--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সুস্থ হৈ থাকিবলৈ হজম শক্তি সঠিক হোৱাটো অতি প্ৰয়োজনীয়। বেয়া হজম শক্তি বহু ৰোগৰ কাৰণ। আমাৰ বহু খাদ্যাভ্যাসৰ বাবে হজম শক্তিৰ লগত জড়িত সমস্যাৰ সৃষ্টি হয়। ইয়াৰ ফলত পেটৰ বিষ, বদহজম, কোষ্ঠকাঠিন্য, এচিডিটি আৰু পেট ফুলা আদি হ’ব পাৰে। কোনবোৰ অভ্যাসে হজম শক্তিৰ লগত জড়িত সমস্যাৰ সৃষ্টি কৰে জানো।

• খোৱাৰ পাছত পানী খোৱা: বহুতে খাদ্য খোৱাৰ সময়ত বা খোৱাৰ পাছত বহু পৰিমাণে পানী খায়। খাদ্য খোৱাৰ লগে লগে পানী খোৱাৰ বাবে হজম শক্তিৰ লগত জড়িত সমস্যা হ’ব পাৰে। পানীয়ে হজম শক্তিত প্ৰভাৱ পেলাব পাৰে। যদি হজম শক্তি সুস্থ কৰি ৰাখিব লাগে তেন্তে ১০-১৫ মিনিট খোৱাৰ পাছত পানী খাব লাগে।

• খৰকৈ খোৱা: বহুতে খুব খৰকৈ খাদ্য খায়। খৰধৰকৈ খোৱাৰ বাবে তেওঁলোকে খাদ্যও ভালদৰে চোবাই নাথাকে। খাদ্য ভালদৰে চোবাই নোখোৱাৰ বাবে ইয়াৰ হজম কষ্টকৰ হৈ পৰে। ইয়াৰ ফলত গেছ আৰু পেট ফুলাও হ’ব পাৰে। খাদ্য লাহে লাহে আৰু ভালদৰে চোবাই খোৱাৰ পিছত খাব লাগে।

• খালী পেটত চাহ-কফি: খালী পেটত চাহ বা কফি খালে গেছ আৰু এচিডিটিৰ সমস্যা হ’ব পাৰে। চাহ আৰু কফিত কেফেইন থাকে। যাৰ ফলত বদহজম হয়। যদি আপুনি জ্বলা-পোৰা, বমি বা গেছৰ সমস্যাত ভুগিছে, তেন্তে ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে চাহ-কফি খোৱাৰ পৰা বিৰত থাকিব লাগে।

• ভুলকৈ বহি খোৱা: খাদ্য খোৱাৰ সময়ত আমাৰ অৱস্থান কেনেকুৱা হ'ব, ই হজম শক্তিত প্ৰভাৱ পেলায়। খোজ কঢ়াৰ সময়ত খাদ্য খাব নালাগে। ভৰি ক্ৰছ কৰি বহি তাৰ পিছত খাদ্য খাব। ভৰি দুখন ক্ৰছ কৰি বহি থাকিলে তেজৰ চলাচল ভাল হয়। ইয়াৰ ফলত সঠিক হজম হয়।

• পানী কমকৈ খোৱা: ভাল হজমৰ বাবে উপযুক্ত পৰিমাণৰ পানী খোৱাটো প্ৰয়োজনীয়। শৰীৰত পানীৰ অভাৱৰ বাবে খাদ্য কঠিন হৈ পৰিব পাৰে আৰু হজমত অসুবিধা হ’ব পাৰে। ডিহাইড্ৰেচনেও ডায়েৰিয়াৰ সৃষ্টি কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক