--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এছ চি অ’ শীৰ্ষ সন্মিলনৰ কিছুদিন পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে ভাৰত আৰু ৰাছিয়া যেন চীনৰ দিশে আগবাঢ়িছে।

ডিজিটেল ডেস্কঃ বাণিজ্য চুক্তিৰ বিতৰ্কৰ মাজতে চলিত সপ্তাহৰ আৰম্ভণিতে অনুষ্ঠিত হোৱা এছ চি অ’ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এতিয়া এছ চি অ’ শীৰ্ষ সন্মিলনৰ কিছুদিন পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে ভাৰত আৰু ৰাছিয়া যেন চীনৰ দিশে আগবাঢ়িছে। 


মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শুকুৰবাৰে ছ’চিয়েল মিডিয়া ট্ৰুথত এটা পোষ্ট কৰিছে। এই ছবিখনত দেখা গৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং। এই পোষ্টটোত ড’নাল্ড ট্ৰাম্পে লিখিছে যে, এনে লাগে যেন আমি ভাৰত আৰু ৰাছিয়াক গভীৰ, অন্ধকাৰ চীনৰ হাতত হেৰুৱাই পেলাইছো। ভগৱানে তেওঁলোকক উজ্জ্বল আৰু সমৃদ্ধিশালী ভৱিষ্যত দিয়ক।'


এছ চি অ’ শীৰ্ষ সন্মিলনে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিলে


শেহতীয়াকৈ চীনৰ টিয়ানজিনত অনুষ্ঠিত হোৱা চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ঘনিষ্ঠতাই বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছিল।


ট্ৰাম্পৰ এই পোষ্টক লৈ বৈদেশিক মন্ত্ৰালয়ৰ সঁহাৰি


সাপ্তাহিক সংবাদমেলত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ এই পোষ্টটোৰ বিষয়ে সোধাত বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছৱালে কয় যে এই সময়ত এই পোষ্টটোৰ সন্দৰ্ভত মই কোনো মন্তব্য নকৰো।


ভাৰতৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ বাবে ট্ৰাম্পক পৰামৰ্শ দিছিল প্ৰাক্তন বিষয়াসকলে


ইয়াৰ পূৰ্বে বহু আমেৰিকাৰ প্ৰাক্তন বিষয়াই ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক ভাৰতৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ পৰামৰ্শ দিছিল। এই খণ্ডটোত আমেৰিকাৰ প্ৰাক্তন এন এছ এ জন বোল্টনে কয় যে ‘ট্ৰাম্প প্ৰশাসনে আমেৰিকা-ভাৰতৰ সম্পৰ্কক দশক দশক পিছুৱাই ঠেলি দিছে, যাৰ বাবেই পি এম মোদীয়ে ৰাছিয়া আৰু চীনৰ কাষ চাপিছে। বেইজিঙে নিজকে আমেৰিকা আৰু ড’নাল্ড ট্ৰাম্পৰ বিকল্প হিচাপে উপস্থাপন কৰিছে।’ 


প্ৰাক্তন ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (এন এছ এ) জেক চুলিভান আৰু প্ৰাক্তন বিদেশ সচিব কাৰ্ট এম কেম্পবেলে এটা প্ৰবন্ধত লিখিছে যে আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কই দুয়োটা দলৰ (ডেম’ক্ৰেট আৰু ৰিপাব্লিকান) সমৰ্থন লাভ কৰিছে। এই সম্পৰ্কই ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত চীনৰ স্বেচ্ছাচাৰীতাও বন্ধ কৰি দিছে। তেওঁ লগতে কয় যে আমেৰিকাৰ অংশীদাৰসকলে ভাৰতক বুজাবলৈ চেষ্টা কৰা উচিত যে ট্ৰাম্পৰ আচৰণে প্ৰায়ে চুক্তিৰ আৰম্ভণিৰ সংকেত দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
'নাৰী শক্তি বন্দন' বিধেয়ক আমাৰ আন্তৰিকতাপূর্ণ প্ৰয়াস আছিল, বিৰোধীয়ে চূর্ণ-বিচূর্ণ কৰিলে নাৰীৰ সপোন: প্রধানমন্ত্রী
দুখন ভাৰতীয় জাহাজত ইৰানী নৌ সেনাৰ আক্ৰমণ; হৰমুজ প্ৰণালী পুনৰ বন্ধ কৰিলে ইৰানে
T-20 বিশ্ব কাপত মেচ ফিক্সিঙৰ অভিযোগ; দুর্নীতি নিবাৰক শাখাৰ তদন্ত আৰম্ভ
ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু এল পি জি ক্রয় অব্যাহত ৰাখিব ভাৰতে
বিশ্বৰ জনপ্ৰিয় নেতাৰ তালিকাৰ শীৰ্ষত পুনৰ মোদী, দশম স্থানত ড’নাল্ড ট্রাম্প
আজি অক্ষয় তৃতীয়া; কি কৰিব লাগে আৰু কি কৰিব নালাগে জানো আহক
জুবিনবিহীন বিহু মঞ্চত গীত গাবলৈ সাজু শিল্পী
মহাকাশ বিজ্ঞানত নতুন ইতিহাস: চন্দ্ৰৰ কক্ষপথ ভ্ৰমণ কৰি পৃথিৱীলৈ সুৰক্ষিত প্ৰত্যাৱৰ্তন নাছাৰ ৪ মহাকাশচাৰীৰ
বিহুৰ বতৰত অসমীয়ালৈ উপহাৰ: ২০ বছৰ আগৰ জুবিনক পুনৰ লগ পাব অনুৰাগীয়ে
৩ খন সফল আইপিএল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এচিএৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
অসমৰ বজাৰলৈ কলকাতাৰ ঢোল, গামোচাৰ পাছত এইবাৰ অন্য এক জাতীয় সম্পদক লৈ বাহিৰৰ বণিয়াৰ বেপাৰ
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত নতুন প্ৰজাতিৰ গেকো আৱিষ্কাৰ: ৰাজ্যৰ জীৱ-বৈচিত্র্যৰ ভঁৰাললৈ অন্য এক সংযোজন
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ