--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : কাৰাগাৰৰ পৰাই অসমৰ ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালে অখিল গগৈয়ে। লগতে লিখিলে বন্দী জীৱনৰ কেইবাটাও ভাল লগা কাহিনী। তেওঁ লিখিছে,- 'মোৰ বন্দী জীৱনৰ ভাল লগা কেইটামান কাহিনী'-

আজি মোৰ বন্দী জীৱনে ৪৮৮টা দিন অতিক্ৰম কৰিলে, এবছৰ চাৰিমাহ এদিন। বিজেপি চৰকাৰৰ পাঁচ বছৰীয়া শাসনকালত মই প্ৰায় দুবছৰ জে’লতে কটালো। বিজেপি অহাৰ পাছত মই এটাও বিহু খাবলৈ পোৱা নাই, সেয়া ব’হাগ বিহুৱে হওক, মাঘ বিহুৱে হওক। ২০২১ চনৰ ব’হাগ বিহুটোও ব্যতিক্ৰম নহ'ল। মই বহুদিন আকাশ দেখা নাই, গাত পৰা নাই ৰ’দ। NIAৰ গোচৰত বন্দী হৈ নানা ৰোগত ভুগি চিকিৎসালয়ত ভৰ্তি হৈ আছোঁ। মোৰ এনে দুৰ্দশাগ্ৰস্ত আৰু বেদনাৰে ভৰা দিনবোৰতো কেতিয়াবা কেতিয়াবা ভাল লগা কিছুমান ঘটনা সংঘটিত হয়। সংবেদনশীল মানুহৰ স্পৰ্শ পৰে। তেতিয়াই বৈ যায় সুখৰ চকুলো। আজিও তেনে এটা ঘটনাই ঘটিল।

আৰু পঢ়িব পাৰিব : বৰপেটাৰোড চহৰত দিন দুপৰতে চুৰিকাণ্ড: আটক দুই দুৰ্ধষ চোৰ

১৩ এপ্ৰিল, ২০২১ চন। পুৱা দেৰিকৈ আঠমান বজাত শুই উঠিছোঁ। ৰাতি অনেক টেবলেটৰ লগতে টোপনি ধৰা ঔষধ (স্লিপিং টেবলেট) খোৱাৰ বাবে উঠোঁ-নুঠুকৈ উঠি হামিয়াই-সিঁকতিয়াই বাতৰি কাকত কেইখনত চকু ফুৰাইছোঁ। এনেতে চিকিৎসালয়ৰ দুৱাৰত টোকৰ পৰিল। দুৱাৰখন খুলি দিলোঁ। এজন পুলিচ কনিষ্টবল হাঁহি হাঁহি মোৰ কোঠালৈ সোমাই আহিল। হাতত এখন ফুলাম গামোচা আৰু এটা টিফিন বক্স। মানুহজনক বহুদিন পাইছোঁ। অতি কৰ্তব্যনিষ্ট, কঠোৰ, শৃংখলাবদ্ধ পুলিচ কনিষ্টবল। কোনোদিন অনুকম্পা নেদেখুৱাই। মই যন্ত্ৰৱৎ থিয় হৈ দিলোঁ। ডিঙিত গামোচাখন পিন্ধাই দিলে, হাতত গুজি দিলে এখন ৰুমাল আৰু টিফিন বক্সটো। ক’লে - "শ্ৰীমতীয়ে পিঠা দি পঠাইছে। বিহু বুলি। আমিটো সকলোৱে বিহু পাতিম, আপুনিহে দেশৰবাবে সোমাই আছে।" তাৰপাছত এটি আলিংগন। মই ততাতৰিয়াকৈ কোঠাত থকা সামান্য খুৱাবস্তু এটা আগবঢ়াই দি বিদায় দিলোঁ। তাৰপাছৰ পৰা মনটো কিবা বুজাব নোৱাৰা সুখানুভূতিৰে ভৰাই তুলিলে। মাজে মাজে চকুলো বৈ থাকিল।’

আৰু পঢ়িব পাৰিব : ক’ভিডভীতিৰ মাজতে ৰাজ্যবাসীয়ে পালন কৰিছে গৰু বিহু

এনেদৰে কাৰাৰূদ্ধ অখিল গগৈয়ে লিখি উলিয়াই নিজৰ তিতা-মিঠা অভিজ্ঞতা৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ