--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অনলাইন ফুড ডেলিভাৰী এপ আৰম্ভ হোৱাৰ পৰা আমাৰ জীৱনটো অধিক সহজ হৈ পৰিছে। আমি আমাৰ ঘৰ বা কাৰ্যালয়ৰ পৰা যিকোনো সু-স্বাদু ব্যঞ্জন পছন্দমতে অৰ্ডাৰ কৰিব পাৰো। অৱশ্যে, অৰ্ডাৰ দিয়াৰ সময়ত, আমাৰ বহুতে এজন ডেলিভাৰী এজেণ্টে যি কষ্টৰ মাজেৰে অৰ্ডাৰ দিব লগা হয়, সেইয়া হয়তো বহুতেই নাজানে। 

পুৱাৰ পৰা নিশালৈকে মুৰৰ ঘাম মাটিত পেলাই আপোনাৰ-মোৰ সু-স্বাদু ৰেষ্টুৰেষ্টৰ ব্যঞ্জন ডিলিভাৰী কৰে, কিন্তু তাৰ বিনিময়ত আমি বহুতো তেওঁলোকক এগিলাচ পানীও নাযাচো, বৰঞ্চ পানী বিচাৰিলে আমি তেওঁলোকক দিও কেটেৰা জেঙেৰা মাত। বতৰ বা ঋতু যিয়েই নহওঁক, তেওঁলোকে কেতিয়াও আপোনাৰ খাদ্য অনাত বিফল নহয়। 

এতিয়ালৈকে, আপুনি হয়তো এই ফুড ডেলিভাৰী এজেণ্টসকলক বাইক, চাইকেল আৰু বহুতে খোজকাঢ়ি ডেলিভাৰী কৰা দেখিছে। কিন্তু আপোনাক কেতিয়াবা ঘোঁৰাৰ জৰিয়তে খাদ্য প্ৰদান কৰা হৈছে নেকি বা আপুনি দেখিছে নেকি। হয়, শেহতীয়াকৈ, এজন চুইগি ডেলিভাৰী এজেণ্টে ঘোঁৰাত খাদ্য বিতৰণ কৰা দেখা পোৱাৰ পিছত বহুলোক এতিয়া হতবাক হৈ পৰিছে।

এটা ভিডিঅ'ত, ডেলিভাৰী যুৱকজনক খাদ্যৰ পাৰ্চেল বিতৰণ কৰোঁতে ঘোঁৰাত উঠি থকা দেখা গৈছিল। হয় ধাৰাষাৰ বৰষুণৰ বাবে  চহৰখনৰ সকলো পথ বৰষুণৰ পানীৰে ভৰি পৰাৰ বাবেই যুৱতজনে এই পন্থা লৈছিল বুলি জানিব পৰা গৈছে। ইণ্টাৰনেটত এটা চমু ক্লিপ শ্বেয়াৰ কৰাৰ পাছত এই অনন্য ডেলিভাৰী বয়জন এতিয়া ভাইৰেল হৈ পৰিছিল। ভাইৰেল ভিডিঅটো মুম্বাইৰ দাদৰৰ বুলি জনা গৈছে। বহুতে যুৱকজনৰ এই কাৰ্যৰ বাবে এতিয়া প্ৰশংসা কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ