--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘটনাটোত শোক প্ৰকাশ কৰিছে। টুইটাৰযোগে তেওঁ লিখিছে, "হিমাচল প্ৰদেশৰ কুল্লুত সংঘটিত বাছ দুৰ্ঘটনাৰ খবৰ অতি বেদনা। এই সময়ত শোকসন্তপ্ত লোকসকলৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো। একে সময়তে, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে (পিএমঅ' ইণ্ডিয়া) ঘটনাটোৰ বাবে আৰ্থিক ক্ষতিপূৰণ ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰীৰ দুৰ্যোগ সঁহাৰি পুঁজিয়ে মৃতকৰ প্ৰতিটো পৰিয়ালৰ বাবে ২ লাখ টকা আৰু প্ৰতিজন আহতৰ বাবে ৫০,০০০ টকা ঘোষণা কৰিছে।

 

হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰেও টুইট যোগে শোক প্ৰকাশ কৰিছে। তেওঁ লিখিছিল, "প্ৰশাসনৰ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈছে। ঈশ্বৰে এই শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালক শক্তি দিয়ক। শোকসন্তপ্ত সকলৰ প্ৰতি মোৰ গভীৰ সমবেদনা। "

 

খবৰ অনুসৰি বাছখনত ৪৫ জন যাত্ৰী আছিল। বহুতো লোকে গুৰুতৰভাৱে  আঘাতপ্ৰাপ্ত হৈছে।  খাৱৈত পৰা বাছখনত কেইবাজনো যাত্ৰী আৱদ্ধ হৈ আছিল। তেওঁলোকক গেছ কাটাৰেৰে বাছখনৰ কিছু অংশ কাটি উদ্ধাৰ কৰা হৈছে। দুৰ্যোগ সঁহাৰি দলৰ দ্বাৰা উদ্ধাৰ অভিযান চলোৱা হৈছে। ইফালে, চিকিৎসালয়ত ভৰ্তি হোৱা বহু লোকৰ অৱস্থা সংকটজনক। এই ক্ষেত্ৰত, অধিক মৃত্যুৰ আশংকা কৰা হৈছে।

 

কিছুদিন পূৰ্বে ছিকিমৰ গাটকত এখন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী কঢ়িয়াই নিয়া বাছ দুৰ্ঘটনাগ্ৰস্ত হৈছিল। ৰাঁচীৰ ছেইণ্ট জেভিয়াৰ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে শৈক্ষিক ভ্ৰমণলৈ যাওঁতে দুৰ্ঘটনা সংঘটিত হৈছিল। মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰে ভৰ্তি বাছখন বেয়া বতৰত ফলত এই দুৰ্ঘটনা সংঘটিত হৈছিল। ঘটনাটোত কেইবাজনো শিক্ষাৰ্থী আহত হৈছিল। অৱশ্যে, কোনো লোক হতাহত হোৱা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ