--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পিতৃৰ বাবে কন্যা সদায় মৰমৰ। কন্যাই যাতে নিজ সপোন পূৰণ কৰি আগুৱাই যাব পাৰে তাৰবাবে বহু পিতৃয়ে বহু ত্যাগ কৰে। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ পিতৃ-কন্যাৰ এক কাহিনীয়ে চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে। 

কন্যাক অনুপ্ৰাণিত কৰিবলৈ প্ৰয়াগৰাজৰ এজন সুপৰিচিত স্নায়ু চাৰ্জন ডাঃ প্ৰকাশ খৈতানে ৫০ বছৰ বয়সত NEET 2023 পৰীক্ষাত উত্তীৰ্ণ হৈছে। ১৮ বছৰীয়া কন্যা মিতালী খৈতানক মেডিকেল এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হোৱাত সহায় কৰিবলৈ তেওঁ এক অনন্য কৌশল গ্ৰহণ কৰিছিল। পিতৃ-কন্যা দুয়ো একেলগে NEET পৰীক্ষা দিলে। কন্যাৰ সাহস বঢ়াবলৈ এনেদৰে পিতৃয়ে পৰীক্ষা দিয়াৰ সিদ্ধান্ত লয়। কন্যা আৰু ডাক্তৰ পিতৃয়ে বিভিন্ন পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ পৰীক্ষা দিছিল। ফলাফল আহিল। কন্যা মিতালীয়ে ৯০%তকৈ অধিক নম্বৰ লাভ কৰাৰ বিপৰীতে ডাঃ প্ৰকাশ খৈতানে ৮৯% নম্বৰ লাভ কৰে। 

দুয়োজনে পৰীক্ষাত যোগ্যতা অৰ্জন কৰাত তেওঁলোকৰ এই কৃতিত্বৰ বিষয়ে সকলোতে চৰ্চা চলি আছে। ডা° প্ৰকাশ খৈতানে কন্যাৰ সৈতে NEET UG 2023 ৰ প্ৰৱেশ পৰীক্ষা দিছিল। তেওঁ ১৯৯২ চনত চিপিএমটি পৰীক্ষাত উত্তীৰ্ণ হৈ ডাক্তৰ হৈছিল। কিন্তু ৩০ বছৰৰ পাছত কন্যাক প্ৰেৰণা দিবলৈ তেওঁ পুনৰ মেডিকেল প্ৰৱেশ পৰীক্ষাত অৱৰ্তীৰ্ণ হ’ল। 

ডাঃ প্ৰকাশ খৈতানে কয় যে তেওঁৰ কন্যাৰ লগতে আন সন্তানসকলকো অনুপ্ৰাণিত কৰিবলৈ মেডিকেল প্ৰৱেশ পৰীক্ষাত অৱৰ্তীৰ্ণ হোৱাৰ সিদ্ধান্ত লৈছিল। তেওঁৰ মতে, বয়স কেতিয়াও সংগ্ৰাম আৰু সফলতাৰ বাটত বাধা হ’ব নোৱাৰে।

তেওঁৰ কন্যা মিতালীয়ে কৰ্ণাটকৰ মণিপালৰ কস্তুৰবা মেডিকেল কলেজত MBBS ত নামভৰ্তি কৰে। ডাঃ খৈতানে কয় যে পঢ়া-শুনা কৰিবলৈ বয়সৰ কোনো সীমা নাই। সততা, দায়বদ্ধতা আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা যিকোনো বয়সত সফলতা লাভ কৰিব পাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু