--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লাহে লাহে ৰক্ষণশীলতাৰ ফান্দৰ পৰা ওলাই আহিছে ছৌদি আৰব। মহিলাৰ সাজ-পোছাকৰ ওপৰতো বাধা-নিষেধ ধাপে ধাপে কমিছে। ইতিমধ্যে চলিত বৰ্ষৰ প্ৰথম মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত এগৰাকী ছৌদি মডেল দেখা গৈছিল। ২৭ বছৰীয়া ৰুমী আলকাহতানিয়ে ওৰণি নথকা বিকিনি পিন্ধি ৰেম্পত খোজ কাঢ়িছিল। এইবাৰ সমগ্ৰ বিশ্বই এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’ল। সেই দেশত প্ৰথমবাৰৰ বাবে মডেলসকলে গা ধোৱা চুট পিন্ধি ফেশ্বন শ্ব’ত খোজ কাঢ়িছিল।

শুকুৰবাৰে ছৌদি আৰৱত ৰেড ছি ফেশ্বন উইকৰ দ্বিতীয় দিন আছিল, আৰু তাতেই বিপ্লৱৰ সৃষ্টি হৈছিল। ছেইণ্ট ৰেজিছ ৰেড ছি ৰিজ’ৰ্টৰ চুইমিং পুলত অনুষ্ঠিত হয় এই ফেশ্বন শ্ব’। সেই শ্ব’টোৰ ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। ভিডিঅ’টোত দেখা গৈছে যে মৰক্কোৰ সাজ-পোছাক ডিজাইনাৰ ইয়াছমিনা কাঞ্জালৰ দ্বাৰা নিৰ্মিত ৰঙীন ছুইমিং চুট পিন্ধি এজন এজনকৈ ধুনীয়া মডেলসকলে খোজ কাঢ়িছে। কিছুমান মডেলৰ কান্ধ উদং, কিছুমানৰ ক্লিভেজ দেখা গৈছিল, কিছুমানৰ শৰীৰৰ তলৰ অংশত চেৰং বান্ধি থোৱা আছিল। গা ধোৱা চুট পিন্ধি থকাৰ পিছতো বহু মডেলৰ মূৰ ঢাকি কেমেৰাত ধৰা পৰিল। হিজাবৰ দৰে মূৰত গামোচা বান্ধি থকা দেখা গ’ল।

চৌদি আৰৱৰ মাটিত প্ৰথমবাৰৰ বাবে বিকিনি পিন্ধি খোজ কঢ়া মডেলসকলক লৈও ইয়াছমিনাই উত্তেজনা প্ৰকাশ কৰে। সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত তেওঁ কয় যে, “ছৌদি আৰব নিঃসন্দেহে অতি ৰক্ষণশীল দেশ। এই দেশত ভৰি দিয়াৰ লগে লগে বুজিলোঁ যে বিকিনি ফেশ্বন শ্ব’ৰ দিনটো এই দেশৰ ইতিহাসত লিখা হ’ব৷ ৰক্ষণশীল সংস্কৃতিক মনত ৰাখি আমি ৰুচিসম্পন্ন সাঁতোৰৰ কাপোৰ ডিজাইন কৰিলোঁ। এই ফেশ্বন শ্ব’ত অংশগ্ৰহণ কৰি সন্মানিত।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক