--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অনলাইন ফুড ডেলিভাৰী এপ আৰম্ভ হোৱাৰ পৰা আমাৰ জীৱনটো অধিক সহজ হৈ পৰিছে। আমি আমাৰ ঘৰ বা কাৰ্যালয়ৰ পৰা যিকোনো সু-স্বাদু ব্যঞ্জন পছন্দমতে অৰ্ডাৰ কৰিব পাৰো। অৱশ্যে, অৰ্ডাৰ দিয়াৰ সময়ত, আমাৰ বহুতে এজন ডেলিভাৰী এজেণ্টে যি কষ্টৰ মাজেৰে অৰ্ডাৰ দিব লগা হয়, সেইয়া হয়তো বহুতেই নাজানে। 

পুৱাৰ পৰা নিশালৈকে মুৰৰ ঘাম মাটিত পেলাই আপোনাৰ-মোৰ সু-স্বাদু ৰেষ্টুৰেষ্টৰ ব্যঞ্জন ডিলিভাৰী কৰে, কিন্তু তাৰ বিনিময়ত আমি বহুতো তেওঁলোকক এগিলাচ পানীও নাযাচো, বৰঞ্চ পানী বিচাৰিলে আমি তেওঁলোকক দিও কেটেৰা জেঙেৰা মাত। বতৰ বা ঋতু যিয়েই নহওঁক, তেওঁলোকে কেতিয়াও আপোনাৰ খাদ্য অনাত বিফল নহয়। 

এতিয়ালৈকে, আপুনি হয়তো এই ফুড ডেলিভাৰী এজেণ্টসকলক বাইক, চাইকেল আৰু বহুতে খোজকাঢ়ি ডেলিভাৰী কৰা দেখিছে। কিন্তু আপোনাক কেতিয়াবা ঘোঁৰাৰ জৰিয়তে খাদ্য প্ৰদান কৰা হৈছে নেকি বা আপুনি দেখিছে নেকি। হয়, শেহতীয়াকৈ, এজন চুইগি ডেলিভাৰী এজেণ্টে ঘোঁৰাত খাদ্য বিতৰণ কৰা দেখা পোৱাৰ পিছত বহুলোক এতিয়া হতবাক হৈ পৰিছে।

এটা ভিডিঅ'ত, ডেলিভাৰী যুৱকজনক খাদ্যৰ পাৰ্চেল বিতৰণ কৰোঁতে ঘোঁৰাত উঠি থকা দেখা গৈছিল। হয় ধাৰাষাৰ বৰষুণৰ বাবে  চহৰখনৰ সকলো পথ বৰষুণৰ পানীৰে ভৰি পৰাৰ বাবেই যুৱতজনে এই পন্থা লৈছিল বুলি জানিব পৰা গৈছে। ইণ্টাৰনেটত এটা চমু ক্লিপ শ্বেয়াৰ কৰাৰ পাছত এই অনন্য ডেলিভাৰী বয়জন এতিয়া ভাইৰেল হৈ পৰিছিল। ভাইৰেল ভিডিঅটো মুম্বাইৰ দাদৰৰ বুলি জনা গৈছে। বহুতে যুৱকজনৰ এই কাৰ্যৰ বাবে এতিয়া প্ৰশংসা কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু