--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বিস্কুট, খোৱা তেল, স্নেছ, নুডল্ফৰ দৰে সামগ্ৰীৰ একাংশ কোম্পানীয়ে দাম বৃদ্ধি কৰিছে। কিন্তু এই সামগ্ৰীসমূহৰ দাম আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

ডিজিটেল ডেস্ক: ইৰান আৰু আমেৰিকাৰ যুদ্ধই দেশৰ অৰ্থনীতিৰ লগতে সৰ্বসাধাৰণৰ দৈনিন্দিন জীৱনতো প্ৰভাৱ পেলাবলৈ লৈছে। শেহতীয়াকৈ চৰকাৰী খণ্ডৰ তেল প্রতিষ্ঠানকেইটাই পেট্রল আৰু ডিজেলৰ দাম প্রতি লিটাৰত তিনি টকাকৈ বৃদ্ধি কৰে।


বিশেষজ্ঞসকলৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্রী উৎপাদন কৰা কোম্পানীসমূহে (এফ এম চি জি) এই বুলি মত প্রকাশ কৰে যে ইন্ধনৰ দাম বৃদ্ধি কেৱল পেট্রল পাম্পতে সীমিত হৈ নাথাকে, ইয়াৰ প্ৰভাৱ নিত্য ব্যৱহাৰ্য ‌সামগ্ৰীত কৰা ঘৰুৱা ব্যয়তো পৰে। 


বিশেষজ্ঞসকলৰ মতে, ইন্ধনৰ দাম বৃদ্ধিয়ে খুচুৰা মুদ্রাস্ফীতিৰ হাৰ ০.১০-০.২৫% বৃদ্ধি কৰিব। ইফালে, পৰিবহণ আৰু উদ্যোগৰ সৈতে সম্পর্ক থকা সংগঠনসমূহে এই বুলি কয় যে ডিজেল, টোল কৰ, টায়াৰ আৰু গাড়ীৰ চোৱা-চিতাত কৰা ব্যয় বৃদ্ধি পোৱাৰ ফলত কোম্পানীসমূহে অচিৰেই বিভিন্ন খণ্ডত দাম বৃদ্ধি কৰিব। বিশেষজ্ঞসকলৰ মতে, আটাইতকৈ উদ্বেগৰ বিষয়টো পেট্রল-ডিজেলৰ দাম বৃদ্ধি নহয়, বৰং ইয়াৰ পৰিবহণ, সামগ্ৰীৰ পৰিবহণ, খাদ্য সামগ্ৰীৰ যোগান আৰ নিত্য ব্যৱহাৰ্য সামগ্রী তথা অত্যাৱশ্যকীয় সেৱাসমূহত পৰা প্ৰভাৱ। 


অল ইণ্ডিয়া ট্রেন্সপ'ৰ্ট ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ মতে, পথেৰে সামগ্ৰীৰ পৰিবহণত হোৱা ব্যয় ২.৫%-ৰ পৰা ৩% বৃদ্ধি পাইছে। ইয়াৰ লগতে টোল কৰ আৰু আন কিছুমান আনুষংগিক ব্যয়ো বৃদ্ধি পাইছে। সংগঠনটোৰ সভাপতি অশোক গোৱেলে জনোৱা মতে, বর্ধিত ব্যয়ৰ একাংশ গ্ৰাহকৰ ওপৰত জাপি দিয়াৰ বাদে আন কোনো বিকল্প তেওঁলোকৰ হাতত নাই। বিশেষজ্ঞসকলৰ লগতে এফ এম চি জি কোম্পানীসমূহে এইবুলি সকীয়নি দিয়ে যে ইন্ধনৰ দাম বৃদ্ধিৰ ফলত পৰিবহণ ব্যয় বৃদ্ধি পাইছে আৰু সেয়েহে নিত্য ব্যৱহাৰ্য ভালেমান সামগ্ৰীৰ দাম লাহে লাহে বৃদ্ধি পাব। 


ইয়াৰ প্ৰভাৱ সৰ্বসাধাৰণৰ ঘৰুৱা বাজেট, গেলামালৰ দোকানৰ বিল আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰীত পৰা দেখিবলৈ পোৱা যাব। ক্ষিপ্র গতিত বিক্ৰী হোৱা উপভোক্তা সামগ্ৰী উৎপাদন কৰা কোম্পানীসমূহে ইতিমধ্যে উৎপাদন ব্যয় বৃদ্ধি পোৱাত উদ্বেগ প্রকাশ কৰিছে। বিস্কুট, খোৱা তেল, স্নেছ, নুডল্ফৰ দৰে সামগ্ৰীৰ একাংশ কোম্পানীয়ে দাম বৃদ্ধি কৰিছে। কিন্তু এই সামগ্ৰীসমূহৰ দাম আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। ডাবৰ ইণ্ডিয়াই বর্ধিত উৎপাদন ব্যয়ৰ জোৰা মৰাৰ বাবে ইতিমধ্যে বিভিন্ন সামগ্ৰীৰ দাম ২-৫% বৃদ্ধি কৰিছে। ডাবৰ ইণ্ডিয়াৰ গ্ল'বেল চি ই অ' মোহিত মালহোত্রাই কয়, 'আমি বিভিন্ন সামগ্রীত দাম ৪% বৃদ্ধি কৰিছোঁ আৰু অচিৰেই পুনৰ দাম বৃদ্ধি কৰাৰ কথা বিবেচনা কৰি থকা হৈছে।' মালহোত্ৰাৰ মতে, এই বছৰত সামগ্ৰীৰ দাম ১০% পর্যন্ত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। 


পার্লে প্রডাক্টছৰ মুখ্য মার্কেটিং বিষয়া ময়ংক শ্বাহে কয় যে কোম্পানীটোৰ উৎপাদিত সামগ্ৰীৰ দাম বৃদ্ধি পোৱাটো নিশ্চিত, তেওঁলোকে কি হাৰত বৃদ্ধি কৰিব সেই বিষয়ে চিন্তা কৰি আছে। ব্রিটানিয়া ইণ্ডাষ্ট্রীজ আৰু হিন্দুস্তান ইউনিলিভাৰেও তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ দাম বৃদ্ধি কৰিব বুলি প্রকাশ কৰে। ইফালে, বেংক অব্ বৰোডাৰ অৰ্থনৈতিক গবেষণা শাখাই প্রকাশ কৰা মতে, দেশত পাইকাৰী মুদ্রাস্ফীতিৰ হাৰ অনিয়ন্ত্ৰিত হৈ পৰাৰ সম্ভাৱনা আছে।


বেংকটোৰ অৰ্থনৈতিক গৱেষণা শাখাৰ মতে, অহা মাহকেইটাত পাইকাৰী মুদ্রাস্ফীতিৰ হাৰ অধিক চাপৰ মাজত থাকিব। যদিহে ইৰান আৰু আমেৰিকা অচিৰেই কোনো চুক্তিত উপনীত নহয়, তেতিয়া ইন্ধনৰ দাম উচ্চ হৈ থাকিব আৰু ইয়াৰ লগতে টকাৰ মূল্য হ্রাস পোৱাৰ ফলত আমদানি ব্যয় অধিক বৃদ্ধি পাব। ইয়াৰ ফলত খাদ্যকে ধৰি বিভিন্ন সামগ্ৰীৰ দাম অধিক বৃদ্ধি পাব। 


ইফালে আই ডি এফ চি ফাৰ্ষ্ট বেংকৰ মুখ্য অর্থনীতিবিদ গৌৰা সেনগুপ্তাই কয় যে ইন্ধনৰ দাম বৃদ্ধিৰ ফলত খুচুৰা মুদ্রাস্ফীতিৰ হাৰ ০.১২% বৃদ্ধি পাব আৰু চলিত মাহত এই হাৰ ৩.৯% হ'ব বুলি অনুমান কৰে। আই চি আৰ এ ৰেটিংছৰ মুখ্য অর্থনীতিবিদ অদিতি নায়াৰে প্ৰকাশ কৰা মতে খুচুৰা মুদ্রাস্ফীতিৰ হাৰ অধিক বৃদ্ধি পাব। ইন্ধনৰ দাম বৃদ্ধিৰ পাছত চাবোন, ছেম্পু, ডিটাৰজেণ্টৰ দৰে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম বৃদ্ধি পোৱাটো নিশ্চিত হৈ পৰিছে। উল্লেখযোগ্য যে দেশত গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ দাম ইতিমধ্যে বৃদ্ধি পাইছে।

উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ