--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় ৰেলপথ ভাৰতৰ পৰিবহণৰ এক প্ৰধান মাধ্যম। ৰেলৰ বাবেই ভাৰতৰ বিকাশ অতি দ্ৰুতগতিত হৈছিল। ৰে’লেৰে বহু লোকে একেলগে বহু দূৰ যাত্ৰা কৰিবলৈ সক্ষম হয়। ৰেলযোগে যাত্ৰা কৰাটো সুবিধাজনক আৰু আৰামদায়ক। বিভিন্ন গাঁও-চহৰৰ মাজত বিস্তৃত ৰে’লপথত চলাচল কৰা ৰে’লসমূহ ভাৰত আৰু ভাৰতৰ জনসাধাৰণৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ।

ভাৰতৰ অধিকাংশ লোকে ৰেলযোগে যাত্ৰা কৰে। সস্তীয়া, সহজ আৰু আৰামৰ লগতে যাত্ৰাৰ সময় বোৰো বেলেগ বেলেগ। কিন্তু আপুনি জানেনে যে ভাৰতীয় ৰে’লৱে আজি এছিয়াৰ দ্বিতীয় বৃহত্তম ৰে’লৱে নেটৱৰ্ক আৰু বিশ্বৰ চতুৰ্থ বৃহত্তম ৰে’লৱে নেটৱৰ্কত পৰিণত হৈছে। ভাৰতত ৰেলপথ প্ৰায় ৯২,০৮১ কিলোমিটাৰ এলেকাত বিস্তৃত হৈ আছে। তদুপৰি যাত্ৰীৰ সুবিধাৰ বাবে ভাৰতত ৮৫০০ ৰে’ল ষ্টেচন আছে। প্ৰতিদিনে প্ৰায় ২ কোটি ২০ লাখ লোক এই ষ্টেচনসমূহৰ পৰা যাত্ৰা কৰে।

দেশৰ ৰে’লৱে ষ্টেচনসমূহক ‘টাৰ্মিনেল’, ‘চেণ্ট্ৰেল’, ‘জংচন’ আৰু ‘ষ্টেচন’কে ধৰি চাৰিটা ভাগত ভাগ কৰা হৈছে। কিন্তু প্ৰশ্ন হয় এই নামবোৰৰ মাজত পাৰ্থক্য কি আছে?

১) টাৰ্মিনেল: টাৰ্মিনেল বা টাৰ্মিনাছ মানে এনে এটা ষ্টেচন য’ৰ পৰা ৰে’লখন আৰু আগবাঢ়িব নোৱাৰিব। অৰ্থাৎ ৰেলখন যি দিশৰ পৰা আহিছিল সেই দিশলৈ উভতি যায়। ভাৰতত এনে ২৭ টা টাৰ্মিনেল আছে, তাৰ ভিতৰত ‘আনন্দ বিহাৰ টাৰ্মিনেল’, ‘ছাত্ৰপতি শিৱাজী টাৰ্মিনাছ’, ‘লোকমান্য তিলক টাৰ্মিনেল’ কিছুমান বিখ্যাত।

২) চেণ্ট্ৰেল : চেণ্ট্ৰেল মানে সেই ষ্টেচনবোৰক বুজায় য’ৰ পৰা বিভিন্ন ঠাইলৈ যাব পাৰি। অৰ্থাৎ একেটা ষ্টেচনৰ পৰা দেশৰ বিভিন্ন প্ৰান্তলৈ যাব পাৰি। ভাৰতত এনে ৫টা কেন্দ্ৰীয় ষ্টেচন আছে, ক্ৰমে ‘মুম্বাই চেণ্ট্ৰেল’, ‘চেন্নাই চেণ্ট্ৰেল’, ‘কানপুৰ চেণ্ট্ৰেল’, ‘ত্ৰিবেন্দ্ৰম চেণ্ট্ৰেল’ আৰু ‘মংগালুৰু চেণ্ট্ৰেল’।

৩) জংচন : ৩টা ভিন্ন পথ থকা এটা ষ্টেচনক জংচন বোলা হয়। ভাৰতত যদিও বহুতো জংচন আছে, তথাপিও আটাইতকৈ ডাঙৰ সংযোগস্থলটো হ’ল মথুৰা। 

৪) ষ্টেচন : ষ্টেচনৰ বাবে এনে কোনো সুকীয়া ব্যাখ্যা নাই। ষ্টেচন হ’ল য’ত ৰে’ল এখন ৰৈ ৰৈ যায়। ভাৰতত সৰু-বৰ মুঠ ৮৫০০ টা ষ্টেচন আছে। ষ্টেচনত কেৱল স্থানীয় ৰেল ৰৈ থাকে বা ডাঙৰ ষ্টেচনত প্ৰৱেশ কৰাৰ আগতে সৰু ৰেল ৰৈ থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু