--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত পেৰিছ অলিম্পিকত বুধবাৰে মহিলাৰ বক্সিঙৰ ৭৫ কিলোগ্ৰাম শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰি প্ৰত্যাশিত আৰম্ভণি কৰিছে অসম কন্যা লাভলীনা বৰগোঁহাইয়ে৷ 

অসমৰ প্ৰথম ক্ৰীড়াবিদ হিচাপে দেশৰ শ্ৰেষ্ঠতম ক্ৰীড়া সন্মান খেলৰত্নৰে সন্মানিত হোৱা লাভলীনাই বিগত টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰি গ্ৰেটেষ্ট শ্ব’ অ’ন দ্য আৰ্থৰ পডিয়ামত থিয় হোৱা প্ৰথম অসমীয়া হোৱাৰ গৌৰৱ লাভ কৰিছিল৷ 

এইবাৰো লাভলীনাৰ পৰা অসমবাসীৰ লগতে সমগ্ৰ দেশ তথা প্ৰবাসী ভাৰতীয়ই পদকৰ আশা কৰিছে৷ পেৰিছ অলিম্পিকত লাভলীনাৰ অনিৰুদ্ধ যাত্ৰা আগুৱাই যোৱাৰ আশাৰে সমগ্ৰ অসমবাসীৰ হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই শুভেচ্ছা জনাই কিছুদিন পূৰ্বে এখন গামোচাত স্বাক্ষৰ কৰিছিল৷ 

আজি অসম বক্সিং সন্থাৰ সম্পাদক তথা ভাৰতীয় বক্সিং ফেডাৰেছনৰ সচিব প্ৰধান হেমন্ত কুমাৰ কলিতাই সেই বিশেষ গামোচাখন লাভলীনাক অৰ্পণ কৰে৷ 

প্ৰথম ৰাউণ্ডৰ মেচত জয়লাভ কৰাৰ পাছতে ভাৰতীয় বক্সিং ফেডাৰেছনৰ সভাপতি অজয় সিংসহ হেমন্ত কুমাৰ কলিতাই লাভলীনাক মুখ্যমন্ত্ৰী ড॰ শৰ্মাই স্বাক্ষৰ কৰা গামোচাখন হাতত তুলি দিয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩খন কাকতৰ পৰীক্ষা অনুষ্ঠিত কৰি বাকী বিষয়সমূহ ডেৰ মাহৰ পাছত পতাৰ আজব সিদ্ধান্ত
গৰৈমাৰীৰ জোৰশিমুলীত আৰক্ষীৰ অভিযান; নগদ ধনসহ বৃহৎ পৰিমাণৰ হীৰা আৰু সোণৰ আ-অলংকাৰ জব্দ
উত্তৰ প্ৰদেশৰ বলৰামপুৰত ভয়ংকৰ দুৰ্ঘটনা; ট্ৰাকত খুন্দা মাৰি বাগৰিল যাত্ৰীবাহী বাছ
মানাহত অসম বিধানসভাৰ প্ৰতিনিধি দল ; পৰ্যটন ক্ষেত্ৰৰ বিকাশ পৰ্যবেক্ষণৰ বাবে আহিছে কেবাজনো বিধায়কৰ প্ৰতিনিধি দল
পুটিনৰ ভাৰত ভ্ৰমণে দেশলৈ কি কঢ়িয়াই আনিব?
ছোনিয়া, ৰাহুল গান্ধীৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ, নেশ্যনেল হেল্ড গোচৰত নতুনকৈ এজাহাৰ
কৃষকৰ সপোন ছাৰখাৰ; মাজুলীৰ বৰুণচুক গাঁৱৰ ধাননি পথাৰত দপদপকৈ জ্বলি উঠিল জুই
জুৰীয়াত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ