--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ সূৰ্যত অভিযান চলাবলৈ সাজু হৈছে ইছৰো। চন্দ্ৰযান-৩ৰ সফলতাই ভাৰতক কৰিলে গৌৰাৱান্বিত। ইতিহাসত খোদিত হৈ ৰল ২৩ আগষ্ট ২০২৩। এই অপাৰ সাফল্যৰ পাছত এইবাৰ সূৰ্যলৈ যাব ইছৰোৰ মহাকাশযান। এসপ্তাহৰ ভিতৰতে ইছৰোৰ প্ৰথম সৌৰ অভিযান আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। স্পেছ এপ্লিকেশ্যন চেন্টাৰ আহমেদাবাদৰ সঞ্চালক নীলেশ এম দেশাই সংবাদ সংস্থা এএনআইক কয় যে ইছৰোৱে ২ ছেপ্টেম্বৰত সৌৰ অভিযান আদিত্য এল-১ আৰম্ভ কৰিব পাৰে।

আদিত্য এল-১-য়ে সূৰ্য-পৃথিৱীৰ লাগ্ৰেঞ্জিয়ান বিন্দুত থাকি সূৰ্যৰ ওপৰত অধ্যয়ন কৰিব। এই বিন্দুটো পৃথিৱীৰ পৰা প্ৰায় ১৫ লাখ কিলোমিটাৰ দূৰত। ইয়াত উপস্থিত হ'বলৈ প্ৰায় ১০৯ দিন লাগিব। আদিত্য এল-১ অভিযানৰ লক্ষ্য হৈছে এল১-ৰ চাৰিওফালৰ কক্ষপথৰ পৰা সূৰ্যক অধ্যয়ন কৰা।

মহাকাশযানখনে সাতটা পেলোড কঢ়িয়াই নিব যি বিভিন্ন তৰংগ বেণ্ডত আলোকমণ্ডল, ক্ৰমমণ্ডল (সূৰ্যৰ দৃশ্যমান পৃষ্ঠৰ ঠিক ওপৰেৰে) আৰু সূৰ্যৰ আটাইতকৈ বাহিৰৰ স্তৰ (কোৰোনা) পৰ্যবেক্ষণ কৰাত সহায় কৰিব। ইছৰোৰ বিষয়াই জনোৱা অনুসৰি আদিত্য এল-১ সম্পূৰ্ণৰূপে মেক ইন ইণ্ডিয়া উদ্যোগত হ'ব।

ইছৰোৰ এই অভিযানক লৈ পুনৰ অত্যুৎসাহী হৈ পৰিছে ভাৰতীয় জনগণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ