--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেৱল ভাৰতীয় ক্ৰিকেটতে নহয়, বিশ্ব ক্ৰিকেটতো এগৰাকী সফল তথা শ্ৰেষ্ঠ অধিনায়ক হিচাপে সদায়ে নাম লোৱা হয় ‘কেপ্টেইন কুল’ খ্যাত মহেন্দ্ৰ সিং ধোনীৰ। ভাৰতীয় ক্ৰিকেটক শিখৰলৈ তুলি নিয়াত ধোনীৰ অৱদান সদায়ে স্মৰণীয় হৈ ৰ'ব। পিছে ভাৰতীয় ক্ৰিকেটত ধোনীৰ নামত থকা এক বিশেষ অভিলেখ ভংগ কৰি চমক সৃষ্টি কৰিছে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰে। 

সাধাৰণতেই ক্ৰীড়াৰ প্ৰতিটো খবৰ ৰখা ক্ৰীড়াপ্ৰেমীসকলক বাদ দি দেশৰ অধিকাংশ লোকেই পুৰুষ ক্ৰিকেটৰ সমানে গুৰুত্ব নিদিয়ে মহিলা ক্ৰিকেটক। কিন্তু বিগত সময়চোৱাত ভাৰতীয় মহিলা ক্ৰিকেট দলেও আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত এক শক্তিশালী দল হিচাপে আত্মপ্ৰতিষ্ঠা কৰিছে। কিংবদন্তীত পৰিণত হোৱা মিতালী ৰাজৰ পিছত ভাৰতীয় ক্ৰিকেটৰ এই সফলতাৰ কৃতিত্ব হৰমনপ্ৰীত কৌৰেও নিশ্চিতভাৱে লাভ কৰে।

চলিত বাৰ্মিংহাম কমনৱেলথ গেমছত দেওবাৰে ভাৰতীয় দলে পাকিস্তানক বিধ্বস্ত কৰি প্ৰতিযোগিতাখনত প্ৰথমটো জয় সাব্যস্ত কৰে। এই জয়ৰ লগে লগে ভাৰতীয় দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰে ধোনীক অতিক্ৰম কৰি ভাৰতৰ হৈ সৰ্বাধিক টি-২০ মেচ জয়ৰ অধিনায়ক হিচাপে নতুন অভিলেখ স্থাপন কৰে।

পাকিস্তানৰ বিৰুদ্ধে জয়ৰ পিছত ভাৰতৰ অধিনায়ক হিচাপে হৰমনপ্ৰীতে টি-২০ ক্ৰিকেটত জয়ৰ সংখ্যা ৪২ খন মেচলৈ বৃদ্ধি কৰে। এইদৰে তেওঁ ধোনীৰ নামত থকা ভাৰতীয় অভিলেখ ভংগ কৰে। ধোনীয়ে ভাৰতীয় দলৰ অধিনায়ক হিচাপে ৪১ খন টি-২০ মেচত জয় লাভ কৰিছিল। 

এই তালিকাত হৰমনপ্ৰীত আৰু ধোনীৰ পিছত আছে প্ৰাক্তন অধিনায়ক বিৰাট কোহলী (৩১) আৰু বৰ্তমানৰ অধিনায়ক ৰোহিত শৰ্মা (২৭)।

আনহাতে মহিলা টি-২০ ক্ৰিকেটত অধিনায়কৰ ভিতৰত হৰমনপ্ৰীতে তৃতীয় স্থান লাভ কৰিছে।  এই ক্ষেত্ৰত শীৰ্ষত আছে ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক চাৰ্লট এডৱাৰ্ডছ (৬৮) আৰু দ্বিতীয় স্থানত আছে অষ্ট্ৰেলিয়াৰ অধিনায়ক মেগ লেনিং (৬৪)। 

উল্লেখ্য যে দেওবাৰৰ মেচখনত ভাৰতীয় দলে পাকিস্তানক ৮ উইকেটত পৰাস্ত কৰি কমনৱেলথ পদক জয়ৰ সম্ভাৱনা জীয়াই ৰাখে। মেচখনত প্ৰথমে বেটিং কৰা পাকিস্তানক ভাৰতে চমকপ্ৰদ বলিং আক্ৰমণেৰে ৯৯ ৰাণতে অল আউট কৰাৰ পাছত ১০০ ৰানৰ লক্ষ্য ভাৰতে মাত্ৰ ১১.৪ অভাৰত দুটা উইকেট হেৰুৱাই অতিক্ৰম কৰে।

চোক দিছিল আৰু বৰষুণৰ ফলত খেল আৰম্ভ হোৱাত পলম হৈছিল। স্পিনাৰ স্নেহ ৰাণা আৰু ৰাধা যাদৱে দুটাকৈ উইকেট লৈ থিয় দিছিল।

ভাৰতৰ এই বিজয়ত অনবদ্য ভূমিকা লোৱা অপেনাৰ স্মৃতি মান্ধানাই বিস্ফোৰক বেটিঙেৰে মাত্ৰ ৪২ টা বলতে ৮ টা চাৰি আৰু ৩ টা ছয়েৰে ৬৩ ৰানত অপৰাজিত থাকে। উল্লেখ্য যে ভাৰতীয় দলটো কমনৱেলথ অভিযানৰ নিজৰ প্ৰথমখন মেচত অষ্ট্ৰেলিয়াৰ বিপক্ষে পৰাস্ত হৈছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু