--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পিতৃৰ বাবে কন্যা সদায় মৰমৰ। কন্যাই যাতে নিজ সপোন পূৰণ কৰি আগুৱাই যাব পাৰে তাৰবাবে বহু পিতৃয়ে বহু ত্যাগ কৰে। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ পিতৃ-কন্যাৰ এক কাহিনীয়ে চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে। 

কন্যাক অনুপ্ৰাণিত কৰিবলৈ প্ৰয়াগৰাজৰ এজন সুপৰিচিত স্নায়ু চাৰ্জন ডাঃ প্ৰকাশ খৈতানে ৫০ বছৰ বয়সত NEET 2023 পৰীক্ষাত উত্তীৰ্ণ হৈছে। ১৮ বছৰীয়া কন্যা মিতালী খৈতানক মেডিকেল এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হোৱাত সহায় কৰিবলৈ তেওঁ এক অনন্য কৌশল গ্ৰহণ কৰিছিল। পিতৃ-কন্যা দুয়ো একেলগে NEET পৰীক্ষা দিলে। কন্যাৰ সাহস বঢ়াবলৈ এনেদৰে পিতৃয়ে পৰীক্ষা দিয়াৰ সিদ্ধান্ত লয়। কন্যা আৰু ডাক্তৰ পিতৃয়ে বিভিন্ন পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ পৰীক্ষা দিছিল। ফলাফল আহিল। কন্যা মিতালীয়ে ৯০%তকৈ অধিক নম্বৰ লাভ কৰাৰ বিপৰীতে ডাঃ প্ৰকাশ খৈতানে ৮৯% নম্বৰ লাভ কৰে। 

দুয়োজনে পৰীক্ষাত যোগ্যতা অৰ্জন কৰাত তেওঁলোকৰ এই কৃতিত্বৰ বিষয়ে সকলোতে চৰ্চা চলি আছে। ডা° প্ৰকাশ খৈতানে কন্যাৰ সৈতে NEET UG 2023 ৰ প্ৰৱেশ পৰীক্ষা দিছিল। তেওঁ ১৯৯২ চনত চিপিএমটি পৰীক্ষাত উত্তীৰ্ণ হৈ ডাক্তৰ হৈছিল। কিন্তু ৩০ বছৰৰ পাছত কন্যাক প্ৰেৰণা দিবলৈ তেওঁ পুনৰ মেডিকেল প্ৰৱেশ পৰীক্ষাত অৱৰ্তীৰ্ণ হ’ল। 

ডাঃ প্ৰকাশ খৈতানে কয় যে তেওঁৰ কন্যাৰ লগতে আন সন্তানসকলকো অনুপ্ৰাণিত কৰিবলৈ মেডিকেল প্ৰৱেশ পৰীক্ষাত অৱৰ্তীৰ্ণ হোৱাৰ সিদ্ধান্ত লৈছিল। তেওঁৰ মতে, বয়স কেতিয়াও সংগ্ৰাম আৰু সফলতাৰ বাটত বাধা হ’ব নোৱাৰে।

তেওঁৰ কন্যা মিতালীয়ে কৰ্ণাটকৰ মণিপালৰ কস্তুৰবা মেডিকেল কলেজত MBBS ত নামভৰ্তি কৰে। ডাঃ খৈতানে কয় যে পঢ়া-শুনা কৰিবলৈ বয়সৰ কোনো সীমা নাই। সততা, দায়বদ্ধতা আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা যিকোনো বয়সত সফলতা লাভ কৰিব পাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ