--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত পেৰিছ অলিম্পিকত বুধবাৰে মহিলাৰ বক্সিঙৰ ৭৫ কিলোগ্ৰাম শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰি প্ৰত্যাশিত আৰম্ভণি কৰিছে অসম কন্যা লাভলীনা বৰগোঁহাইয়ে৷ 

অসমৰ প্ৰথম ক্ৰীড়াবিদ হিচাপে দেশৰ শ্ৰেষ্ঠতম ক্ৰীড়া সন্মান খেলৰত্নৰে সন্মানিত হোৱা লাভলীনাই বিগত টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰি গ্ৰেটেষ্ট শ্ব’ অ’ন দ্য আৰ্থৰ পডিয়ামত থিয় হোৱা প্ৰথম অসমীয়া হোৱাৰ গৌৰৱ লাভ কৰিছিল৷ 

এইবাৰো লাভলীনাৰ পৰা অসমবাসীৰ লগতে সমগ্ৰ দেশ তথা প্ৰবাসী ভাৰতীয়ই পদকৰ আশা কৰিছে৷ পেৰিছ অলিম্পিকত লাভলীনাৰ অনিৰুদ্ধ যাত্ৰা আগুৱাই যোৱাৰ আশাৰে সমগ্ৰ অসমবাসীৰ হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই শুভেচ্ছা জনাই কিছুদিন পূৰ্বে এখন গামোচাত স্বাক্ষৰ কৰিছিল৷ 

আজি অসম বক্সিং সন্থাৰ সম্পাদক তথা ভাৰতীয় বক্সিং ফেডাৰেছনৰ সচিব প্ৰধান হেমন্ত কুমাৰ কলিতাই সেই বিশেষ গামোচাখন লাভলীনাক অৰ্পণ কৰে৷ 

প্ৰথম ৰাউণ্ডৰ মেচত জয়লাভ কৰাৰ পাছতে ভাৰতীয় বক্সিং ফেডাৰেছনৰ সভাপতি অজয় সিংসহ হেমন্ত কুমাৰ কলিতাই লাভলীনাক মুখ্যমন্ত্ৰী ড॰ শৰ্মাই স্বাক্ষৰ কৰা গামোচাখন হাতত তুলি দিয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক