--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে দুৰ্গা পূজাৰ পূৰ্বে আহিছে এক সুখবৰ।  আশা কৰা ধৰণেই কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীসকলৰ বাবে বৃদ্ধি কৰিছে মৰগীয়া বানচ  । দুৰ্গা পূজাৰ ঠিক আগে আগে  কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ মৰগীয়া বানচ বৃদ্ধি কৰাৰ কথাই এতিয়া কৰ্মচাৰীসকলক আনন্দিত কৰি তুলিছে। 

কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা অনুসৰি  কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে জুলাই ২০২৩-ৰ পৰা কাৰ্ষকৰী হোৱাকৈ বৰ্ধিত হাৰত মৰগীয়া বানচ লাভ কৰিব। তেওঁলোকে বাকী কেইমাহৰ মৰগীয়া বানচ  বকেয়া হিচাবত লাভ কৰিব।  
 
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে মৰগীয়া বানচ কিমান শতাংশ বৃদ্ধি হৈছে? এতিয়ালৈকে, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে সপ্তম দৰমহা আয়োগৰ অধীনত ৪২  শতাংশ মৰগীয়া বানচ লাভ কৰি আহিছে। এইবাৰ তেওঁলোকৰ মৰগীয়া বানচ পুনৰ ৪ শতাংশ বৃদ্ধি কৰা হৈছে। ইয়াৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে  জুলাই ২০২৩-ৰ পৰা ৪৬ শতাংশ হাৰত মৰগীয়া বানচ লাভ কৰিব। মৰগীয়া বানচ বৃদ্ধিৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে কিমান লাভান্বিত হ'ব?

 ধৰি লওঁক কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ 'বেছিক পে’ ' হৈছে প্ৰতি মাহে ২০,০০০ টকা। এতিয়ালৈকে তেওঁলোকে ৪২ শতাংশ হাৰত মৰগীয়া বানচ হিচাপে প্ৰতি মাহে ৮,৪০০ টকা লাভ কৰি আহিছে। এইবাৰ মৰগীয়া বানচ ৪৬ শতাংশলৈ বৃদ্ধি  হোৱাত ২০,০০০ টকাৰ বেছিক পে’ পোৱা কৰ্মচাৰীয়ে  মৰগীয়া বানচ হিচাপে প্ৰতি মাহে ৯,২০০ টকা লাভ কৰিব। অৰ্থাৎ, এনে দৰমহা পোৱা কৰ্মচাৰীয়ে  প্ৰতি মাহে মৰগীয়া বানচ হিচাপে পূৰ্বতকৈ  ৮০০  টকা অধিক পাব। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ