--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সুস্থ হৈ থাকিবলৈ হজম শক্তি সঠিক হোৱাটো অতি প্ৰয়োজনীয়। বেয়া হজম শক্তি বহু ৰোগৰ কাৰণ। আমাৰ বহু খাদ্যাভ্যাসৰ বাবে হজম শক্তিৰ লগত জড়িত সমস্যাৰ সৃষ্টি হয়। ইয়াৰ ফলত পেটৰ বিষ, বদহজম, কোষ্ঠকাঠিন্য, এচিডিটি আৰু পেট ফুলা আদি হ’ব পাৰে। কোনবোৰ অভ্যাসে হজম শক্তিৰ লগত জড়িত সমস্যাৰ সৃষ্টি কৰে জানো।

• খোৱাৰ পাছত পানী খোৱা: বহুতে খাদ্য খোৱাৰ সময়ত বা খোৱাৰ পাছত বহু পৰিমাণে পানী খায়। খাদ্য খোৱাৰ লগে লগে পানী খোৱাৰ বাবে হজম শক্তিৰ লগত জড়িত সমস্যা হ’ব পাৰে। পানীয়ে হজম শক্তিত প্ৰভাৱ পেলাব পাৰে। যদি হজম শক্তি সুস্থ কৰি ৰাখিব লাগে তেন্তে ১০-১৫ মিনিট খোৱাৰ পাছত পানী খাব লাগে।

• খৰকৈ খোৱা: বহুতে খুব খৰকৈ খাদ্য খায়। খৰধৰকৈ খোৱাৰ বাবে তেওঁলোকে খাদ্যও ভালদৰে চোবাই নাথাকে। খাদ্য ভালদৰে চোবাই নোখোৱাৰ বাবে ইয়াৰ হজম কষ্টকৰ হৈ পৰে। ইয়াৰ ফলত গেছ আৰু পেট ফুলাও হ’ব পাৰে। খাদ্য লাহে লাহে আৰু ভালদৰে চোবাই খোৱাৰ পিছত খাব লাগে।

• খালী পেটত চাহ-কফি: খালী পেটত চাহ বা কফি খালে গেছ আৰু এচিডিটিৰ সমস্যা হ’ব পাৰে। চাহ আৰু কফিত কেফেইন থাকে। যাৰ ফলত বদহজম হয়। যদি আপুনি জ্বলা-পোৰা, বমি বা গেছৰ সমস্যাত ভুগিছে, তেন্তে ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে চাহ-কফি খোৱাৰ পৰা বিৰত থাকিব লাগে।

• ভুলকৈ বহি খোৱা: খাদ্য খোৱাৰ সময়ত আমাৰ অৱস্থান কেনেকুৱা হ'ব, ই হজম শক্তিত প্ৰভাৱ পেলায়। খোজ কঢ়াৰ সময়ত খাদ্য খাব নালাগে। ভৰি ক্ৰছ কৰি বহি তাৰ পিছত খাদ্য খাব। ভৰি দুখন ক্ৰছ কৰি বহি থাকিলে তেজৰ চলাচল ভাল হয়। ইয়াৰ ফলত সঠিক হজম হয়।

• পানী কমকৈ খোৱা: ভাল হজমৰ বাবে উপযুক্ত পৰিমাণৰ পানী খোৱাটো প্ৰয়োজনীয়। শৰীৰত পানীৰ অভাৱৰ বাবে খাদ্য কঠিন হৈ পৰিব পাৰে আৰু হজমত অসুবিধা হ’ব পাৰে। ডিহাইড্ৰেচনেও ডায়েৰিয়াৰ সৃষ্টি কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি ব্ৰহ্মপুত্ৰৰ ওপৰত উৰিব ৰাফেল-তেজস, 'মায়াবিনী...'ৰ সুৰত ভাৰতীয় সেনাৰ বৃহৎ এয়াৰ শ্ব' 'সূৰ্যকিৰণ'
নিশা ধিঙত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা ; তীব্ৰবেগত মৰা খুন্দাত জ্বলিল এলট্ৰ’জ বাহন
অহা বছৰ ভাৰতলৈ আহিব ড'নাল্ড ট্রাম্প, সাংবাদিকৰ আগত আমেৰিকাৰ ৰাষ্ট্ৰপতি
প্রতীকালৈ বিশ্ব কাপৰ পদক, শেষৰ দুখন মেচ খেলিবলৈ নোপোৱা ক্রিকেটাৰৰ স্বপ্ন পূৰণ
প্রত্যর্পণ নহ'লে বহিষ্কাৰ কৰক বাংলাদেশীক, বহিঃৰাষ্ট্ৰৰ পৰা হোৱা আগ্রাসনক লৈ উদ্বিগ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অভিমত
চীনে বৃদ্ধি কৰিলে সামৰিক শক্তি! তৃতীয়খন বিমানবাহী জাহাজ ‘ফুজিয়ান’ সাজু, আমেৰিকাৰ উদ্বেগ বৃদ্ধি
আজি শ্বাহৰূখ খানৰ জন্মদিন; 'মন্নত'ৰ বাহিৰত সমবেত অনুৰাগীলৈ কিং খানৰ উপহাৰ
'হাৰমনিয়াম আৰু কি বৰ্ডত সুৰৰ মূৰ্চ্ছনা তুলিবলৈ গল্ডিৰ হাত কেইখন আৰু নাই' - মনোজ বৰঠাকুৰ
ওদালগুৰিত পুনৰ মৃত্যু বন্যহস্তীৰ ; এসপ্তাহত তিনিটাকৈ বন্যহস্তীৰ মৃত্যু
বিশ্বৰ 'সৃষ্টিশীল মহানগৰী' হিচাপে ইউনেস্ক'ৰ তালিকাত লক্ষ্ণৌ
বিশ্বৰ যিকোনো দেশৰ সংকটৰ সময়ত কাষত থিয় দিয়ে ভাৰতে, ছট্টিশগড় ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্রী মোদী
শিক্ষাৰ্থীৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম, দেশৰ বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা আৰম্ভ হ'ব 'এ আই', 'চি টি'ৰ শিক্ষা
জুবিন গাৰ্গৰ পিছে পিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাও গুচি গ'ল উভতি নহাৰ বাটেৰে
কচু শাকৰ চমৎকাৰী উপকাৰিতাৰ কথা জানিলে আচৰিত হ'ব আপুনি