চেষ্টা কৰাৰ অভিযোগ; নিজ পিতৃৰ বিৰুদ্ধে এজাহাৰ কন্যাৰ
কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা; তীব্ৰবেগী ট্ৰেভেলাৰ আৰু ট্ৰেইলাৰৰ মুখামুখি সংঘৰ্ষত ২৩ জনৰ মৃত্যু
চিকিৎসকৰ চমৎকাৰ! জন্মৰ এমাহৰ পাছতে অস্ত্ৰোপচাৰৰ জৰিয়তে পিঠিৰ পৰা সংযুক্ত হৈ থকা যমজ ভাতৃক কৰিলে পৃথক
বাটতে ৰৈ আছিল যমদূত; ভয়ংকৰ পথ দুৰ্ঘটনাত পতি-পত্নী আৰু কণমানি দুই সন্তানৰ মৃত্যু
নাটকীয়ভাৱে দৃশ্যপট সলনি হৈছে বিহাৰৰ ৰাজনীতিত! ফাঁট মেলিছে শাসক মিত্রজোঁট NDAত
IPLৰ দল বৃদ্ধি নহয়; স্পষ্ট কৰিলে BCCIৰ সচিব দেৱজিৎ শইকীয়াই
ফেন্সি বজাৰৰ উৰ্বশী বজাৰত এন্দুৰৰ উপদ্ৰৱ আৰু গুৱাহাটী মহানগৰীৰ নিগমৰ জৰিমনা
অসমৰ অৱক্ষয়িত বনভূমি পুনৰুদ্ধাৰত ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ
আমিনগাঁৱত প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰা অনুমতি পত্ৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত কুৰিজনৰো অধিক লোকৰ প্ৰাণহানি, শীৰ্ষ নেতাসকলৰ শোক প্ৰকাশ
কাজিৰঙাৰ দুৰ্ঘটনা সন্দৰ্ভত এআইইউডিএফৰ গভীৰ শোক প্ৰকাশ
মহানগৰীত আৰক্ষীৰ কঠোৰ পদক্ষেপ, জনসাধাৰণক আমনি কৰাৰ অভিযোগত আটক ২২ জন তৃতীয় লিংগৰ ব্যক্তি
গুৱাহাটীত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬
মহানগৰীত ভেণ্ডিং জ’ন স্থাপনৰ পৰিকল্পনাত হেঙাৰ, ফুটপাথত অব্যাহত দখলদাৰী