--°C
Loading...
Listen to Article
2 min read
80%

কলকাতা : পশ্চিমবংগ নিৰ্বাচনৰ বাকী থকা চাৰিওটা পৰ্যায়ৰ ভোটগ্ৰহণ একেদিনাই হোৱাটো বিচাৰিছে মু্খ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। ৰাজ্যখনত ক’ভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত এই দাবী জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অৱশ্যে নিৰ্বাচন আয়োগে পূৰ্বেই এনে সম্ভাৱনাৰ কথা অস্বীকাৰ কৰিছে।

আৰু পঢ়িব পাৰিব : বাসগৃহত অগ্নিসংযোগঃ একেটা পৰিয়ালৰে দুই সদস্যৰ মৃত্যু

আজি মমতাই টুইটযোগে প্ৰকাশ কৰে যে, ‘মহামাৰীৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত পশ্চিমবংগৰ নিৰ্বাচন আঠটা পৰ্যায়ত অনুষ্ঠিত কৰাৰ নিৰ্বাচন আয়োগৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। মই নিৰ্বাচন আয়োগক আহ্বান জনাব বিচাৰিছোঁ যে, বাকী থকা চাৰিটা পৰ্যায়ৰ ভোটগ্ৰহণ একেলগে অনুষ্ঠিত কৰক। ই মানুহক কোভিডৰ অধিক সংক্ৰণৰ পৰা ৰক্ষা কৰিব।’

আৰু পঢ়িব পাৰিব : লামডিঙত অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ

কেৱল মমতাই নহয় তৃণমূল কংগ্ৰেছৰ ভালেমান নেতাই আঠটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্তত নিৰ্বাচন আয়োগ অটল থকা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰকো সমালোচনা কৰিছে। উল্লেখ্য যে, অহা ২৯ এপ্ৰিললৈ ৰাজ্যখনত নিৰ্বাচন চলিব। ১৭, ২২, ২৬ আৰু ২৯ এপ্ৰিলত ৰাজ্যখনত বাকী থকা চাৰিটা পৰ্যায়ৰ ভোটগ্ৰহণ হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু