--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পাকিস্তানী মূলৰ ক্ৰিকেটাৰ জুনেইদ জাফৰ খানৰ আকস্মিক মৃত্যু। ৰোজা ৰাখি প্ৰচণ্ড গৰমত খেলপথাৰত নামিছিল জুনেইদ। সেয়াই কাল হ’ল খেলুৱৈগৰাকীৰ বাবে। ক্ৰিকেট খেল খেলি থকা অৱস্থাতে মৃত্যু হ’ল জুনেইদ জাফৰ খানৰ।

এই খবৰে ক্ৰিকেট জগতখনক স্তম্ভিত কৰি তুলিছে। এই ঘটনা সংঘটিত হৈছে অষ্ট্ৰেলিয়াৰ এডিলেইডত। পাকিস্তানী মূলৰ অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ জুনেইদ জাফৰ খানৰ বয়স আছিল ৪০ বছৰতকৈও অধিক।

জুনেইদ আছিল ক্লাব পৰ্যায়ৰ খেলুৱৈ। শনিবাৰে যেতিয়া তেওঁ খেলখন খেলি আছিল তেতিয়া তাপমাত্ৰা ৪১.৭ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত আছিল। ৰোজা ৰাখি এনে তীব্ৰ উত্তাপত জুনেইদে প্ৰায় ৪০ অভাৰ ফিল্ডিং কৰে। কিন্তু খেলখন চলি থকাৰ সময়তে বিয়লি প্ৰায় ৪ বজাত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু খেলপথাৰতে অচেতন হৈ পৰে। ইয়াৰ পিছত লগে লগে এম্বুলেন্স মাতিলে, কিন্তু তেওঁক বচাব নোৱাৰিলে চিকিৎসকে।

জুনেইদ জাফৰ খানৰ এই আকস্মিক মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে পৰিয়াল তথা অনুৰাগীসকলক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ