--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জলবায়ু পৰিৱৰ্তনে অধিক ক্ষিপ্র তথা প্ৰবল ৰূপ ধাৰণ কৰিছে। বতৰ বিজ্ঞানীসকলে এই কথা প্রকাশ কৰিছে। বতৰ বিজ্ঞানীসকলে লগতে এই বুলিও আশংকা প্রকাশ কৰিছে যে জলবায়ু পৰিৱৰ্তন ইমানেই শক্তিশালী হৈ পৰিছে যে শীত নমাই অনাত সহায় কৰা লা নিনোৰ প্ৰভাৱো দুৰ্বল হৈ পৰিব। ফলত এইবাৰ দেশত প্রচণ্ড গৰমে দহাৰ আশংকা কৰা হৈছে। উল্লেখযোগ্য যে ভাৰতে পূৰ্বৰ পৰা প্রাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈ আহিছে। 

এনে অৱস্থাত বতৰ বিজ্ঞানীসকলে এই বুলি সতর্কবাণী শুনাইছে যে অনাগত মাহবোৰত গ্রীষ্ম প্ৰৱাহৰ প্রকোপ অধিক বৃদ্ধি পাব। ইয়াৰ লগতে বতৰৰ সৈতে জড়িত অপ্রত্যাশিত ঘটনা অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। বিশ্ব বতৰ বিজ্ঞান সংগঠনে (ডব্লিউ এম অ') এই ভৱিষ্যদ্বাণী কৰিছে। ডব্লিউ এম অ'ৰ মতে বতৰ শীতল কৰাত সহায় কৰা এল নিনোৰ প্ৰভাৱ ক্ৰমাৎ দুৰ্বল হ'বলৈ আৰম্ভ কৰিছে আৰু অহা বছৰ ইয়াৰ প্ৰভাৱৰ অন্ত পৰিব পাৰে। ইয়াৰ অৰ্থ হ'ল অত্যধিক গৰমৰ পৰা হাত সৰাৰ বাবে আমাৰ হাতত প্রাকৃতিক সুৰক্ষা কৱচ নাথাকিব। ই জলবায়ু পৰিৱৰ্তনৰ এক ভয়াৱহ ইংগিত বুলি কোৱা হৈছে। উল্লেখযোগ্য যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ইতিমধ্যে চলিত বছৰত আগতীয়াকৈ গৰম পৰাৰ আৰু তাপমাত্রা স্বাভাৱিক অৱস্থাতকৈ অধিক হোৱা তথা দীঘলীয়া সময় গ্রীষ্ম প্ৰৱাহ চলি থাকিব বুলি আগলি বতৰা দিছে। বিজ্ঞানীসকলে প্রকাশ কৰা অনুসৰি, জলবায়ু পৰিৱৰ্তনে দ্রুত গতিত গৰমৰ দিন বৃদ্ধি কৰা আৰু বসন্ত কাল চমু হৈ পৰাৰ ইংগিত দিছে। 

বিজ্ঞানীসকলে কৰা অনুমান মতে, অনাগত গ্রীষ্ম প্ৰৱাহ অধিক তীব্র, দীঘলীয়া আৰু একেৰাহে চলিব। মাত্রাধিক গৰমে মানুহৰ স্বাস্থ্য, খেতি-বাতি আৰু সমগ্ৰ পৰিৱেশতন্ত্ৰক বিধ্বস্ত কৰি পেলাব পাৰে। বম্বে আই আই টিৰ পৃথিৱী প্রণালী বৈজ্ঞানিক তথা অধ্যাপক ৰঘু মুর্তুগুড্ডেই কয় যে তেওঁ ডিচেম্বৰ-ফেব্ৰুৱাৰী সময়ছোৱাত গৰম আৰু শীতৰ তাপমানৰ বিসংগতি এক বিশ্ব পৰ্যায়ৰ প্ৰৱাহ দেখা পাইছে। ই জেট প্ৰৱাহৰ সৈতে জড়িত। জেট প্ৰৱাহ হ'ল বায়ুমণ্ডলৰ ওপৰৰ তৰপত প্ৰৱাহিত হোৱা বেগী বতাহ। এই বতাহ উত্তৰ আৰু দক্ষিণলৈ বলে আৰু বতৰ প্ৰভাৱিত কৰে। আনহাতে প্রতিষ্ঠানটোৰ এগৰাকী জলবায়ু বিজ্ঞানীয়ে প্রকাশ কৰা মতে, বাৰিষাৰ আগতেই এই বতাহৰ উত্তৰ দিশত পৰিৱৰ্তন হোৱা দেখা পোৱা গৈছে, যিটো গ্ৰীষ্ম প্ৰৱাহৰ সৈতে জড়িত।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ