--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহৰ নিৰ্দেশক্রমে ৰাজ্যখনত শনিবাৰে মুকলি গতি-বিধি আৰম্ভ হৈছিল। আনহাতে, এটা পৃথক প্রশাসন ব্যৱস্থা নোপোৱালৈকে ৰাজ্যখনত মুকলি গতি-বিধি মানি নোলোৱাৰ পণ ধৰিছে কুকি-জ' জনগোষ্ঠীয়ে। শনিবাৰে সেনাপতি জিলা অভিমুখী এখন বাছত কুকি উন্মত্ত জনতাই কাংপকপীত শিল নিক্ষেপ কৰে আৰু নিৰাপত্তা বাহিনী আৰু উন্মত্ত জনতাৰ মাজত হিংসাত্মক সংঘর্ষ হয়। 

এই সংঘর্ষত কেইবাজনো লোক আহত হোৱাৰ লগতে এজন প্রতিবাদকাৰী নিহত হয়। ইয়াৰ পাছৰে পৰা কাংপকপীত উত্তেজনাই বিৰাজ কৰি আছে। নিৰাপত্তা বাহিনীৰ দমন অভিযানৰ প্রতিবাদ জনাই কুকি-জ' গোটসমূহে দেওবাৰৰ পুৱাৰ পৰা অনির্দিষ্টকালৰ বাবে কুকি অধ্যুষিত এলেকাত বন্ধ ঘোষণা কৰিছে। 

কুকি জনগোষ্ঠী অধ্যুষিত অঞ্চলসমূহত ইয়াৰ বাবে স্বাভাৱিক জীৱন-যাত্রা ব্যাহত হয়। ইফালে, ৰাজ্যখনত আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কাংপকপীৰ গামঘীফাই আৰু অন্য অংশত অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে। তদুপৰি, ইম্মল-ডিমাপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথতো নিৰাপত্তা বাহিনীৰ টহলৰ ব্যৱস্থা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ