--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ সূৰ্যত অভিযান চলাবলৈ সাজু হৈছে ইছৰো। চন্দ্ৰযান-৩ৰ সফলতাই ভাৰতক কৰিলে গৌৰাৱান্বিত। ইতিহাসত খোদিত হৈ ৰল ২৩ আগষ্ট ২০২৩। এই অপাৰ সাফল্যৰ পাছত এইবাৰ সূৰ্যলৈ যাব ইছৰোৰ মহাকাশযান। এসপ্তাহৰ ভিতৰতে ইছৰোৰ প্ৰথম সৌৰ অভিযান আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। স্পেছ এপ্লিকেশ্যন চেন্টাৰ আহমেদাবাদৰ সঞ্চালক নীলেশ এম দেশাই সংবাদ সংস্থা এএনআইক কয় যে ইছৰোৱে ২ ছেপ্টেম্বৰত সৌৰ অভিযান আদিত্য এল-১ আৰম্ভ কৰিব পাৰে।

আদিত্য এল-১-য়ে সূৰ্য-পৃথিৱীৰ লাগ্ৰেঞ্জিয়ান বিন্দুত থাকি সূৰ্যৰ ওপৰত অধ্যয়ন কৰিব। এই বিন্দুটো পৃথিৱীৰ পৰা প্ৰায় ১৫ লাখ কিলোমিটাৰ দূৰত। ইয়াত উপস্থিত হ'বলৈ প্ৰায় ১০৯ দিন লাগিব। আদিত্য এল-১ অভিযানৰ লক্ষ্য হৈছে এল১-ৰ চাৰিওফালৰ কক্ষপথৰ পৰা সূৰ্যক অধ্যয়ন কৰা।

মহাকাশযানখনে সাতটা পেলোড কঢ়িয়াই নিব যি বিভিন্ন তৰংগ বেণ্ডত আলোকমণ্ডল, ক্ৰমমণ্ডল (সূৰ্যৰ দৃশ্যমান পৃষ্ঠৰ ঠিক ওপৰেৰে) আৰু সূৰ্যৰ আটাইতকৈ বাহিৰৰ স্তৰ (কোৰোনা) পৰ্যবেক্ষণ কৰাত সহায় কৰিব। ইছৰোৰ বিষয়াই জনোৱা অনুসৰি আদিত্য এল-১ সম্পূৰ্ণৰূপে মেক ইন ইণ্ডিয়া উদ্যোগত হ'ব।

ইছৰোৰ এই অভিযানক লৈ পুনৰ অত্যুৎসাহী হৈ পৰিছে ভাৰতীয় জনগণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু