--°C
Loading...
Listen to Article
2 min read
80%

কলকাতা : পশ্চিমবংগ নিৰ্বাচনৰ বাকী থকা চাৰিওটা পৰ্যায়ৰ ভোটগ্ৰহণ একেদিনাই হোৱাটো বিচাৰিছে মু্খ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। ৰাজ্যখনত ক’ভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত এই দাবী জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অৱশ্যে নিৰ্বাচন আয়োগে পূৰ্বেই এনে সম্ভাৱনাৰ কথা অস্বীকাৰ কৰিছে।

আৰু পঢ়িব পাৰিব : বাসগৃহত অগ্নিসংযোগঃ একেটা পৰিয়ালৰে দুই সদস্যৰ মৃত্যু

আজি মমতাই টুইটযোগে প্ৰকাশ কৰে যে, ‘মহামাৰীৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত পশ্চিমবংগৰ নিৰ্বাচন আঠটা পৰ্যায়ত অনুষ্ঠিত কৰাৰ নিৰ্বাচন আয়োগৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। মই নিৰ্বাচন আয়োগক আহ্বান জনাব বিচাৰিছোঁ যে, বাকী থকা চাৰিটা পৰ্যায়ৰ ভোটগ্ৰহণ একেলগে অনুষ্ঠিত কৰক। ই মানুহক কোভিডৰ অধিক সংক্ৰণৰ পৰা ৰক্ষা কৰিব।’

আৰু পঢ়িব পাৰিব : লামডিঙত অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ

কেৱল মমতাই নহয় তৃণমূল কংগ্ৰেছৰ ভালেমান নেতাই আঠটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্তত নিৰ্বাচন আয়োগ অটল থকা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰকো সমালোচনা কৰিছে। উল্লেখ্য যে, অহা ২৯ এপ্ৰিললৈ ৰাজ্যখনত নিৰ্বাচন চলিব। ১৭, ২২, ২৬ আৰু ২৯ এপ্ৰিলত ৰাজ্যখনত বাকী থকা চাৰিটা পৰ্যায়ৰ ভোটগ্ৰহণ হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ