--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুনৰ দেশ জোঁকাৰি যোৱা এটা লোমহৰ্ষক ধৰ্ষণ কাণ্ড সংঘটিত হ’ল দেশৰ ৰাজধানী দিল্লীত৷ ৰে'ল বিভাগৰ কৰ্মচাৰীয়ে দলবদ্ধভাৱে ধৰ্ষণ কৰিলে এগৰাকী ৩০ বছৰীয়া মহিলাক। জানিব পৰা  মতে, নতুন দিল্লী ৰে'লৱে ষ্টেচনৰ ৮-৯ নং প্লেটফৰ্মত এই ঘটনাটো সংঘটিত হৈছে৷ আৰক্ষী এই ঘটনাত জড়িত থকাৰ অভিযোগত চাৰিজন ৰে'লৱে কৰ্মীক আটক কৰিছে৷ আটক হোৱা সতীশ কুমাৰ(৩৫) নামৰ ব্যক্তিজনে যোৱা দুইবছৰৰ পৰা মহিলাগৰাকী জানিছিল৷ ভাৰতীয় ৰে'লৱেত চাকৰি দিয়াৰ প্ৰলোভনেৰে মহিলা গৰাকীক ৰে'ল ষ্টেচনলৈ মাতিছিল সতীশ কুমাৰে৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আন তিনিজন লোক হৈছে - বিনোদ কুমাৰ(৩৮) , মংগল চান্দ মীনা (৩৩) , জগদীশ চান্দ (৩৭) ৷
 এই অপৰাধী চাৰিজন ৰে'ল বিভাগৰ বৈদ্যুতিক বিভাগৰ কৰ্মচাৰী আছিল বুলি জানিব পৰা গৈছে৷ 

ভুক্তভোগী মহিলাগৰাকীয়ে আৰক্ষীক জানিবলৈ দিয়ে যে , তেওঁ স্বামীৰ পৰা বিবাহ-বিচ্ছেদৰ লাভ কৰিবৰ বাবে  আদালতত  যুঁজ দি আছে ৷ বিগত দুইবছৰৰ পৰা তেওঁ সতীশ কুমাৰক জানে আৰু সতীশ কুমাৰে মহিলা গৰাকীক ৰে'ল বিভাগত এটা চাকৰি বিচাৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল আৰু দুয়ো ফোনযোগে যোগাযোগ অব্যাহত ৰাখিছিল৷ পুত্ৰৰ জন্মদিন উপলক্ষে মহিলাগৰাকীক ঘৰলৈ মাতিছিল ধৃত সতীশ কুমাৰে৷ সেই মতে মহিলা গৰাকী ৰাতি প্ৰায় দহ বজাত মেট্ৰ’ যোগে কৃতি নগৰত উপস্থিত হৈছিল৷ সেই ঠাইৰ পৰাই সতীশ কুমাৰে মহিলা গৰাকীক দিল্লী ষ্টেচনৰ ৮-৯ নং প্লেটফৰ্মলৈ লৈ গৈছিল৷ ষ্টেচনৰ বৈদ্যুতিক কাম-কাজ নিয়ন্ত্ৰণ কৰা কোঠাত বহিবলৈ দিছিল মহিলা গৰাকীক। কিছুসময়ৰ পিছতেই সতীশ কুমাৰ লগৰীয়া কেইজনমানৰ সৈতে কোঠালৈ সোমাই আহিছিল আৰু মহিলা গৰাকীক শাৰীৰিক নিৰ্যাতন চলাইছিল৷ 

মহিলা গৰাকীয়ে ৰাতি প্ৰায় ২ বজাত ফোনযোগে আৰক্ষীক এই বিষয়ে অৱগত কৰে। আৰু এই অভিযোগ মৰ্মেই দুই ঘন্টাৰ ভিতৰতে ধৰ্ষণকাৰী কেইজনক আটক কৰা হয়। ধৰ্ষণকাৰী কেইজনক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে বুলিও জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ