--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে দুৰ্গা পূজাৰ পূৰ্বে আহিছে এক সুখবৰ।  আশা কৰা ধৰণেই কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীসকলৰ বাবে বৃদ্ধি কৰিছে মৰগীয়া বানচ  । দুৰ্গা পূজাৰ ঠিক আগে আগে  কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ মৰগীয়া বানচ বৃদ্ধি কৰাৰ কথাই এতিয়া কৰ্মচাৰীসকলক আনন্দিত কৰি তুলিছে। 

কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা অনুসৰি  কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে জুলাই ২০২৩-ৰ পৰা কাৰ্ষকৰী হোৱাকৈ বৰ্ধিত হাৰত মৰগীয়া বানচ লাভ কৰিব। তেওঁলোকে বাকী কেইমাহৰ মৰগীয়া বানচ  বকেয়া হিচাবত লাভ কৰিব।  
 
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে মৰগীয়া বানচ কিমান শতাংশ বৃদ্ধি হৈছে? এতিয়ালৈকে, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে সপ্তম দৰমহা আয়োগৰ অধীনত ৪২  শতাংশ মৰগীয়া বানচ লাভ কৰি আহিছে। এইবাৰ তেওঁলোকৰ মৰগীয়া বানচ পুনৰ ৪ শতাংশ বৃদ্ধি কৰা হৈছে। ইয়াৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে  জুলাই ২০২৩-ৰ পৰা ৪৬ শতাংশ হাৰত মৰগীয়া বানচ লাভ কৰিব। মৰগীয়া বানচ বৃদ্ধিৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে কিমান লাভান্বিত হ'ব?

 ধৰি লওঁক কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ 'বেছিক পে’ ' হৈছে প্ৰতি মাহে ২০,০০০ টকা। এতিয়ালৈকে তেওঁলোকে ৪২ শতাংশ হাৰত মৰগীয়া বানচ হিচাপে প্ৰতি মাহে ৮,৪০০ টকা লাভ কৰি আহিছে। এইবাৰ মৰগীয়া বানচ ৪৬ শতাংশলৈ বৃদ্ধি  হোৱাত ২০,০০০ টকাৰ বেছিক পে’ পোৱা কৰ্মচাৰীয়ে  মৰগীয়া বানচ হিচাপে প্ৰতি মাহে ৯,২০০ টকা লাভ কৰিব। অৰ্থাৎ, এনে দৰমহা পোৱা কৰ্মচাৰীয়ে  প্ৰতি মাহে মৰগীয়া বানচ হিচাপে পূৰ্বতকৈ  ৮০০  টকা অধিক পাব। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু