--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চন্দ্ৰযান-৩ অভিযানৰ সাফল্যৰ পিছতে ভাৰতে মহাকাশ অভিযানৰ ক্ষেত্ৰত আন এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। কেন্দ্ৰীয় বিজ্ঞান মন্ত্ৰী জীতেন্দ্ৰ সিঙে ঘোষণা কৰিছে যে গগনযান অভিযানত এগৰাকী মহিলা ৰবট ' ব্যোমমিত্ৰা' প্ৰেৰণ কৰা হ'ব।

জি-২০ সন্মিলন অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, "কৰোনা ভাইৰাছ মহামাৰীৰ বাবে গগনযান প্ৰকল্প বিলম্বিত হৈছিল। এতিয়া আমি অক্টোবৰত আমাৰ প্ৰথম পৰীক্ষণ সম্পন্ন কৰিম। মহাকাশচাৰীসকলক মহাকাশলৈ পঠোৱাৰ দৰেই তেওঁলোকক ঘূৰাই অনাটোও গুৰুত্বপূৰ্ণ কথা । "
মহাকাশযানখন অক্টোবৰৰ প্ৰথম বা দ্বিতীয় সপ্তাহত উৎক্ষেপণ কৰা হ'ব বুলিও তেওঁ কয়।  ইয়াৰ দ্বিতীয় পৰ্যায়ত মহাকাশযানখনত ভাৰতে  মহিলা ৰবট প্ৰেৰণ কৰিব। বিজ্ঞান দপ্তৰৰ মন্ত্ৰী সিঙে কয় যে ৰবটটোৱে  মানুহৰ দৰেই একে কাম কৰিব। যদি সকলো ঠিকে থাকে তেন্তে চলিত বছৰতে ভাৰতে মহাকাশলৈ মহিলা ৰবট ব্যোমমিত্ৰাক প্ৰেৰণ কৰিব। 

চন্দ্ৰযানৰ সফলতাৰ দ্বাৰা উৎসাহিত হৈ ইছৰোৱে কেৱল ৰবট প্ৰেৰণৰ লগতে আৰু বহু  অভিযান আৰম্ভ কৰিবলৈ গৈ আছে। মিছন আদিত্য এল ১ যান খনে ২ ছেপ্টেম্বৰত সূৰ্য  অভিযান আৰম্ভ কৰাৰ কথা।  যান খনে কমেও ১২৭ দিনৰ ধৰি  সূৰ্যৰ কক্ষপথৰ ফালে আগবাঢ়িব। আদিত্য এল ১ য়ে এই সময়ছোৱাত ১৫ লাখ কিলোমিটাৰ অতিক্ৰম কৰিব। ইয়াৰ পিছতে  ই সূৰ্যৰ উপবৃত্তাকাৰ কক্ষপথত উপনীত হ'ব আৰু সূৰ্যৰ বিষয়ে তথ্য প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিব।    ইছৰ’ৰ সূৰ্য অভিযানত ভাগ ল’ব  আদিত্য এল১  যান খনে। আদিত্য এল১  যান  ইতিমধ্যে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ  উৎক্ষেপণ পেডত উৎক্ষেপণৰ বাবে সাজু কৰি তোলা হৈছে  ।  চন্দ্ৰযান ৩ অভিযানৰ সফলতাৰ পিছত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই অহা ১৪ দিনৰ ভিতৰত দেশৰ প্ৰথমটো  সূৰ্য অভিযান আদিত্য এল১ উৎক্ষেপন কৰাৰ বাবে  প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে৷  আদিত্য এল১ যানৰ সাম্ভাব্য উৎক্ষেপণৰ  তাৰিখ সন্দৰ্ভত  আহমেদাবাদৰ স্পেচ এপ্লিকেচন চেণ্টাৰ (এছএচি)ৰ সঞ্চালক নীলেশ এম দেশায়ে  শনিবাৰে কয় যে যান খনৰ উৎক্ষেপণ ২ ছেপ্টেম্বৰত কৰাৰ সম্ভাৱনা আছে৷ 

বাংগালুৰুৰ ইউআৰ ৰাও উপগ্ৰহ কেন্দ্ৰত (ইউআৰএছচি) নিৰ্মাণ  কৰা যান খন অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটালৈনিয়া হৈছে আৰু উৎক্ষেপণ পেডত স্থাপন কৰা  হৈছে বুলিও তেওঁ কয় । ভাৰতে সূৰ্যৰ বিষয়ে  অধ্যয়ন কৰিবলৈ  আদিত্য-এল ১  অভিযানৰ পৰিকল্পনা কৰিছে বুলিও তেওঁ কয় । 

ইছৰ’ৰ সূৰ্য  অভিযানে সৌৰ কাৰ্যকলাপ আৰু মহাকাশৰ বতৰৰ ওপৰত ইয়াৰ প্ৰভাৱ সম্পৰ্কে পৰ্যবেক্ষণ কৰিব। 
আদিত্য এল১ মহাকাশযানখনে বিদ্যুত চুম্বকীয় কণা আৰু চুম্বকীয় ক্ষেত্ৰ ডিটেক্টৰ ব্যৱহাৰ কৰি আলোকমণ্ডল, ক্ৰমমণ্ডল আৰু সূৰ্যৰ আটাইতকৈ বাহিৰৰ স্তৰ (কৰোনা) পৰ্যবেক্ষণ কৰিবলৈ সাতটা পেলোড বহন কৰি নিব। ইয়াৰে  চাৰিটা পেলোডে পোনপটীয়াকৈ সূৰ্যক পৰ্যবেক্ষণ কৰি যাব।  বাকী তিনিটা পেলোডে  বিদ্যুত চুম্বকীয় কণাৰ বিষয়ে অধ্যয়ন চলাব। এই যান খনে সৌৰ ধুমুহাৰ প্ৰভাৱৰ কথাও পৰ্যালোচনা কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
'নাৰী শক্তি বন্দন' বিধেয়ক আমাৰ আন্তৰিকতাপূর্ণ প্ৰয়াস আছিল, বিৰোধীয়ে চূর্ণ-বিচূর্ণ কৰিলে নাৰীৰ সপোন: প্রধানমন্ত্রী
দুখন ভাৰতীয় জাহাজত ইৰানী নৌ সেনাৰ আক্ৰমণ; হৰমুজ প্ৰণালী পুনৰ বন্ধ কৰিলে ইৰানে
T-20 বিশ্ব কাপত মেচ ফিক্সিঙৰ অভিযোগ; দুর্নীতি নিবাৰক শাখাৰ তদন্ত আৰম্ভ
ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু এল পি জি ক্রয় অব্যাহত ৰাখিব ভাৰতে
বিশ্বৰ জনপ্ৰিয় নেতাৰ তালিকাৰ শীৰ্ষত পুনৰ মোদী, দশম স্থানত ড’নাল্ড ট্রাম্প
আজি অক্ষয় তৃতীয়া; কি কৰিব লাগে আৰু কি কৰিব নালাগে জানো আহক
জুবিনবিহীন বিহু মঞ্চত গীত গাবলৈ সাজু শিল্পী
মহাকাশ বিজ্ঞানত নতুন ইতিহাস: চন্দ্ৰৰ কক্ষপথ ভ্ৰমণ কৰি পৃথিৱীলৈ সুৰক্ষিত প্ৰত্যাৱৰ্তন নাছাৰ ৪ মহাকাশচাৰীৰ
বিহুৰ বতৰত অসমীয়ালৈ উপহাৰ: ২০ বছৰ আগৰ জুবিনক পুনৰ লগ পাব অনুৰাগীয়ে
৩ খন সফল আইপিএল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এচিএৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
অসমৰ বজাৰলৈ কলকাতাৰ ঢোল, গামোচাৰ পাছত এইবাৰ অন্য এক জাতীয় সম্পদক লৈ বাহিৰৰ বণিয়াৰ বেপাৰ
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত নতুন প্ৰজাতিৰ গেকো আৱিষ্কাৰ: ৰাজ্যৰ জীৱ-বৈচিত্র্যৰ ভঁৰাললৈ অন্য এক সংযোজন
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ