--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নতুনত্বৰ সন্ধানত এজন সাংবাদিক! সংবাদ মাধ্যমৰ বাক্‌-স্বাধীনতা আৰু নিৰপেক্ষতা হ্ৰাস পোৱা অভিযোগ উত্থাপন হোৱাৰ সময়তে দেশৰ আগশাৰীৰ এজন সাংবাদিকে কৰিছে পদত্যাগ৷শেহতীয়াকৈ প্ৰখ্যাত টিভি সাংবাদিক সংকেত উপাধ্যায়ে প্ৰতিষ্ঠিত সংবাদ প্ৰতিষ্ঠান এনডিটিভিৰ পৰা পদত্যাগ কৰিছে৷সংকেতে প্ৰায় চাৰি বছৰৰো অধিক সময় ধৰি কনছাল্টিং সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। উপাধ্যায়ৰ পদত্যাগ আৰু কেৰিয়াৰৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব এতিয়াও প্ৰকাশ কৰা হোৱা নাই যদিও তেওঁৰ প্ৰস্থানে NDTVত এটা যুগৰ অন্ত পেলাইছে।

উপাধ্যায়ে এক্সৰ দ্বাৰা এনডিটিভিৰ পৰা আঁতৰি যোৱাৰ কথা ঘোষণা কৰে। এনডিটিভিত অতি সোনকালে শেষ হ'বলগীয়া কাৰ্যকালৰ বিষয়ে প্ৰকাশ কৰি উপাধ্যায়ে লিখিছে, "এনডিটিভিত মোৰ ৰোমাঞ্চকৰ দ্বিতীয়টো কাৰ্যকাল অতি সোনকালে শেষ হ'ব। এই কৰ্মস্থলী আছিল মোৰ বাবে বিশেষ।" তদুপৰি তেওঁ এই পোষ্টটোত লিখিছে, "অতি সোনকালে মোৰ এটা নতুন পেছাদাৰী ঠিকনা থাকিব৷" ইয়াৰ উপৰিও উপাধ্যায়ে এনডিটিভিত কাম কৰি থকাৰ সময়ত দৰ্শকক দিয়া মৰম, সমালোচনা আৰু আদৰৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখ্য যে সংকেত উপাধ্যায়ে ২০১৯ চনত এনডিটিভিত পুনঃপ্ৰৱেশ কৰিছিল, য’ত তেওঁ এনডিটিভি ২৪×৭ আৰু এনডিটিভি ইণ্ডিয়া দুয়োটা অনুষ্ঠানৰ বিশেষ মুখ হিচাপে পৰিগণিত হয়। দীৰ্ঘদিনৰ পৰা চলি থকা হিন্দী বিতৰ্ক অনুষ্ঠান ‘মুকাবালা’ আৰু ইংৰাজী বিতৰ্ক অনুষ্ঠান ‘দ্য বিগ ফাইট’ আয়োজন কৰাৰ উপৰিও নিশা ৯ বজাত এনডিটিভি ইণ্ডিয়াত প্ৰাইম টাইম শ্ব’ ‘খাবাৰন কি খবৰ’ৰ এংকৰৰ কাৰ্যও সমাপন কৰিছিল।

ইংৰাজী আৰু হিন্দী দুয়োটা ভাষাতে পাকৈত উপাধ্যায়ে ২০০৫ চনত এনডিটিভিৰ সৈতে টেলিভিছন কেৰিয়াৰ আৰম্ভ কৰে, প্ৰথমে টাউন ডেস্কত সেৱা আগবঢ়ায় আৰু পাছলৈ উপাধ্যায়ে এনডিটিভিৰ ইংৰাজী চেনেলৰ লক্ষ্ণৌ ব্যুৰোৰ মুৰব্বীৰ ভূমিকা গ্ৰহণ কৰে। 

সংকেতৰ সাংবাদিকতাৰ যাত্ৰাই তেওঁক দিল্লীৰ ‘টাইমছ নাও’ৰ দৰে চেনেললৈ লৈ যায়, য’ত তেওঁ পাঁচ বছৰতকৈও অধিক সময় ধৰি প্ৰাকৃতিক দুৰ্যোগৰ পৰা আৰম্ভ কৰি নিৰ্বাচনলৈকে বিভিন্ন পৰিঘটনাক সামৰি বাতৰি যুগুত কৰাত অনবদ্য অৰিহণা যোগায়। 

ইয়াৰোপৰি সংকেত উপাধ্যায় ‘ইণ্ডিয়া টুডে’ গোটৰ অবিচ্ছেদ্য অংগ হৈ পৰিছিল, য’ত তেওঁ আউটপুট ইনচাৰ্জ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু গুৰুত্বপূৰ্ণ দায়িত্বসমূহৰ প্ৰতিবেদন প্ৰস্তুত,পৰিচালনাৰ জৰিয়তে নিজৰ বহুমুখী প্ৰতিভা প্ৰদৰ্শন কৰিছিল। তদুপৰি সংকেতে ‘চিএনএন নিউজ ১৮’ত ২০১৬ চনত উপ-কাৰ্যবাহী সম্পাদকৰ পদ গ্ৰহণ কৰে।

‘ইণ্ডিয়া এহেড’ৰ জৰিয়তে এনডিটিভিলৈ দ্বিতীয়বাৰৰ বাবে উভতি অহা উপাধ্যায়ে পুনৰ উপ-কাৰ্যবাহী সম্পাদক হিচাপে নিজৰ ভূমিকা আৰম্ভ কৰে।উল্লেখ্য যে এনডিটিভি নেটৱৰ্কৰ পৰা শেহতীয়া সময়চোৱাত বহুকেইজন সংবাদকৰ্মীয়ে পদত্যাগ কৰে৷ যাৰ ভিতৰত প্ৰতিষ্ঠাপক প্ৰণয় ৰয় আৰু ৰাধিকা ৰয়, সভাপতি সুপৰ্ণা সিং,অৰিজিত চেটাৰ্জী আৰু জ্যেষ্ঠ সাংবাদিক ৰবিশ কুমাৰৰ নাম অন্যতম।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক