--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুনৰ দেশ জোঁকাৰি যোৱা এটা লোমহৰ্ষক ধৰ্ষণ কাণ্ড সংঘটিত হ’ল দেশৰ ৰাজধানী দিল্লীত৷ ৰে'ল বিভাগৰ কৰ্মচাৰীয়ে দলবদ্ধভাৱে ধৰ্ষণ কৰিলে এগৰাকী ৩০ বছৰীয়া মহিলাক। জানিব পৰা  মতে, নতুন দিল্লী ৰে'লৱে ষ্টেচনৰ ৮-৯ নং প্লেটফৰ্মত এই ঘটনাটো সংঘটিত হৈছে৷ আৰক্ষী এই ঘটনাত জড়িত থকাৰ অভিযোগত চাৰিজন ৰে'লৱে কৰ্মীক আটক কৰিছে৷ আটক হোৱা সতীশ কুমাৰ(৩৫) নামৰ ব্যক্তিজনে যোৱা দুইবছৰৰ পৰা মহিলাগৰাকী জানিছিল৷ ভাৰতীয় ৰে'লৱেত চাকৰি দিয়াৰ প্ৰলোভনেৰে মহিলা গৰাকীক ৰে'ল ষ্টেচনলৈ মাতিছিল সতীশ কুমাৰে৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আন তিনিজন লোক হৈছে - বিনোদ কুমাৰ(৩৮) , মংগল চান্দ মীনা (৩৩) , জগদীশ চান্দ (৩৭) ৷
 এই অপৰাধী চাৰিজন ৰে'ল বিভাগৰ বৈদ্যুতিক বিভাগৰ কৰ্মচাৰী আছিল বুলি জানিব পৰা গৈছে৷ 

ভুক্তভোগী মহিলাগৰাকীয়ে আৰক্ষীক জানিবলৈ দিয়ে যে , তেওঁ স্বামীৰ পৰা বিবাহ-বিচ্ছেদৰ লাভ কৰিবৰ বাবে  আদালতত  যুঁজ দি আছে ৷ বিগত দুইবছৰৰ পৰা তেওঁ সতীশ কুমাৰক জানে আৰু সতীশ কুমাৰে মহিলা গৰাকীক ৰে'ল বিভাগত এটা চাকৰি বিচাৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল আৰু দুয়ো ফোনযোগে যোগাযোগ অব্যাহত ৰাখিছিল৷ পুত্ৰৰ জন্মদিন উপলক্ষে মহিলাগৰাকীক ঘৰলৈ মাতিছিল ধৃত সতীশ কুমাৰে৷ সেই মতে মহিলা গৰাকী ৰাতি প্ৰায় দহ বজাত মেট্ৰ’ যোগে কৃতি নগৰত উপস্থিত হৈছিল৷ সেই ঠাইৰ পৰাই সতীশ কুমাৰে মহিলা গৰাকীক দিল্লী ষ্টেচনৰ ৮-৯ নং প্লেটফৰ্মলৈ লৈ গৈছিল৷ ষ্টেচনৰ বৈদ্যুতিক কাম-কাজ নিয়ন্ত্ৰণ কৰা কোঠাত বহিবলৈ দিছিল মহিলা গৰাকীক। কিছুসময়ৰ পিছতেই সতীশ কুমাৰ লগৰীয়া কেইজনমানৰ সৈতে কোঠালৈ সোমাই আহিছিল আৰু মহিলা গৰাকীক শাৰীৰিক নিৰ্যাতন চলাইছিল৷ 

মহিলা গৰাকীয়ে ৰাতি প্ৰায় ২ বজাত ফোনযোগে আৰক্ষীক এই বিষয়ে অৱগত কৰে। আৰু এই অভিযোগ মৰ্মেই দুই ঘন্টাৰ ভিতৰতে ধৰ্ষণকাৰী কেইজনক আটক কৰা হয়। ধৰ্ষণকাৰী কেইজনক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে বুলিও জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু