--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘটনাটোত শোক প্ৰকাশ কৰিছে। টুইটাৰযোগে তেওঁ লিখিছে, "হিমাচল প্ৰদেশৰ কুল্লুত সংঘটিত বাছ দুৰ্ঘটনাৰ খবৰ অতি বেদনা। এই সময়ত শোকসন্তপ্ত লোকসকলৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো। একে সময়তে, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে (পিএমঅ' ইণ্ডিয়া) ঘটনাটোৰ বাবে আৰ্থিক ক্ষতিপূৰণ ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰীৰ দুৰ্যোগ সঁহাৰি পুঁজিয়ে মৃতকৰ প্ৰতিটো পৰিয়ালৰ বাবে ২ লাখ টকা আৰু প্ৰতিজন আহতৰ বাবে ৫০,০০০ টকা ঘোষণা কৰিছে।

 

হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰেও টুইট যোগে শোক প্ৰকাশ কৰিছে। তেওঁ লিখিছিল, "প্ৰশাসনৰ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈছে। ঈশ্বৰে এই শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালক শক্তি দিয়ক। শোকসন্তপ্ত সকলৰ প্ৰতি মোৰ গভীৰ সমবেদনা। "

 

খবৰ অনুসৰি বাছখনত ৪৫ জন যাত্ৰী আছিল। বহুতো লোকে গুৰুতৰভাৱে  আঘাতপ্ৰাপ্ত হৈছে।  খাৱৈত পৰা বাছখনত কেইবাজনো যাত্ৰী আৱদ্ধ হৈ আছিল। তেওঁলোকক গেছ কাটাৰেৰে বাছখনৰ কিছু অংশ কাটি উদ্ধাৰ কৰা হৈছে। দুৰ্যোগ সঁহাৰি দলৰ দ্বাৰা উদ্ধাৰ অভিযান চলোৱা হৈছে। ইফালে, চিকিৎসালয়ত ভৰ্তি হোৱা বহু লোকৰ অৱস্থা সংকটজনক। এই ক্ষেত্ৰত, অধিক মৃত্যুৰ আশংকা কৰা হৈছে।

 

কিছুদিন পূৰ্বে ছিকিমৰ গাটকত এখন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী কঢ়িয়াই নিয়া বাছ দুৰ্ঘটনাগ্ৰস্ত হৈছিল। ৰাঁচীৰ ছেইণ্ট জেভিয়াৰ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে শৈক্ষিক ভ্ৰমণলৈ যাওঁতে দুৰ্ঘটনা সংঘটিত হৈছিল। মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰে ভৰ্তি বাছখন বেয়া বতৰত ফলত এই দুৰ্ঘটনা সংঘটিত হৈছিল। ঘটনাটোত কেইবাজনো শিক্ষাৰ্থী আহত হৈছিল। অৱশ্যে, কোনো লোক হতাহত হোৱা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু