--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ইটালীৰ সাঁতোৰবিদ গ্ৰেগৰিয়া পালট্ৰিনিয়েৰীয়ে পেৰিছ অলিম্পিকত এক নজিৰ গঢ়ি তুলিছে। পুৰুষৰ ৮০০ মিটাৰ ফ্ৰীষ্টাইলত ৰূপৰ পদক লাভ কৰে। পালট্ৰিনিয়েৰীৰ পদক জয়ৰ বহুদিন নৌহওঁতেই তেওঁৰ বাকদত্তা ৰজেলা ফিয়ামিংগোৱে অলিম্পিকত সোণৰ পদক লাভ কৰে।

 

২৯ বছৰীয়া পালট্ৰিনিয়েৰীয়ে মধ্য আৰু দীৰ্ঘ দূৰত্বৰ সাঁতোৰত কেইবাটাও আন্তঃৰাষ্ট্ৰীয় পদক লাভ কৰিছে। ৮০০ মিটাৰ, ১৫০০ মিটাৰ ফ্ৰীষ্টাইলৰ উপৰিও তেওঁৰ প্ৰিয় ইভেণ্টসমূহৰ ভিতৰত ৫ আৰু ১০ কিলোমিটাৰ সাঁতোৰ। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিটো ইভেণ্টতে তেওঁৰ পদক আছে। অৱশ্যে পেৰিছ অলিম্পিকত ৰূপৰ পদক লাভ কৰি তেওঁ ইটালীৰ সাঁতোৰত এক নজিৰ গঢ়ি তুলিছে। পালট্ৰিনিয়েৰীয়ে একেৰাহে তিনিখন অলিম্পিকত পদক লাভ কৰা প্ৰথমজন ইটালীৰ সাঁতোৰবিদ হিচাপে পৰিগণিত হয়।

 

২০১৬ চনত ৰিঅঅলিম্পিকত ১৫০০ মিটাৰ ফ্ৰীষ্টাইলত সোণৰ পদক লাভ কৰিছিল। ২০২২ চনৰ টকিঅঅলিম্পিকত ৮০০ মিটাৰ ফ্ৰীষ্টাইলত ৰূপৰ পদক লাভ কৰে। ১৫০০ মিটাৰ ফ্ৰীষ্টাইলত চতুৰ্থ স্থান লাভ কৰে। এইবাৰো তেওঁ ৮০০ মিটাৰ ফ্ৰীষ্টাইলত ৰূপৰ পদক লাভ কৰে। ২০১২ চনৰ লণ্ডন অলিম্পিকতো অংশগ্ৰহণ কৰিছিল পালট্ৰিনিয়েৰীয়ে। তেওঁ কেৱল ১৫০০ মিটাৰ ফ্ৰীষ্টাইলতহে বাৰ অৱতৰণ কৰিছিল। পঞ্চম স্থানত অন্ত পেলায়।

 

মঙলবাৰে তেওঁৰ প্ৰেমিকা ফিয়ামিংগো (৩৩)য়ে নজিৰ গঢ়ি তোলাত তেওঁৰ সুখ দুগুণ বৃদ্ধি কৰে। মহিলা দলৰ ফেন্সিঙত সোণৰ পদক লাভ কৰে। পালট্ৰিনিয়েৰীৰ দৰে তেওঁও একেৰাহে তৃতীয়বাৰৰ বাবে অলিম্পিকত পদক লাভ কৰে। ৰিঅঅলিম্পিকত ব্যক্তিগত ইভেণ্টত ৰূপৰ পদক লাভ কৰে। টকিঅত অনুষ্ঠিত হোৱা দলীয় ইভেণ্টত ইটালীৰ সোণ বিজয়ী দলৰ সদস্য আছিল। অৰ্থাৎ পালট্ৰিনিয়েৰী আৰু ফিয়ামিংগোৱে একেৰাহে তিনিখন অলিম্পিকৰ পৰা দেশখনক পদক প্ৰদান কৰিছিল।

 

ফেন্সিং বিশ্বকাপ, বিশ্ব চেম্পিয়নশ্বিপ, ইউৰোপীয় চেম্পিয়নশ্বিপত ফিয়ামিংগোৰ কেইবাটাও পদক আছে। তেওঁক ইটালীৰ সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ মহিলা ফেন্সাৰ হিচাপে গণ্য কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু