--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ইটালীৰ সাঁতোৰবিদ গ্ৰেগৰিয়া পালট্ৰিনিয়েৰীয়ে পেৰিছ অলিম্পিকত এক নজিৰ গঢ়ি তুলিছে। পুৰুষৰ ৮০০ মিটাৰ ফ্ৰীষ্টাইলত ৰূপৰ পদক লাভ কৰে। পালট্ৰিনিয়েৰীৰ পদক জয়ৰ বহুদিন নৌহওঁতেই তেওঁৰ বাকদত্তা ৰজেলা ফিয়ামিংগোৱে অলিম্পিকত সোণৰ পদক লাভ কৰে।

 

২৯ বছৰীয়া পালট্ৰিনিয়েৰীয়ে মধ্য আৰু দীৰ্ঘ দূৰত্বৰ সাঁতোৰত কেইবাটাও আন্তঃৰাষ্ট্ৰীয় পদক লাভ কৰিছে। ৮০০ মিটাৰ, ১৫০০ মিটাৰ ফ্ৰীষ্টাইলৰ উপৰিও তেওঁৰ প্ৰিয় ইভেণ্টসমূহৰ ভিতৰত ৫ আৰু ১০ কিলোমিটাৰ সাঁতোৰ। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিটো ইভেণ্টতে তেওঁৰ পদক আছে। অৱশ্যে পেৰিছ অলিম্পিকত ৰূপৰ পদক লাভ কৰি তেওঁ ইটালীৰ সাঁতোৰত এক নজিৰ গঢ়ি তুলিছে। পালট্ৰিনিয়েৰীয়ে একেৰাহে তিনিখন অলিম্পিকত পদক লাভ কৰা প্ৰথমজন ইটালীৰ সাঁতোৰবিদ হিচাপে পৰিগণিত হয়।

 

২০১৬ চনত ৰিঅঅলিম্পিকত ১৫০০ মিটাৰ ফ্ৰীষ্টাইলত সোণৰ পদক লাভ কৰিছিল। ২০২২ চনৰ টকিঅঅলিম্পিকত ৮০০ মিটাৰ ফ্ৰীষ্টাইলত ৰূপৰ পদক লাভ কৰে। ১৫০০ মিটাৰ ফ্ৰীষ্টাইলত চতুৰ্থ স্থান লাভ কৰে। এইবাৰো তেওঁ ৮০০ মিটাৰ ফ্ৰীষ্টাইলত ৰূপৰ পদক লাভ কৰে। ২০১২ চনৰ লণ্ডন অলিম্পিকতো অংশগ্ৰহণ কৰিছিল পালট্ৰিনিয়েৰীয়ে। তেওঁ কেৱল ১৫০০ মিটাৰ ফ্ৰীষ্টাইলতহে বাৰ অৱতৰণ কৰিছিল। পঞ্চম স্থানত অন্ত পেলায়।

 

মঙলবাৰে তেওঁৰ প্ৰেমিকা ফিয়ামিংগো (৩৩)য়ে নজিৰ গঢ়ি তোলাত তেওঁৰ সুখ দুগুণ বৃদ্ধি কৰে। মহিলা দলৰ ফেন্সিঙত সোণৰ পদক লাভ কৰে। পালট্ৰিনিয়েৰীৰ দৰে তেওঁও একেৰাহে তৃতীয়বাৰৰ বাবে অলিম্পিকত পদক লাভ কৰে। ৰিঅঅলিম্পিকত ব্যক্তিগত ইভেণ্টত ৰূপৰ পদক লাভ কৰে। টকিঅত অনুষ্ঠিত হোৱা দলীয় ইভেণ্টত ইটালীৰ সোণ বিজয়ী দলৰ সদস্য আছিল। অৰ্থাৎ পালট্ৰিনিয়েৰী আৰু ফিয়ামিংগোৱে একেৰাহে তিনিখন অলিম্পিকৰ পৰা দেশখনক পদক প্ৰদান কৰিছিল।

 

ফেন্সিং বিশ্বকাপ, বিশ্ব চেম্পিয়নশ্বিপ, ইউৰোপীয় চেম্পিয়নশ্বিপত ফিয়ামিংগোৰ কেইবাটাও পদক আছে। তেওঁক ইটালীৰ সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ মহিলা ফেন্সাৰ হিচাপে গণ্য কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
ইউৰোপত উৎকট গৰম; ১০ সহস্রাধিক লোকৰ মৃত্যু
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিক ৰূপ লাভ কৰিলে মাজবাট ৰে’লৱে ষ্টেচনে
লক্ষ্ণৌৰ 5-ষ্টাৰ হোটেলত ৰহস্যজনক অৱস্থাত যুৱ বিজ্ঞানীৰ মৃতদেহ উদ্ধাৰ, বিচনাৰ কাষত পোৱা গ’ল বমিৰ দাগ
বান গ’ল, কিন্তু শেষ হোৱা নাই দুৰ্ভোগ; নৰক যন্ত্ৰণা, আৱৰ্জনা, দুৰ্গন্ধ আৰু ৰোগৰ আতংকত জোনাইৰ মধুপুৰ-অৰুণ চাপৰি ৰাইজ
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
পৰাজয়ৰ ক্ষোভত ফাটি পৰিছে ইজিপ্ত; আর্জেণ্টিনাৰ বিজয়ক ‘ফিক্সিং’ আখ্যা ইজিপ্তৰ
যুদ্ধ আৰম্ভ, লগে লগে শ্বেয়াৰ বজাৰত বিপৰ্যয়; খাৰুৱা তেলৰ দাম ৬% বৃদ্ধি
নাৰায়ণপুৰৰ ধলপুৰত শহুৰেকৰ ঘৰত হাতত চোকা দা লৈ জোঁৱায়েকৰ ভয়ংকৰ তাণ্ডৱ
শিক্ষকতাত কালিমা! আনৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ধুবুৰীৰ এজন প্ৰধান শিক্ষক
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
Advertisement