--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লাহে লাহে ৰক্ষণশীলতাৰ ফান্দৰ পৰা ওলাই আহিছে ছৌদি আৰব। মহিলাৰ সাজ-পোছাকৰ ওপৰতো বাধা-নিষেধ ধাপে ধাপে কমিছে। ইতিমধ্যে চলিত বৰ্ষৰ প্ৰথম মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত এগৰাকী ছৌদি মডেল দেখা গৈছিল। ২৭ বছৰীয়া ৰুমী আলকাহতানিয়ে ওৰণি নথকা বিকিনি পিন্ধি ৰেম্পত খোজ কাঢ়িছিল। এইবাৰ সমগ্ৰ বিশ্বই এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’ল। সেই দেশত প্ৰথমবাৰৰ বাবে মডেলসকলে গা ধোৱা চুট পিন্ধি ফেশ্বন শ্ব’ত খোজ কাঢ়িছিল।

শুকুৰবাৰে ছৌদি আৰৱত ৰেড ছি ফেশ্বন উইকৰ দ্বিতীয় দিন আছিল, আৰু তাতেই বিপ্লৱৰ সৃষ্টি হৈছিল। ছেইণ্ট ৰেজিছ ৰেড ছি ৰিজ’ৰ্টৰ চুইমিং পুলত অনুষ্ঠিত হয় এই ফেশ্বন শ্ব’। সেই শ্ব’টোৰ ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। ভিডিঅ’টোত দেখা গৈছে যে মৰক্কোৰ সাজ-পোছাক ডিজাইনাৰ ইয়াছমিনা কাঞ্জালৰ দ্বাৰা নিৰ্মিত ৰঙীন ছুইমিং চুট পিন্ধি এজন এজনকৈ ধুনীয়া মডেলসকলে খোজ কাঢ়িছে। কিছুমান মডেলৰ কান্ধ উদং, কিছুমানৰ ক্লিভেজ দেখা গৈছিল, কিছুমানৰ শৰীৰৰ তলৰ অংশত চেৰং বান্ধি থোৱা আছিল। গা ধোৱা চুট পিন্ধি থকাৰ পিছতো বহু মডেলৰ মূৰ ঢাকি কেমেৰাত ধৰা পৰিল। হিজাবৰ দৰে মূৰত গামোচা বান্ধি থকা দেখা গ’ল।

চৌদি আৰৱৰ মাটিত প্ৰথমবাৰৰ বাবে বিকিনি পিন্ধি খোজ কঢ়া মডেলসকলক লৈও ইয়াছমিনাই উত্তেজনা প্ৰকাশ কৰে। সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত তেওঁ কয় যে, “ছৌদি আৰব নিঃসন্দেহে অতি ৰক্ষণশীল দেশ। এই দেশত ভৰি দিয়াৰ লগে লগে বুজিলোঁ যে বিকিনি ফেশ্বন শ্ব’ৰ দিনটো এই দেশৰ ইতিহাসত লিখা হ’ব৷ ৰক্ষণশীল সংস্কৃতিক মনত ৰাখি আমি ৰুচিসম্পন্ন সাঁতোৰৰ কাপোৰ ডিজাইন কৰিলোঁ। এই ফেশ্বন শ্ব’ত অংশগ্ৰহণ কৰি সন্মানিত।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন