--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কেন্দ্ৰীয় বিদ্যুৎ প্ৰাধিকৰণে (চি ই এ) বিদ্যুতৰ মাহিলি ফিক্সড্ চার্জ বৃদ্ধি কৰাৰ প্রস্তাৱ দিছে। এই পদক্ষেপৰ ফলত বিদ্যুৎ অতি কমকৈ ব্যৱহাৰ কৰা গ্রাহকসকলেও অধিক হাৰত বিল পৰিশোধ কৰিব লাগিব।

ডিজিটেল ডেস্ক: পেট্রল আৰু ডিজেলৰ দাম বৃদ্ধিৰ পাছত এইবাৰ বিদ্যুৎ বিতৰণ কোম্পানীসমূহে গ্রাহকক আন এক মাধমাৰ শোধোৱাৰ আশংকা আছে। ইয়াৰ ফলত গ্রাহকে বিদ্যুৎ ব্যৱহাৰ কৰক বা নকৰক বিল বৃদ্ধি পোৱাটো নিশ্চিত হৈ পৰিব। কেন্দ্ৰীয় বিদ্যুৎ প্ৰাধিকৰণে আগবঢ়োৱা এটা প্ৰস্তাৱ চৰকাৰে গ্ৰহণ কৰিলে বিদ্যুতৰ গ্ৰাহকে বৰ্ধিত হাৰত বিল পৰিশোধ কৰিবলৈ বাধ্য হ'ব। 


কেন্দ্ৰীয় বিদ্যুৎ প্ৰাধিকৰণে (চি ই এ) বিদ্যুতৰ মাহিলি ফিক্সড্ চার্জ বৃদ্ধি কৰাৰ প্রস্তাৱ দিছে। এই পদক্ষেপৰ ফলত বিদ্যুৎ অতি কমকৈ ব্যৱহাৰ কৰা গ্রাহকসকলেও অধিক হাৰত বিল পৰিশোধ কৰিব লাগিব। আনকি সৌৰ শক্তি ব্যৱহাৰ কৰা উপভোক্তাসকলেও বিদ্যুৎ বিতৰণ কোম্পানীক অধিক হাৰত মাচুল আদায় দিব লগা হ'ব পাৰে। চিই এৰ প্ৰস্তাৱ অনুসৰি কোনো উপভোক্তাই তেওঁৰ ঘৰত এ চি, ফেনৰ দৰে সঁজুলিসমূহ ব্যৱহাৰ নকৰিলেও বা ঘৰত কোনো নাথাকিলেও বৰ্ধিত হাৰত মাহিলি ফিক্সড্ চার্জ দিয়াটো বাধ্যতামূলক হ'ব পাৰে। আন কথাত বিদ্যুতৰ বিলৰ এটা বৃহৎ অংশ ফিক্সড্ চার্জৰূপে আদায় দিব লাগিব। 


ফ'ৰাম অব্ ৰেগুলেটছক দিয়া প্রস্তাৱত চি ই এই এইবুলি উল্লেখ কৰে যে বিদ্যুৎ কোম্পানীসমূহৰ মুঠ ব্যয়ৰ ৩৮-৫৬% অংশ নিৰ্ধাৰিত ব্যয়ৰ ভিতৰত পৰে। ইয়াৰ ভিতৰত ট্রেন্সমিছন আন্তঃগাঁথনি, কৰ্মচাৰীৰ দৰমহা, নেটৱৰ্কৰ চোৱাচিতা আৰু মেৰামতি কৰা আৰু বিদ্যুৎ উৎপাদন কৰা কোম্পানীসমূহক পৰিশোধ কৰা ধনো আছে। ইয়াৰ বিপৰীতে কোম্পানীসমূহে মাহেকীয়া ফিক্সড্ চাৰ্জৰ পৰা মুঠ ৰাজহৰ ৯-২০%হে লাভ কৰে। 


ইফালে এতিয়া বৃহৎ সংখ্যক গ্রাহকে সৌৰ শক্তি ব্যৱহাৰ কৰাৰ ফলতো বিদ্যুৎ কোম্পানীসমূহ লোকচানৰ সন্মুখীন হৈছে। কোম্পানীসমূহে এই নিৰ্ধাৰিত ব্যয়ৰ (ফিক্সড্ কষ্ট) জোৰা মাৰে প্ৰতি ইউনিট বিদ্যুতৰ দাম বৃদ্ধি কৰি। এনে অৱস্থাত সৌৰ পেনেল লগোৱাৰ ফলত প্রতি ইউনিটৰ পৰা হোৱা আয় হ্রাস পাবলৈ ধৰিছে। 


উল্লেখযোগ্য যে সৌৰ শক্তি ব্যৱহাৰ কৰা গ্ৰাহকসকলেও বেকআপ গ্রিড হিচাপে চৰকাৰী আন্তঃগাঁথনি ব্যৱহাৰ কৰে। চি ই এই পর্যায়ক্রমে ফিক্সড্ চাৰ্জ বৃদ্ধি কৰাৰ পৰামৰ্শ দিয়ে। চি ই এই আগবঢ়োৱা পৰামৰ্শ অনুসৰি ঘৰুৱা আৰু কৃষি উপভোক্তাৰ ফিক্সড্ চার্জ বৃদ্ধি কৰি মুঠ ব্যয়ৰ ২৫% কৰাৰ পৰামৰ্শ দিয়া হৈছে। আনহাতে কাৰখানা, শ্বপিং মল আৰু বাণিজ্যিক ভৱনৰ ক্ষেত্রত ফিক্সড্ চার্জ পর্যায়ক্রমে বৃদ্ধি কৰি চাৰি বছৰৰ ভিতৰত ১০০% কৰাৰ পৰামৰ্শ দিয়া হৈছে। 


ইফালে সৌৰ শক্তি ব্যৱহাৰ কৰাসকলে অধিক হাৰত ফিক্সড্ চার্জ দিবলগা হ'ব পাৰে। চি ই এই আগবঢ়োৱা পৰামৰ্শ অনুসৰি ঘৰৰ মূধচত সৌৰ পেনেল লগোৱাসকল আৰু নেট মিটাৰিং ছিষ্টেম ব্যৱহাৰ কৰা গ্ৰাহকৰ বাবে এক সম্পূৰ্ণৰূপে সুকীয়া মাচুল গাঁথনি প্রস্তুত কৰা হ'ব যাতে তেওঁলোকৰ পৰা সুকীয়া হাৰত শুল্ক আদায় কৰিব পৰা যায়। মুঠতে এটা কথা স্পষ্ট হৈ পৰিছে যে অনাগত দিনত দেশৰ মধ্যবিত্ত শ্ৰেণী তথা সাধাৰণ গ্রাহকসকলে মাহিলি ব্যয় আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement