--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : কাৰাগাৰৰ পৰাই অসমৰ ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালে অখিল গগৈয়ে। লগতে লিখিলে বন্দী জীৱনৰ কেইবাটাও ভাল লগা কাহিনী। তেওঁ লিখিছে,- 'মোৰ বন্দী জীৱনৰ ভাল লগা কেইটামান কাহিনী'-

আজি মোৰ বন্দী জীৱনে ৪৮৮টা দিন অতিক্ৰম কৰিলে, এবছৰ চাৰিমাহ এদিন। বিজেপি চৰকাৰৰ পাঁচ বছৰীয়া শাসনকালত মই প্ৰায় দুবছৰ জে’লতে কটালো। বিজেপি অহাৰ পাছত মই এটাও বিহু খাবলৈ পোৱা নাই, সেয়া ব’হাগ বিহুৱে হওক, মাঘ বিহুৱে হওক। ২০২১ চনৰ ব’হাগ বিহুটোও ব্যতিক্ৰম নহ'ল। মই বহুদিন আকাশ দেখা নাই, গাত পৰা নাই ৰ’দ। NIAৰ গোচৰত বন্দী হৈ নানা ৰোগত ভুগি চিকিৎসালয়ত ভৰ্তি হৈ আছোঁ। মোৰ এনে দুৰ্দশাগ্ৰস্ত আৰু বেদনাৰে ভৰা দিনবোৰতো কেতিয়াবা কেতিয়াবা ভাল লগা কিছুমান ঘটনা সংঘটিত হয়। সংবেদনশীল মানুহৰ স্পৰ্শ পৰে। তেতিয়াই বৈ যায় সুখৰ চকুলো। আজিও তেনে এটা ঘটনাই ঘটিল।

আৰু পঢ়িব পাৰিব : বৰপেটাৰোড চহৰত দিন দুপৰতে চুৰিকাণ্ড: আটক দুই দুৰ্ধষ চোৰ

১৩ এপ্ৰিল, ২০২১ চন। পুৱা দেৰিকৈ আঠমান বজাত শুই উঠিছোঁ। ৰাতি অনেক টেবলেটৰ লগতে টোপনি ধৰা ঔষধ (স্লিপিং টেবলেট) খোৱাৰ বাবে উঠোঁ-নুঠুকৈ উঠি হামিয়াই-সিঁকতিয়াই বাতৰি কাকত কেইখনত চকু ফুৰাইছোঁ। এনেতে চিকিৎসালয়ৰ দুৱাৰত টোকৰ পৰিল। দুৱাৰখন খুলি দিলোঁ। এজন পুলিচ কনিষ্টবল হাঁহি হাঁহি মোৰ কোঠালৈ সোমাই আহিল। হাতত এখন ফুলাম গামোচা আৰু এটা টিফিন বক্স। মানুহজনক বহুদিন পাইছোঁ। অতি কৰ্তব্যনিষ্ট, কঠোৰ, শৃংখলাবদ্ধ পুলিচ কনিষ্টবল। কোনোদিন অনুকম্পা নেদেখুৱাই। মই যন্ত্ৰৱৎ থিয় হৈ দিলোঁ। ডিঙিত গামোচাখন পিন্ধাই দিলে, হাতত গুজি দিলে এখন ৰুমাল আৰু টিফিন বক্সটো। ক’লে - "শ্ৰীমতীয়ে পিঠা দি পঠাইছে। বিহু বুলি। আমিটো সকলোৱে বিহু পাতিম, আপুনিহে দেশৰবাবে সোমাই আছে।" তাৰপাছত এটি আলিংগন। মই ততাতৰিয়াকৈ কোঠাত থকা সামান্য খুৱাবস্তু এটা আগবঢ়াই দি বিদায় দিলোঁ। তাৰপাছৰ পৰা মনটো কিবা বুজাব নোৱাৰা সুখানুভূতিৰে ভৰাই তুলিলে। মাজে মাজে চকুলো বৈ থাকিল।’

আৰু পঢ়িব পাৰিব : ক’ভিডভীতিৰ মাজতে ৰাজ্যবাসীয়ে পালন কৰিছে গৰু বিহু

এনেদৰে কাৰাৰূদ্ধ অখিল গগৈয়ে লিখি উলিয়াই নিজৰ তিতা-মিঠা অভিজ্ঞতা৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু