--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছিংগাপুৰৰ বাসিন্দা শ্বাৰলী লিঙে ৩৪ বছৰ বয়সতে আইতাক হৈছিল। চীনৰ বাতৰি কাকতৰ বাতৰি অনুসৰি শ্বাৰলীৰ বয়স এতিয়া ৩৫ বছৰ। যোৱা বছৰ ১৭ বছৰীয়া পুত্ৰ সন্তান জন্ম দিয়াৰ পিছত শ্বাৰলী আইতা হৈ পৰিছিল। পেছাত ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেন্সাৰ শ্বাৰলীয়ে তিনিবাৰকৈ বিবাহপাশত আবদ্ধ হৈছে। তেওঁৰ মুঠ ৫ টা সন্তান আছে। ১৭ বছৰ বয়সত প্ৰথমবাৰৰ বাবে মাতৃ হৈছিল। ২ জন পুত্ৰ আৰু ৩ জন কন্যাৰ মাতৃ শ্বাৰলী।

শেহতীয়াকৈ শ্বাৰলীয়ে ছ’চিয়েল মিডিয়াত অনুৰাগীৰ সৈতে ইমান কম বয়সতে আইতা হোৱাৰ অভিজ্ঞতাৰ বিষয়ে মুকলিকৈ কয়। শ্বাৰলীৰ মতে কম বয়সতে আইতা হোৱাৰ ভাল আৰু বেয়া দুয়োটা দিশ আছে। শ্বাৰলীয়ে কয়, “যোৱা বছৰ যেতিয়া মই গম পালোঁ যে মোৰ ডাঙৰ ল’ৰাৰ প্ৰেমিকা গৰ্ভৱতী হৈছে, তেতিয়া সেই খবৰটো শুনি মই ভয় কৰা নাছিলো। মনতে ভাবিলোঁ, মোৰ ল’ৰাটোৱে মোক দেখাৰ বাবেই ১৭ বছৰ বয়সত পিতৃ-মাতৃ হ’বলৈ অনুপ্ৰাণিত হয়। মোৰ ডাঙৰ ল’ৰাটো মোৰ আন ল’ৰা-ছোৱালীতকৈ সকলো কথাতে বেছি উৎসাহী। তেওঁ খেলা-ধূলা কৰি ভাল পায়। মই মাত্ৰ মোৰ ল’ৰাটোক ক’লোঁ যে তেওঁ নিজৰ কামৰ দায়িত্ব ল’ব লাগিব।’’

এটা ভিডিঅ’ত শ্বাৰলীয়ে উল্লেখ কৰিছে যে তেওঁ কেতিয়াও নিজৰ সন্তানক কম বয়সতে সন্তান জন্ম দিবলৈ উৎসাহিত কৰা নাছিল। শ্বাৰলীয়ে কয়, “মই জানো যে ইমান কম বয়সতে শিশুৰ দায়িত্ব লোৱাটো কিমান কঠিন।” শ্বাৰলীয়ে ক’লে, “মই তেওঁক কেৱল সমস্যাৰ সন্মুখীন হ’বলৈ শিকাইছিলো।” মই ভাবো শিশুৱে ভুল কৰিলেও কাষত থিয় দিব লাগে, কেতিয়াও মূৰৰ পৰা হাত আঁতৰাই নিদিব লাগে।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক