--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইখন ভাৰততে হিন্দু ধৰ্মক হিন্দুৱে কৰিলে চূড়ান্তভাৱে অপমান কৰিলে। এখন চলচিত্ৰত মা কালিক চিগাৰেট সেৱন কৰা দেখুওৱা হল। ছবিখনৰ পৰিচালকৰ বিৰুদ্ধে এতিয়া দেশত জ্বলিছে বিদ্ৰোহৰ অগনি।  হয়, হিন্দু ধৰ্মীয় অনুভূতিক চূড়ান্তভাৱে অপমানিত কৰা হল এইখন ভাৰততে। চলচ্চিত্ৰ নিৰ্মাতা লীনা মণিমেকালাইৰ দ্বাৰা পৰিচালিত এখন তথ্যচিত্ৰ, নাম কালী। কিন্তু এই ছবিখনত দেখুওৱা পোষ্টাৰত মা- কালীক চিগাৰেট সেৱন কৰা দেখুওৱা হৈছে।

দিল্লীৰ এগৰাকী অধিবক্তাই সোমবাৰে পৰিচালক লীনা মণিমেকালাইৰ বিৰুদ্ধে তেওঁৰ নতুন তথ্যচিত্ৰখনৰ এটা বিতৰ্কিত পোষ্টাৰৰ বাবে আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰিছিল। উক্ত বিতৰ্কিত পোষ্টাৰখন মণিমেকলাই ২ জুলাইত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল। সামাজিক মাধ্যমত পোষ্টাৰখন বিয়পি পৰাৰ লগে-লগে এতিয়া পৰিচালকগৰাকীৰ বিৰুদ্ধে সকলো লোক আক্ৰমণাত্মক হৈ পৰিছে।

পৰিচালকৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে এজাহাৰ পঞ্জীয়নৰ দাবী জনাই অধিবক্তা জিন্দলে কয় যে হিন্দু দেৱীৰ সন্দৰ্ভত এনে এক শোচনীয় ছবি অত্যন্ত অপমানজনক, নিষ্ঠুৰ আৰু হিন্দু সম্প্ৰদায়ৰ অনুভূতি আৰু বিশ্বাসক আঘাত কৰিছে।

"অভিযুক্তৰ দ্বাৰা তেওঁৰ টুইটাৰ একাউণ্টৰ পৰা অত্যন্ত আপত্তিজনক ভিডিঅ' আৰু ফটোৰ জৰিয়তে হিন্দু সম্প্ৰদায়ৰ ধৰ্মীয় অনুভূতিক আঘাত কৰিবলৈ চেষ্টা চলোৱা হৈছে। অধিবক্তাজনে কয় যে, তেওঁৰ বিৰুদ্ধে ২৯৫এ, ২৯৮, ৫০৫, ৬৭ আইটি আইন আৰু ৩৪ আইপিচি ধাৰাৰ অধীনত অপৰাধ সংঘটিত কৰিছে সেয়েহে  অভিযুক্তৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লোৱা উচিত। দিল্লী আৰক্ষীৰ চাইবাৰ ইতিমধ্যে ঘটনা সন্দৰ্ভত অভিযোগ দাখিল কৰা হৈছে।

অধিবক্তাজনে আৰু কৈছিল যে আপত্তিজনক এই ভিডিঅ' ক্লিপ আৰু ফটোখন নিষিদ্ধ কৰিব লাগিব  যিহেতু ই হিন্দুসকলৰ ধৰ্মীয় বিশ্বাসক অৱমাননা কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু