--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেৱল ভাৰতীয় ক্ৰিকেটতে নহয়, বিশ্ব ক্ৰিকেটতো এগৰাকী সফল তথা শ্ৰেষ্ঠ অধিনায়ক হিচাপে সদায়ে নাম লোৱা হয় ‘কেপ্টেইন কুল’ খ্যাত মহেন্দ্ৰ সিং ধোনীৰ। ভাৰতীয় ক্ৰিকেটক শিখৰলৈ তুলি নিয়াত ধোনীৰ অৱদান সদায়ে স্মৰণীয় হৈ ৰ'ব। পিছে ভাৰতীয় ক্ৰিকেটত ধোনীৰ নামত থকা এক বিশেষ অভিলেখ ভংগ কৰি চমক সৃষ্টি কৰিছে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰে। 

সাধাৰণতেই ক্ৰীড়াৰ প্ৰতিটো খবৰ ৰখা ক্ৰীড়াপ্ৰেমীসকলক বাদ দি দেশৰ অধিকাংশ লোকেই পুৰুষ ক্ৰিকেটৰ সমানে গুৰুত্ব নিদিয়ে মহিলা ক্ৰিকেটক। কিন্তু বিগত সময়চোৱাত ভাৰতীয় মহিলা ক্ৰিকেট দলেও আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত এক শক্তিশালী দল হিচাপে আত্মপ্ৰতিষ্ঠা কৰিছে। কিংবদন্তীত পৰিণত হোৱা মিতালী ৰাজৰ পিছত ভাৰতীয় ক্ৰিকেটৰ এই সফলতাৰ কৃতিত্ব হৰমনপ্ৰীত কৌৰেও নিশ্চিতভাৱে লাভ কৰে।

চলিত বাৰ্মিংহাম কমনৱেলথ গেমছত দেওবাৰে ভাৰতীয় দলে পাকিস্তানক বিধ্বস্ত কৰি প্ৰতিযোগিতাখনত প্ৰথমটো জয় সাব্যস্ত কৰে। এই জয়ৰ লগে লগে ভাৰতীয় দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰে ধোনীক অতিক্ৰম কৰি ভাৰতৰ হৈ সৰ্বাধিক টি-২০ মেচ জয়ৰ অধিনায়ক হিচাপে নতুন অভিলেখ স্থাপন কৰে।

পাকিস্তানৰ বিৰুদ্ধে জয়ৰ পিছত ভাৰতৰ অধিনায়ক হিচাপে হৰমনপ্ৰীতে টি-২০ ক্ৰিকেটত জয়ৰ সংখ্যা ৪২ খন মেচলৈ বৃদ্ধি কৰে। এইদৰে তেওঁ ধোনীৰ নামত থকা ভাৰতীয় অভিলেখ ভংগ কৰে। ধোনীয়ে ভাৰতীয় দলৰ অধিনায়ক হিচাপে ৪১ খন টি-২০ মেচত জয় লাভ কৰিছিল। 

এই তালিকাত হৰমনপ্ৰীত আৰু ধোনীৰ পিছত আছে প্ৰাক্তন অধিনায়ক বিৰাট কোহলী (৩১) আৰু বৰ্তমানৰ অধিনায়ক ৰোহিত শৰ্মা (২৭)।

আনহাতে মহিলা টি-২০ ক্ৰিকেটত অধিনায়কৰ ভিতৰত হৰমনপ্ৰীতে তৃতীয় স্থান লাভ কৰিছে।  এই ক্ষেত্ৰত শীৰ্ষত আছে ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক চাৰ্লট এডৱাৰ্ডছ (৬৮) আৰু দ্বিতীয় স্থানত আছে অষ্ট্ৰেলিয়াৰ অধিনায়ক মেগ লেনিং (৬৪)। 

উল্লেখ্য যে দেওবাৰৰ মেচখনত ভাৰতীয় দলে পাকিস্তানক ৮ উইকেটত পৰাস্ত কৰি কমনৱেলথ পদক জয়ৰ সম্ভাৱনা জীয়াই ৰাখে। মেচখনত প্ৰথমে বেটিং কৰা পাকিস্তানক ভাৰতে চমকপ্ৰদ বলিং আক্ৰমণেৰে ৯৯ ৰাণতে অল আউট কৰাৰ পাছত ১০০ ৰানৰ লক্ষ্য ভাৰতে মাত্ৰ ১১.৪ অভাৰত দুটা উইকেট হেৰুৱাই অতিক্ৰম কৰে।

চোক দিছিল আৰু বৰষুণৰ ফলত খেল আৰম্ভ হোৱাত পলম হৈছিল। স্পিনাৰ স্নেহ ৰাণা আৰু ৰাধা যাদৱে দুটাকৈ উইকেট লৈ থিয় দিছিল।

ভাৰতৰ এই বিজয়ত অনবদ্য ভূমিকা লোৱা অপেনাৰ স্মৃতি মান্ধানাই বিস্ফোৰক বেটিঙেৰে মাত্ৰ ৪২ টা বলতে ৮ টা চাৰি আৰু ৩ টা ছয়েৰে ৬৩ ৰানত অপৰাজিত থাকে। উল্লেখ্য যে ভাৰতীয় দলটো কমনৱেলথ অভিযানৰ নিজৰ প্ৰথমখন মেচত অষ্ট্ৰেলিয়াৰ বিপক্ষে পৰাস্ত হৈছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ