--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বেছিভাগ মানুহেই নিজৰ ভাগ্য পৰীক্ষা কৰিবলৈ কোনোবা নহয় কোনোবা সময়ত লটাৰী খেলিছে। বহুতৰে বাবে ই এক দৈনন্দিন অভ্যাসত পৰিণত হয়। কিছুমানে লটাৰী কটাবলৈ ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰে, আন কিছুমানে লটাৰী নম্বৰ কৰ্তন কৰিবলৈ বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰে। যদি আপুনিও এই বিজ্ঞানভিত্তিক পদ্ধতিসমূহ মানি লটাৰীত জয়ী হব বিচাৰে তেন্তে আজি আমি লটাৰী টিকটৰ এই বৈজ্ঞানিক পদ্ধতিৰ বিষয়ে আলোচনা কৰিম।

 লটাৰী জয় হোৱাৰ বৈজ্ঞানিক পদ্ধতি-

১. পূৰ্বৰ লটাৰী বিজয়ী নম্বৰবোৰ এবাৰ চাব পাৰে। ১৯৯৭ চনৰ পৰা ২০১৫ চনলৈ জয়লাভ কৰা লটাৰীসমূহত সৰ্বাধিক ১ নম্বৰ আছিল। এই প্ৰতিবেদন অনুসৰি টিকট কিনিব বিচাৰিলে ১টো গুৰুত্বপূৰ্ণ। যদি কোনো ক্ষেত্ৰত ১ নাথাকে তেন্তে উপলব্ধ সংখ্যাৰ মাজৰ পৰা আটাইতকৈ কম নম্বৰটো বাছি লব পাৰে।

 ২. বিভিন্ন অধ্যয়ন অনুসৰি বিজয়ী লটাৰী নম্বৰৰ ৬০ শতাংশই হৈছে ‘১’। ফলত আপুনি এই পদ্ধতি এবাৰ মানি লটাৰীত চেষ্টা কৰিব পাৰে।

 ৩. লটাৰী নম্বৰ নিৰ্বাচনত একেৰাহে দুটা নম্বৰ দিব পাৰে। অৰ্থাৎ ৩-৪, ৪-৫, ৬-৭, ৮-৯ আদি একেৰাহে দুটা নম্বৰ চাই লটাৰীত জয়ী হব পাৰে।

 ৪. লটাৰীত জয়ী হোৱাৰ ক্ষেত্ৰত আপুনি ৮ অৰ্থাৎ ৭ বা ৯ৰ আশে-পাশে নম্বৰ বাছি লব পাৰে। বহুক্ষেত্ৰত পৰ্যৱেক্ষণ কৰা হৈছে যে এনে সংখ্যা বিজয়ী লটাৰী নম্বৰৰ ভিতৰত অধিক।

 ৫. বেছিভাগ ক্ষেত্ৰতে বিজয়ী লটাৰী নম্বৰত বিযোৰ সংখ্যাৰ থাকে। গতিকে আপুনিও লটাৰীত জয়ী হোৱাৰ সময়ত যুগ্ম সংখ্যাতকৈ বিযোৰ সংখ্যাক অধিক গুৰুত্ব দিব পাৰে।

 কিন্তু লটাৰী পাব নে নাপাব সেয়া সম্পূৰ্ণ ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰে। গৱেষণাৰ জৰিয়তে গৱেষকসকলে চিনাক্ত কৰা কিছুমান পদ্ধতিৰ ওপৰত আমি আলোকপাত কৰিবলৈ চেষ্টা কৰিছো। কিন্তু তেওঁলোকক অনুসৰণ কৰি আপুনি নিশ্চয় লটাৰীত জয়ী হব বুলি ধাৰণাটো সম্পূৰ্ণভাৱে ভুল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মণিপুৰৰ ফুটবল ফৰ চেইঞ্জ ছেমি ফাইনেলত
ৰাজ্যত কঠোৰভাৱে বলৱৎ হ'ব গো-সুৰক্ষা আইন
যুদ্ধত জড়িত হ'ব নে নহয় দুসপ্তাহত সিদ্ধান্ত ল'ব ট্রাম্পে
১০০০ ভাৰতীয়ক উদ্ধাৰৰ বাবে ইৰানে খুলি দিলে বন্ধ হৈ থকা আকাশমার্গ
ইজৰাইলৰ সামৰিক ঘাটিত ইৰানৰ আক্ৰমণ
যোৰহাটত ড্ৰাগছ আসক্তৰ আক্ৰমণত আঘাতপ্ৰাপ্ত দুজন
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত