--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বৰ্তমান যুগত দুৰ্বল জীৱনশৈলী আৰু ভুল খ্যাদ্যভ্যাসৰ বাবেই বেছিভাগ লোকৰে কম বয়সতে চুলি ধূসৰ হোৱাৰ সমস্যাই দেখা দিয়ে। অৱশ্যে চুলি ধূসৰ হোৱাৰ আঁৰত অন্য বহু কাৰণ থাকিব পাৰে যদিও বগা চুলিয়েও বয়সতকৈ আগতেই বাৰ্ধক্য মাতি অনা যেন লাগে।এই ক্ষেত্ৰত আমি খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ প্ৰতি গুৰুত্ব দিব লাগিব।

 এইবোৰ কাৰণত চুলি বগা হৈ পৰে-

১. ধূমপানৰ কাৰণঃ-ধূমপান চুলিৰ অকালতে ধূসৰ হোৱাৰ কাৰণ হ’ব পাৰে। কাৰণ ধূমপানে হাওঁফাওঁৰ কৰ্কট ৰোগ আৰু হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। একে সময়তে ধূমপানে ৰক্তবাহী নলী সংকুচিত কৰিব পাৰে। ইয়াৰ বাবে চুলিৰ গুৰিবোৰত তেজৰ সোঁত কমি যাব পাৰে আৰু ইয়াৰ ফলত চুলি বগা হোৱাৰ লগতে চুলি সৰাও দেখা যায়।

 ২. মানসিক চাপৰ বাবেঃ-মানসিক চাপেও চুলিত বেয়াকৈ প্ৰভাৱ পেলায়। গতিকে যদি আপুনিও সৰু সৰু কথাতে মানসিক চাপত ভোগে, তেন্তে বয়সতকৈ আগতেই চুলি বগা হ’বলৈ আৰম্ভ কৰে।

 ৩. টোপনিৰ অভাৱঃ-টোপনিৰ অভাৱে আপোনাৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়। ইয়াৰ ফলত কেৱল ভাগৰুৱা অনুভৱ হোৱাই নহয় বয়সৰ আগতেই চুলিও বগা হ’বলৈ আৰম্ভ কৰে।

 ৪. থাইৰয়ডৰ সমস্যাঃ-থাইৰয়ড আপোনাৰ বিপাকীয় ক্ৰিয়া নিয়ন্ত্ৰণৰ বাবে কাম কৰে। একে সময়তে থাইৰয়ডৰ স্বাস্থ্যই চুলিৰ ৰঙতো প্ৰভাৱ পেলাব পাৰে।গতিকে যদি আপোনাৰ চুলি বয়সৰ আগতে বগা হৈ আহিছে তেন্তে আপোনাৰ থাইৰয়ডৰ সমস্যা ইয়াৰ মূলতঃ কাৰণ হ’ব পাৰে।

 ৫. আইৰনৰ অভাৱঃ-আইৰনৰ অভাৱেও শৰীৰত প্ৰভাৱ পেলায়। ইয়াৰ অভাৱত বয়সৰ আগতে চুলি বগা হোৱা পৰিলক্ষিত হয়।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক